ETV Bharat / state

দীপাৱলীৰ বজাৰত বৰ্ধিত মূল্যৰ প্ৰভাৱ

author img

By

Published : Oct 25, 2021, 12:36 PM IST

দীপাৱলীৰ বজাৰত মন্দাৱস্থা ৷ মূল্যবৃদ্ধিৰ প্ৰভাৱ পৰিছে দীপাৱলীৰ বজাৰত ৷ পূৰ্বৰ তুলনাত হ্ৰাস পাইছে গ্ৰাহকৰ সংখ্যা ৷ চিন্তিত থলুৱা ব্যৱসায়ীসকল ৷

diwali story
দীপাৱলীৰ বজাৰত মন্দাৱস্থা

গুৱাহাটী, 25 অক্টোবৰ : পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাথো কেইদিনমান বাকী । সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো চলিছে দীপাৱলীৰ প্ৰস্তুতি । মহানগৰীৰ মৃৎ ব্যৱসায়ীসকলেও মাটিৰ সামগ্ৰী বিশেষকৈ মাটিৰ চাকিৰ বিক্ৰী আৰম্ভ কৰিছে ।

দীপাৱলীৰ বজাৰত মন্দাৱস্থা

কিন্তু পূৰ্বৰ তুলনাত হ্ৰাস পাইছে চাকিৰ বিক্ৰীৰ সংখ্যা । কিয়নো অনিয়ন্ত্ৰিত মূল্যৰ ফলতে বজাৰত চলিছে মন্দাৱস্থা ৷ ইয়াৰ প্ৰভাৱ পৰিছে দীপাৱলীৰ বজাৰতো ৷ এই বিষয়ে মহানগৰীৰ কামাখ্যা গেটৰ ব্যৱসায়ী আনন্দ পালে কয় যে, এইবাৰ গোৱালপাৰা, ধুবুৰী, ৰজাপুখুৰী, নগৰবেৰা, কলংপাৰ আদি স্থানৰ পৰা আমদানি কৰা হৈছে থলুৱা শিল্পীয়ে প্ৰস্তুত কৰা চাকি ৷

আনকি কলকাতাৰ পৰাও অনা হৈছে ৰঙীন চাকি । কিন্তু বজাৰলৈ পূৰ্বৰ দৰে অহা নাই গ্ৰাহক । যিসকল গ্ৰাহক আহিছে সেইসকলেও পূৰ্বৰ তুলনাত কমকৈ চাকি কিনিছে । কিয়নো কৰ’ণা কালৰ পিছত গ্ৰাহকসকলৰ মাজত আৰ্থিক সংকটে দেখা দিছে ।

উল্লেখ্য যে, প্ৰতি বছৰে লক্ষ্মী পূজাৰ পৰাই চাকিৰ বিক্ৰী আৰম্ভ হয় । কৰ’ণা সৃষ্ট পৰিৱেশৰ বাবে বিগত বছৰ মাত্ৰ 40% মাটিৰ চাকি বিক্ৰী হৈছিল । বিগত বছৰৰ তুলনাত এইবাৰ বিক্ৰীৰ সংখ্যা 20% বাঢ়িছে যদিও লক ডাউনৰ পূৰ্বৰ দৰে বিক্ৰী হোৱা নাই ।দীপাৱলী উপলক্ষে পূৰ্বতে মহানগৰীলৈ ৮-১০ লাখ মাটিৰ চাকি বিক্ৰীৰ বাবে আনিছিল ব্যৱসায়ীসকলে । পূৰ্বৰ তুলনাত এইবাৰ প্ৰায় ৩-৪ লাখ চাকিহে বিক্ৰীৰ বাবে আনিছে ৷ কিন্তু তাতেও গ্ৰাহকৰ সেৰেঙা উপস্থিতিয়ে চিন্তিত কৰিছে ব্যৱসায়ীসকলক ৷

আনহাতে, ৰমেশ কুমাৰ প্ৰজাপতি নামৰ আন এগৰাকী ব্যৱসায়ীয়ে কয় যে, মূল্যবৃদ্ধিৰ প্ৰভাৱ বাৰুকৈয়ে পৰিছে মাটিৰ চাকিৰ বজাৰত । পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি হোৱাৰ লগে লগে চাকিৰ দামো প্ৰায় ১০% বৃদ্ধি পাইছে । পূৰ্বৰ তুলনাত এইবাৰ ৫০% চাকিহে মজুত ৰাখিছে ব্যৱসায়ী প্ৰজাপতিয়ে । কিয়নো এইবাৰ গ্ৰাহকৰ সংখ্যাও প্ৰায় ৫০% লৈ হ্ৰাস পাইছে ।

লগতে পঢ়ক : দীপাৱলীৰ ফটকা : প্ৰদূষণ নিয়ন্ত্রণ পৰিষদৰ নিৰ্দেশনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.