ETV Bharat / state

Mushroom Farming: বাক্সা জিলাৰ বৰমাত কাঠফুলা খেতিৰ প্ৰশিক্ষণ

author img

By

Published : Dec 3, 2021, 4:17 PM IST

বাক্সাৰ বৰমাত অনুষ্ঠিত হৈ যায় কাঠফুলা খেতি(Mushroom farming) আৰু কাঠফুলাৰ পৰা প্ৰস্তুত কৰিব পৰা বিভিন্ন খাদ্যৰ এক প্ৰশিক্ষণ শিৱিৰ ৷ উক্ত প্ৰশিক্ষণ শিৱিৰত অংশগ্ৰণ কৰে মুঠ 30 গৰাকী মহিলাই ৷ প্ৰশিক্ষণৰ অন্তত বাক্সা জিলা প্ৰেছ ক্লাৱ(Baska Press Club)ত প্ৰশিক্ষণপ্ৰাপ্ত প্ৰতিগৰাকী সদস্যাক প্ৰমাণপত্ৰ বিতৰণ কৰা হয় ৷

Mushroom farming
বাক্সা জিলাৰ বৰমাত কাঠফুলা খেতিৰ প্ৰশিক্ষণ

বাক্সা, ২ ডিচেম্বৰ: বাক্সা জিলাৰ বৰমাত যোৱা ১৮ নবেম্বৰৰ পৰা ৩০ নবেম্বৰলৈ নাবাৰ্ড(National Bank for Agriculture and Rural Development)ৰ সহযোগত আৰু বিষ্ণুজ্যোতি সমিটি নলবাৰীৰ উদ্যোগত কাঠফুলা খেতি (Mushroom farming) আৰু কাঠফুলাৰ পৰা প্ৰস্তুত কৰিব পৰা বিভিন্ন খাদ্যৰ প্ৰশিক্ষণ দিয়া হয় ৷

বৰমাস্থিত মিনা মাছৰূম ফাৰ্মত চলা প্ৰশিক্ষণ শিবিৰটোত ছটা আত্মসহায়ক গোটৰ মুঠ ৩০ গৰাকী মহিলাই অংশগ্ৰহণ কৰে ৷ প্ৰশিক্ষণৰ অন্তত ২ ডিচেম্বৰত বৰমাস্থিত বাক্সা জিলা প্ৰেছ ক্লাৱ(Baska Press Club)ত প্ৰশিক্ষণপ্ৰাপ্ত প্ৰতিগৰাকী সদস্যাক প্ৰমাণপত্ৰ বিতৰণ কৰা হয় ৷

লগতে পঢ়ক: কাঠফুলা খেতিৰে নিদৰ্শন দাঙি ধৰিছে চাকৰিৰ পৰা বঞ্চিত শিক্ষকে

প্ৰমাণপত্ৰ বিতৰণৰ এই অনুষ্ঠানত উপস্থিত থাকি বাক্সা আৰু নলবাৰী জিলা উন্নয়ন প্ৰৱন্ধক ৰাজিন্দৰ প্ৰেৰণাই প্ৰদান কৰা ভাষণত কয়, মহিলাসকলে ঘৰতে বহি কাঠফুলাৰ খেতি কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে ঘৰখনকো পৰিচালনা কৰিব পাৰে ৷

এই ক্ষেত্ৰত প্ৰয়োজনীয় সহায় নাবাৰ্ডৰ ফালৰ পৰা কৰিব বুলিও তেও উল্লেখ কৰে ৷ সভাত জিলা গ্ৰামীণ জীৱিকা অভিযান বিষয়া বিচিত্ৰ নাৰ্জাৰী, মুছলপুৰ ষ্টেট বেংকৰ বিষয়া প্ৰাঞ্জল দাস আৰু অসম গ্ৰামীন বিকাশ বেংক বৰমাৰ শাখাৰ শাখা পৰিচালক ভানুমতী ব্ৰহ্ম উপস্থিত থাকি ভাষণ আগবঢ়ায় ৷ অনুষ্ঠানটো পৰিচালনা কৰে নলবাৰীৰ বিষ্ণুজ্যোতি সমিটিৰ সম্পাদক পৰেশ ৰাজবংশীয়ে ৷

লগতে পঢ়ক: Fish Food Distribution in Mushalpur : মুছলপুৰত মীন পালকৰ মাজত মাছৰ খাদ্য সামগ্ৰী বিতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.