ETV Bharat / state

Mushroom farming in Assam: কাঠফুলা খেতিৰে স্বাৱলম্বী হোৱা হাউলীৰ দুই যুৱক

author img

By

Published : Jan 6, 2022, 6:53 PM IST

Self reliant by mushroom cultivation
কাঠফুলা খেতিৰে স্বাৱলম্বী হোৱা হাউলীৰ দুই যুৱক

‘পথাৰো আমাৰ, বজাৰো আমাৰ’ - এই লক্ষ্য আগত ৰাখি স্বাৱলম্বিতাৰ এক সুন্দৰ নিদৰ্শন দেখুৱাইছে হাউলীৰ পৰাভড়ালৰ দুই যুৱকে ৷ কথাৰে নহয় কামেৰে নিজৰ পৰিচয় দিবলৈ সক্ষম হৈছে পৰাভড়ালৰ দুই যুৱক মুন্না নাথ আৰু সদানন্দ নাথে (Assam youth become self reliant with mushroom farming in Barpeta) ৷

বৰপেটা ৫ জানুৱাৰী: স্বাৱলম্বিতাৰ এক সুন্দৰ নিদৰ্শন হৈ পৰিছে হাউলীৰ পৰাভড়ালৰ দুই যুৱক ৷ নাম মুন্না নাথ আৰু সদানন্দ নাথ ৷ একগ্ৰতা আৰু নিষ্ঠাৰে কৰিলে যিকোনো কামতেই যে সফলতা পোৱা যায়, তাৰেই এক উৎকৃষ্ট নিদৰ্শন মুন্না আৰু সদানন্দ (Assam youth become self reliant with mushroom farming in Barpeta) ৷

প্ৰায় ৩ বছৰ পূৰ্বে নিজৰ ঘৰতে কাঠফুলা বা মাছৰুমৰ খেতি আৰম্ভ কৰিছিল ৷ প্ৰথমাৱস্থাত ঘৰৰ এটা চুকত আৰম্ভ কৰা এই কাঠফুলাৰ খেতি এতিয়া চৰ্চা সৰ্বত্ৰে ৷ কিয়নো প্ৰথম অৱস্থাত মুন্না নাথ আৰু সদানন্দ নাথে অকলেই আৰম্ভ কৰিছিল এই খেতিৰ কাম (Mushroom farming in Assam) ৷

বহু কষ্টৰ বলত নিজকে স্বাৱলম্বী কৰাৰ লগতে বৰ্তমান সময়ত মুন্না নাথ আৰু সদানন্দ নাথে আন 5 জন লোককো সংস্থাপিত কৰিবলৈ সক্ষম হৈছে ৷

কাঠফুলা খেতিৰে স্বাৱলম্বী হোৱা হাউলীৰ দুই যুৱক

কেৱল হাউলী বা অসমেই নহয়, নিজৰ ঘৰতে কাঠফুলাৰ খেতি কৰি তেওঁলোকে অসমৰ লগতে বহিঃৰাজ্যৰ বজাৰো দখল কৰিবলৈ সক্ষম হৈছে দুই যুৱকে ৷ বৰপেটাৰোড, হাউলী, কোকৰাঝাৰ আৰু অৰুণাচলৰ ইটানগৰলৈকে তেওঁলোকৰ উৎপাদিত কাঠফুলা ৰপ্তানি কৰা হয় ৷ বৰ্তমান বজাৰত কাঠফুলাৰ যথেষ্ঠ চাহিদা আছে যদিও সেই অনুসৰি তেওঁলোকে উৎপাদন কৰিব পৰা নাই বুলি জানিবলৈ দিয়ে ৷

বৰ্তমান তেওঁলোকে প্ৰায় ৪ হাজাৰ চিলিণ্ডাৰত কাঠফুলা ৰোপণ কৰিছে যদিও পৰবৰ্তী সময়ত আৰু অধিক কাঠফুলা ৰোপন কৰিব বুলি জানিবলৈ দিয়ে ৷ বৰ্তমান তেওঁলোকে প্ৰতিদিনে অতি কমেও ২০ কিঃ লোঃ কাঠফুলা উৎপাদন কৰিবলৈ সক্ষম হৈছে ৷ প্ৰতি কিঃলোঃত পাইকাৰী ১২০ টকা দৰত আৰু খুচুৰা প্ৰায় 200 টকাকৈ বিক্ৰী কৰি মাহেকত প্ৰায় ১ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে দুই কৃষকে ৷

লগতে পঢ়ক : এৰী পালনো হ’ব পাৰে জীৱন জীৱিকাৰ মূলপথ

বৰ্তমান সময়ত দুই স্বাৱলম্বী কৃষকে কোচবিহাৰৰ পৰা বীজ ক্ৰয় কৰি আছে ৷ পৰৱৰ্তী সময়ত তেওঁলোকে নিজে বীজ উৎপাদন কৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷ এই কাঠফুলাৰ খেতিডৰাক লৈ এতিয়া যথেষ্ট আশাবাদী দুই খেতিয়ক ৷

আনহাতে, কাঠফুলাৰ খেতিৰ সমান্তৰালভাৱে দুই যুৱকৰ আছে এখন হাঁহ-কুকুৰাৰ ফাৰ্মো ৷ য’ত আছে প্ৰায় ১২ শ হাঁহ আৰু ৭ শ মুৰ্গী (Commercial poultry farming)। অন্য ব্যৱসায়ৰ তুলনাত হাঁহ-কুকুৰাৰ ব্যৱসায়ো যথেষ্ঠ লাভজনক ব্যৱসায় বুলিও জানিবলৈ দিয়ে মুন্না নাথ আৰু সদানন্দ নাথে ৷

যিটো সময়ত শিক্ষিত যুৱক-যুৱতীসকলে এটা চৰকাৰী চাকৰিৰ বাবে হাহাকাৰ কৰি ফুৰিছে, সেই সময়তে এনেধৰণৰ কৰ্মৰাজীৰেও যে নিজকে স্বাৱলম্বী কৰি তুলিব পাৰি তাৰে উদাহৰণ মুন্না আৰু সদানন্দ ৷ নৱ প্ৰজন্মক নিজকে স্বাৱলম্বী কৰাৰ লগতে আন দহজনকো একেলগে আগুৱাই নিয়াৰ প্ৰয়াস কৰিব লাগে বুলি মত প্ৰকাশ কৰে মুন্না নাথ আৰু সদানন্দ নাথে ৷

লগতে পঢ়ক : Student entrepreneur of Rangia: ৰঙিয়াৰ এগৰাকী ছাত্ৰ উদ্যোগীক লৈ বিশেষ চৰ্চা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.