ETV Bharat / state

Self reliant Story : কথাৰে নহয়, কামেৰে নিজৰ পৰিচয় দিয়া বিহালীৰ এজন যুৱক

author img

By

Published : Jun 24, 2022, 8:37 PM IST

কথাৰে নহয়, কামেৰে নিজৰ পৰিচয় দিয়া এজন যুৱক ৷ মন কৰিলে ধন বুটলিব পাৰি বাকৰি মাটিত ৷ প্ৰয়োজন কেৱল একনিষ্ঠ প্ৰচেষ্টাৰ ৷ সকলোকে তাকেই কৰি দেখুৱালে যুৱকজনে ৷ পিছে ক’ৰ এই যুৱকজন ? সবিশেষ এই প্ৰতিবেদনত...

Self reliant Story
কথাৰে নহয়, কামেৰে নিজৰ পৰিচয় দিয়া বিহালীৰ এজন যুৱক

বিহালী, 24 জুন : স্বাৱলম্বিতাৰ এক সুন্দৰ নিদৰ্শন বিশ্বনাথৰ এগৰাকী শিক্ষিত যুৱক ৷ নিজৰ কৰ্মোদ্যমেৰে নিজৰ পৰিচয় দিবলৈ সক্ষম হৈছে বিশ্বনাথৰ বিহালীৰ সমষ্টিৰ হাতীবন্ধা গাঁৱৰ যুৱকজনে (Assam youth become self reliant) ৷ নাম গিৰিণ কটকী ৷

যি সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ ঢাপলি মেলিছে, তেনে সময়ত বিহালীৰ এইগৰাকী শিক্ষিত যুৱকে ঘৰতে লেয়াৰ মুৰ্গীৰ কণী উৎপাদনৰ ফাৰ্ম খুলি উপাৰ্জনৰ পথ মুকলি কৰিবলৈ সক্ষম হৈছে (Self reliant through Egg production) ৷ গিৰিণ কটকীয়ে প্ৰথমে ইউটিউবৰ জৰিয়তে লেয়াৰ মুৰ্গীৰ কণী উৎপাদনৰ কৌশলৰ বুজ লৈছিল ৷

কথাৰে নহয়, কামেৰে নিজৰ পৰিচয় দিয়া বিহালীৰ এজন যুৱক

তাৰ পাচত তেওঁ এই সন্দৰ্ভত যোৰহাটৰ বাহুবলী ফাৰ্মৰ জৰিয়তেও সবিশেষ তথ্য যুগুত কৰিছিল ৷ আনকি এই সন্দৰ্ভত কটকীয়ে কুকুৰা বিভাগৰ (poultry department) উপ পৰিচালক জ্যোতি প্ৰসাদ কলিতাৰ সৈতে যোগাযোগ কৰি দিহা পৰামৰ্শ গ্ৰহণ কৰিছিল ৷ সকলোৰে দিহা-পৰামৰ্শ লৈ এখনি সৰু লেয়াৰ মূৰ্গীৰ ফাৰ্ম আৰম্ভ কৰে ৷

লগতে পঢ়ক : ফাষ্ট ফুডৰ দোকানেৰে স্বনিয়োজনৰ বাট দেখুৱাইছে কৃষ্ণ প্ৰসাদে

মাত্ৰ দুমাহতে তেওঁ এখন বজাৰ দখল কৰিবলৈ সক্ষম হৈছে । আনকি এই কণীৰ জৰিয়তে বিহালী বজাৰত লোকেল কণীৰ চাহিদা পূৰণ কৰিবলৈ সক্ষম হৈছে কটকী । কটকীয়ে প্ৰকাশ কৰা অনুসৰি, বৰ্তমান তেওঁৰ ফাৰ্মখনত ৪৫০ টা মূৰ্গীৰ পৰা দৈনিক ৩৫০ টাকৈ কণী উৎপাদন হৈ আছে । পৰৱৰ্তী সময়ত দৈনিক এহেজাৰ কণী উৎপাদনৰ লক্ষ্যৰে কাম আগবঢ়াই থকা হৈছে বুলি প্ৰকাশ কৰে শিক্ষিত যুৱকগৰাকীয়ে ।

বৰ্তমান অঞ্চলটোৰ নৱ-প্ৰজন্মৰ বাবে এগৰাকী আদৰ্শ যুৱক হিচাপে পৰিগণিত হৈছে গিৰিণ কটকী । নৱ-প্ৰজন্মৰ যুৱক-যুৱতীৰ প্ৰতি গিৰিণ কটকীৰ আহ্বান, ঘৰতেই এনেই বহি থকাতকৈ সকলো হওক কৰ্ম সংস্থাপনমুখী । প্ৰয়োজন হ’লে নৱপ্ৰজন্মক সহায় কৰাৰো প্ৰতিশ্ৰুতি দিছে শিক্ষিত যুৱ ব্যৱসায়ী গিৰিণ কটকীয়ে ।

লগতে পঢ়ক : এজন শিক্ষকে নিবনুৱাক দেখুৱাইছে স্ব-নিৰ্ভৰশীলতাৰ পথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.