ETV Bharat / state

মৌ-পালনেৰে স্বনিয়োজনৰ বাট দেখুৱাইছে দাৰা চৌহানে

author img

By

Published : Oct 25, 2021, 3:54 PM IST

মৌ পালনেৰে স্বাৱলম্বী নগাঁৱৰ জখলাবন্ধাৰ দাৰা চৌহান ৷ মাত্ৰ 14 বছৰ বয়সৰ পৰা আৰম্ভ কৰি আজি পৰ্যন্ত কৰি আহিছে মৌ পালন ৷ মৌ-পালন দাৰা চৌহানে দেখুৱালৈ সক্ষম হৈছে স্বৱলম্বীতাৰ এক উৎকৃষ্ট নিদৰ্শন ৷

bee ferming at jokholabondha
স্বৱলম্বীতাৰ উৎকৃষ্ট নিদৰ্শন দাৰা চৌহান

কলিয়াবৰ, 25 অক্টোবৰ : মৌ পালনেৰে স্বাৱলম্বী হোৱা এগৰাকী ব্যক্তি ৷ মাত্ৰ 14 বছৰ বয়সৰ পৰা আৰম্ভ কৰি আজি পৰ্যন্ত কৰি আহিছে মৌ পালন ৷ মৌ পালনৰ এই বৃত্তিৰ লগত জড়িত এই ব্যক্তিগৰাকী হৈছে নগাঁৱৰ জখলাবন্ধাৰ দাৰা চৌহান ৷

৫০ উৰ্ধৰ এইগৰাকী ব্যক্তিয়ে মৌ-পালনেৰে স্বাৱলম্বী হোৱাৰ লগতে আজিৰ প্ৰজন্মৰ বাবে হৈ পৰিছে অনুপ্ৰেৰণাৰ উৎস । কেৱল দেশীয় মৌৱেই নহয়, পশ্চিমীয়া মৌও পালন কৰিছে এই ব্যৱসায়ী গৰাকীয়ে ৷ পশ্চিমীয়া মৌ পালনৰ জৰিয়তেও যথেষ্ট লাভাম্বিত হৈছে দাৰা চৌহান ৷

Apiculture ferming
স্বৱলম্বীতাৰ উৎকৃষ্ট নিদৰ্শন দাৰা চৌহান

বৰ্তমান চৌহানৰ আছে 8 বাহ পশ্চিমীয়া মৌ আৰু চেৰেনা মৌ আছে 10 বাহ ৷ শিক্ষকতাক জীৱনৰ বৃত্তি হিচাপে গ্ৰহণ কৰি অহাৰ পিছতো মৌ-পালনৰে অতিৰিক্তভাৱে উপাৰ্জনৰ বাট মোকলোৱাৰ লগতে উঠি অহা প্ৰজন্মক মৌ-পালনৰ প্ৰতি যোগাই আহিছে উৎসাহ ।

মৌ-পালনেৰে স্বনিয়োজনৰ বাট দেখুৱাইছে দাৰা চৌহানে

মৌ পালনেৰে জীৱিকাৰ পথ মুকলি কৰিবলৈ লোৱা যুৱক-যুৱতী সকলক বিনা মাচুলেৰে প্ৰশিক্ষণ দিয়াৰ পৰিকল্পনাৰ কথাও জনালে ব্যৱসায়ী গৰাকীয়ে ৷ বিভিন্ন সময়ত দাৰা চৌহানে অসম চৰকাৰৰ উদ্যোগত অনুষ্ঠিত মৌ-পালন সম্পৰ্কীয় বিভিন্ন কৰ্মশালাত সমল ব্যক্তিৰূপে অংশ গ্ৰহণ কৰি নিজৰ অভিজ্ঞতাৰে প্ৰশিক্ষাৰ্থীসকলক দি আহিছে প্ৰশিক্ষণ ।

Apiculture ferming
মৌ পালনেৰে স্বাৱলম্বী নগাঁৱৰ জখলাবন্ধাৰ দাৰা চৌহান

নিজ ঘৰতে মৌ-পালনৰ জৰিয়তে মাহিলী প্ৰায় ১৫ ৰ পৰা ২৫ হজাৰ টকা উপাৰ্জন কৰে সফল মৌ-পালক দাৰা চৌহানে । মৌ পালকগৰাকীয়ে ৰাজ্যৰ নিবনুৱা সকলকো মৌ-পালনৰ এই কৰ্মত জড়িত হৈ আত্ম সংস্থাপনৰ বাট মুকলি কৰিবলৈ জনাইছে আহ্বান ৷

লগতে পঢ়ক : দীপাৱলীৰ বজাৰত বৰ্ধিত মূল্যৰ প্ৰভাৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.