ETV Bharat / state

এৰী পালনো হ’ব পাৰে জীৱন জীৱিকাৰ মূলপথ

author img

By

Published : Nov 9, 2021, 7:14 PM IST

এৰী পালনে দিব পাৰে জীৱন জীৱিকাৰ পথ ৷ বড়ো সমাজত অতীজৰে পৰা চলি আহিছে এৰী পালনৰ পৰম্পৰা ৷ এতিয়াও অসমমৰ এখন বিশেষ গাঁৱত পুৰণি পৰম্পৰা ধৰি ৰখাৰ প্ৰয়াস কৰিছে বড়ো সম্প্ৰদায়ৰ এদল মহিলাই ৷ ক’ত আছে এই বিশেষ গাঁওখন ? চাওক এই প্ৰতিবেদনত...

eri silkworm being self reliant by ferming
এৰী পালনো হ’ব পাৰে জীৱন জীৱিকাৰ মূলপথ

নলবাৰী, 9 নৱেম্বৰ : বড়োসকলৰ জীৱিকা উপাৰ্জনৰ অন্যতম অংগ হৈছে এৰী পলু পালন । এই এৰী পলু পালন অতীতৰ পৰাই পৰম্পৰাগতভাৱে চলি আহিছে বড়ো সমাজত । আজিও বড়ো সমাজৰ প্ৰায়বোৰ গাঁৱতে দেখিবলৈ পোৱা যায় এৰী পলু পালন ৷

এৰী পালনো হ’ব পাৰে জীৱন জীৱিকাৰ মূলপথ

নলবাৰী জিলাৰ উত্তৰ দিশে অৱস্থিত হাঁহডলি গাঁও কোনো ব্যতিক্ৰম নহয় ৷ হাঁহডলি গাঁৱৰ প্ৰতিঘৰ বড়োলোকে এৰী পলু পালন কৰি চলাই গৈছে জীৱন জীৱিকা । এৰী পলুৰ পৰা এই সকল লোকে এৰী সূতা, এৰীৰ কপাহ তৈয়াৰ কৰে ৷

কিন্তু এই এৰী সূতা অথবা কপাহৰ কষ্ট অনুযায়ী এই বড়ো লোকসকলে নাপায় বজাৰত উচিত চাহিদা । চৰকাৰেও বড়ো সমাজৰ এই সকল এৰী পলু পালকৰ ক্ষেত্ৰত কোনো আঁচনি হাতত লৈ ফলপ্ৰসূ হোৱা দেখা নগ’ল । উল্লেখ্য যে, এৰী পলু পালনৰ দ্বাৰা স্বাৱলম্বী হ’ব পাৰে যদিও চাহিদা কম হোৱা হেতুকে এই সকল লোক যথেষ্ট অসুবিধাৰ সম্মুখীন হ’ব লগা হৈছে ।

লগতে পঢ়ক : ষঠ পূজা আৰু ৰাস মহোৎসৱকলৈ ৰাজ্য চৰকাৰৰ নতুন এছ অ' পি জাৰি

তথাপিও বড়োসকলে অতীজৰে পৰাই এই পলু পালন কৰি এৰী সূতা উৎপাদনত যথেষ্ট অৰিহণা যোগাই আহিছে । আনহাতে, পৰম্পৰাগতভাৱে বড়ো সম্প্ৰদায়ৰ মহিলা ঘৰে ঘৰে এৰী পালন কৰে যদিও বৰ্তমান সময়ত এৰা গছকে ধৰি পলুৰ খাদ্য সামগ্ৰী সংগ্ৰহৰ ক্ষেত্ৰত সৃষ্টি হৈছে বিভিন্ন সমস্যাৰ । তাৰোপৰি এৰীৰ পৰা উৎপাদন কৰা এৰী সূতাকে ধৰি কপাহ আদিৰ কষ্ট অনুযায়ী নাপায় মূল্য ।

এনে ক্ষেত্ৰত চৰকাৰৰ ৰেচম বিভাগে বৰ্তমানৰ উন্নত প্ৰযুক্তি তথা প্ৰয়োজনীয় সা-সৰঞ্জাম যোগানৰ লগতে সাহাৰ্য আগঢ়ালে এৰী পালনৰ জৰিয়তে এই সকল এৰী পালক হ'ব পাৰিব অধিক স্বাৱলম্বী ।

লগতে পঢ়ক : বৰ্ণ বৈষম্যৰ বাবে এলাগি হৈছে নেকি ৰাজ্যৰ একাংশ ক্ৰীড়াবিদ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.