ETV Bharat / state

ফাষ্ট ফুডৰ দোকানেৰে স্বনিয়োজনৰ বাট দেখুৱাইছে কৃষ্ণ প্ৰসাদে

author img

By

Published : Jun 17, 2022, 7:34 PM IST

ডেৰ দশক বহিঃৰাজ্যত কটাই মাতৃভূমিলৈ ঘূৰি আহিল বিহালীৰ কৃষ্ণ প্ৰসাদ ৷ উচ্চ শিক্ষাৰে শিক্ষিত হৈয়ো কৃষ্ণ প্ৰসাদে নিজ প্ৰচেষ্টাত গঢ়ি তুলিছে এখন ফাষ্ট ফুডৰ দোকান (Assam youth become self reliant) ৷ ফাষ্ট ফুডৰ লগতে যুৱকজনে বিক্ৰী কৰে বিভিন্ন ফলৰ ৰস ৷ কথাৰে নহয় কামেৰে নিজৰ পৰিচয় দিবলৈ সক্ষম হৈছে বিহালীৰ এই যুৱ ব্যৱসায়ীজনে ৷

Assam youth become self reliant with fast food shop
ফাষ্ট ফুডৰ দোকানেৰে স্বনিয়োজনৰ বাট দেখুৱাইছে কৃষ্ণ প্ৰসাদে

বিহালী, ১৭ জুন : বিহালীৰ এজন যুৱ ব্যৱসায়ী ৷ নাম কৃষ্ণ প্ৰসাদ ভট্টৰায় ৷ উচ্চ শিক্ষাৰে শিক্ষিত হৈয়ো যুৱ ব্যৱসায়ীগৰাকীয়ে নিজ প্ৰচেষ্টাত গঢ়ি তুলিছে এখন ফাষ্ট ফুডৰ দোকান ৷ লক্ষ্য স্বাৱলন্বী হোৱাৰ (Assam youth become self reliant with fast food shop) ৷ যাৰ বাবে চৰকাৰী চাকৰিলৈ বাট নেচাই শিক্ষিত যুৱ ব্যৱসায়ী কৃষ্ণ প্ৰসাদে প্ৰতিদিনাই ওলাই আহে নিজৰ ফাষ্ট ফুডৰ দোকানখনলৈ ৷

এই ফাষ্ট ফুডৰ দোকানখনৰ জৰিয়তে বিহালী বিধান সভা সমষ্টিৰ অন্তৰ্গত ৰাংছালী দলনী গাঁৱৰ কৃষ্ণ প্ৰসাদ ভট্টৰায়ে পোহপাল দিবলৈ সক্ষম হৈছে নিজৰ পৰিয়ালক । কৰ্মসূত্ৰে বিগত ষোল্ল বছৰে ভাৰতৰ বিভিন্ন স্থানত বিশেষকৈ দিল্লী, তামিলনাডু, কেৰালা, বেংগালুৰু আদিত আছিল দলনীৰ কৃষ্ণ প্ৰসাদ ৷অৱশেষত নিজ গৃহভূমি বিহালীলৈ ঘূৰি আহি যুৱকজনে আৰম্ভ কৰিছে এটা ক্ষুদ্ৰ ব্যৱসায়

ফাষ্ট ফুডৰ দোকানেৰে স্বনিয়োজনৰ বাট দেখুৱাইছে কৃষ্ণ প্ৰসাদে

দুবছৰ আগতে বিহালীৰ নাচবৰ আৰু ৰাংছালী দলনী গাঁৱত ঠেলাত ফাষ্টফুডৰ দোকানেৰে আৰম্ভ কৰিছিল এই ব্যৱসায় ৷ আৰু সেই ঠেলাৰ পৰা বৰ্তমান কৃষ্ণই কমাৰ পুখুৰী তিনিআলিত সোণটি দাসৰ মাৰ্কেট চেদত এটি কোঠা ভাড়াত লৈ স্থায়ীভাৱে আৰম্ভ কৰিছে এই ব্যৱসায় ৷ যাৰ ফলত অতি নিয়াৰিকৈ পাঁচজনীয়া পৰিয়ালটো পোহপাল দিবলৈ সক্ষম‌ হৈছে যুৱ ব্যৱসায়ী কৃষ্ণ প্ৰসাদে ৷

ফাষ্ট ফুডৰ উপৰিও বানানা, এপল, বাদাম, মেংগ’, পাইনাপল আদি চেক আৰু জুচ বিক্ৰী কৰে যুৱ ব্যৱসায়ীগৰাকীয়ে । অসমৰ বাহিৰৰ বিভিন্ন স্থানত গৈ কৰ্মসংস্থাপন বিচাৰি ঘূৰি ফুৰাতকৈ অসমতে থাকি নিজা ব্যৱসায় কৰিলে যথেষ্ট লাভ হয় বুলি মন্তব্য কৰে বিহালী যুৱ ব্যৱসায়ী কৃষ্ণ প্ৰসাদে ।

লগতে পঢ়ক : Mushroom farming in Assam: কাঠফুলা খেতিৰে স্বাৱলম্বী হোৱা হাউলীৰ দুই যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.