ETV Bharat / state

Student entrepreneur of Rangia: ৰঙিয়াৰ এগৰাকী ছাত্ৰ উদ্যোগীক লৈ বিশেষ চৰ্চা

author img

By

Published : Dec 3, 2021, 9:03 PM IST

ৰঙিয়াৰ এগৰাকী ছাত্ৰ উদ্যোগী (A student entrepreneur of Rangia)। ইনকিউবেটৰ যন্ত্ৰৰ জৰিয়তে ছাত্ৰজনে হাজাৰ হাজাৰ কুকুৰাৰ পোৱালি জগাইছে । ইয়াৰ জৰিয়তে যথেষ্ট পৰিমাণে উপাৰ্জন কৰাৰ লগতে বহুতলৈ উপাৰ্জনৰ পথ মুকলি কৰিছে ছাত্ৰজনে ।

Student entrepreneur of Rangia
ৰঙিয়াৰ এগৰাকী ছাত্ৰ উদ্যোগীক লৈ বিশেষ চৰ্চা

ৰঙিয়া,৩ ডিচেম্বৰ : ক'ভিড পৰিস্থিতিৰ মাজতে বহুতে নিজৰ সংস্থাপন হেৰুৱাইছে । কিন্তু তাৰ মাজতে কামৰূপ জিলাৰ ৰঙিয়াৰ বালিসত্ৰৰ এজন ছাত্ৰ উদ্যোগীয়ে দেখুৱাইছে অন্যতম নিদৰ্শন (A student entrepreneur of Rangia) । নিজৰ উপাৰ্জনৰ উপৰিও ২০ বছৰীয়া ছাত্ৰজনে আন কেইবাজনৰ বাবেও সংস্থাপনৰ পথ মুকলি কৰিছে । অবিনাশ কলিতা নামৰ ছাত্ৰজনে ইনকিউবেটৰ যন্ত্ৰৰ সহায়ত কণীৰ পৰা কুকুৰাৰ পোৱালি জগাই যথেষ্ট পৰিমাণে লাভৱান হৈছে ।

ইউটিউবৰ ভিডিঅ' চাই অনুপ্ৰেৰণা লাভ কৰিছিল অবিনাশে । তাৰ পাছতে এগৰাকী ব্যক্তিৰ পৰা এই সম্পৰ্কে প্ৰশিক্ষণ লাভ কৰে স্নাতক বৰ্ষৰ ছাত্ৰ অবিনাশে । পাছত ঘৰতে এটা ইনকিউবেটৰ যন্ত্ৰ স্থাপন কৰি প্ৰাৰম্ভিক পৰ্যায়ত তেওঁ কণীৰ পৰা পোৱালি জগাবলৈ আৰম্ভ কৰে ।

ৰঙিয়াৰ এগৰাকী ছাত্ৰ উদ্যোগীক লৈ বিশেষ চৰ্চা

প্ৰথম অৱস্থাত কিছু লোকচানৰ সন্মুখীন হ'লেও ছাত্ৰজনে ধৈৰ্য সহকাৰে কামটো অব‍্যাহত ৰাখিছিল । বৰ্তমান ঘৰতে দুটাকৈ ইনকিউবেটৰ যন্ত্ৰ স্থাপন কৰাৰ উপৰিও বন্ধুৰ সৈতে লগ লাগি এখন ফাৰ্ম খুলিবলৈ যো-জা চলাইছে অবিনাশ কলিতাই ।

লকডাউনৰ সময়ত মাত্ৰ পঞ্চাশ হাজাৰ টকাৰে আৰম্ভ কৰা ব‍্যৱসায়টোৰ পৰা এতিয়া এবছৰৰ পাছত মাহে প্ৰায় ত্ৰিশৰ পৰা চল্লিশ হাজাৰকৈ টকা উপাৰ্জন হয় বুলি জানিবলৈ দিয়ে অবিনাশে (Income through incubator machine) । যিটো সময়ত উঠি অহা প্ৰজন্মই চাকৰি বিচাৰি হাবাথুৰি খাইছে তেনে সময়তে এই গৰাকী ছাত্ৰৰ পদক্ষেপে সকলোকে সন্তুষ্ট কৰি তুলিছে । কেৱল এয়াই নহয় আন বহু নিবনুৱা যুৱকৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে অবিনাশ কলিতা ।

লগতে পঢ়ক:Mushroom Farming: বাক্সা জিলাৰ বৰমাত কাঠফুলা খেতিৰ প্ৰশিক্ষণ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.