ETV Bharat / state

মুগা পালন কৰি স্বাৱলম্বী শিৱসাগৰৰ এদল শিক্ষিত যুৱক

author img

By

Published : Oct 23, 2021, 3:53 PM IST

youth being self reliant by ferming silk worm
মুগা পালন কৰি স্বাৱলম্বী শিৱসাগৰৰ এদল শিক্ষিত যুৱক

আৰ্থিক স্বাৱলম্বিতাৰ এক নিদৰ্শন হৈছে মুগা পালন ৷ মুগা খেতি কৰি স্বাৱলম্বী হৈছে ৰাজ্যৰ এদল শিক্ষিত যুৱক ৷

আমগুৰি, 23 অক্টোবৰ: শিৱসাগৰৰ কেইজনমান শিক্ষিত যুৱকৰ প্ৰচেষ্টাত গঢ়ি উঠা এটা উন্নয়ন প্ৰকল্প ৷ য’ত ভীৰ কৰিছে একাংশ মুগা পালকে ৷ শিৱসাগৰ জিলাৰ আমগুৰিৰ বৰাহীবাৰী মুগা সঁচ উন্নয়ন প্ৰকল্পৰ কেন্দ্ৰটোৰ জৰিয়তে গ্ৰামাঞ্চলৰ একাংশ শিক্ষিত নিবনুৱাই মুগা পালন কৰি আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ বাট মুকলি কৰিবলৈ সক্ষম হৈছে ।

জিলাখনৰ বৰাহীবাৰী, চাংমাই, দিকচু, নামতি, লালিম ছিগা, ৰ'দ ঘাইটিং, মাহমৰাৰ লগতে ভিন্ন প্ৰান্তৰ খেতিয়কে মুগা পালন কৰে এই কেন্দ্ৰটোত ৷ এই খেতিৰ বাবে প্ৰয়োজনীয় চোমগছ কেন্দ্ৰটোত পৰ্যাপ্ত পৰিমাণে থকাৰ বাবে মুগা পালক সকলে নিয়াৰিকৈ চলাই নিছে এই কাম ৷ কিন্তু বৰ্তমান সময়ত মুগা পালক সকলে যথেষ্ঠ অসুবিধাৰ সন্মুখীন হ’ব লগীয়া হৈছে ৷

মুগা পালন; আৰ্থিক স্বাৱলম্বিতাৰ এক নিদৰ্শন

কিয়নো চাহ বাগানৰ কাষতে এই খেতি কৰাৰ বাবে চাহ বাগানত চটিওৱা দৰৱে কিছু পৰিমাণে ক্ষতি কৰিছে মুগা পালনত ৷

youth being self reliant by ferming silk worm
মুগা পালন কৰি স্বাৱলম্বী শিৱসাগৰৰ এদল শিক্ষিত যুৱক

বস্ত্ৰ উদ্যোগৰ ক্ষেত্ৰত মুগা সূতাৰ আছে সুকীয়া স্থান ৷ অতীতৰে পৰা অসম চহকী এই ক্ষেত্ৰত ৷ পাট-মুগা সূতাৰে প্ৰস্তুত কৰা সাজপাৰ পৰিধান কৰি ইতিমধ্যে দেশৰ আগশাৰীৰ বহু মডেলে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ বিভিন্ন ফেশ্বন শ্ব’ত অংশগ্ৰহণ কৰা দেখা গৈছে ৷ সেয়ে এই উদ্যোগটোক জীয়াই ৰাখিবলৈ প্ৰতিগৰাকী অসমীয়াই প্ৰত্যাহ্বান নেওচি ওলাই আহিব লাগিব ৷

লগতে পঢ়ক : বন্দুক নহয়; এইবাৰ হাতত গদা লৈ এছ পি আনন্দ মিশ্ৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.