ETV Bharat / city

গো-পালনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন উচ্চ শিক্ষিত যুৱকৰ

author img

By

Published : Aug 19, 2021, 10:37 AM IST

গো-পালন কৰি গাখীৰ উৎপাদনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে মৰাণৰ বতামৰাৰ এজন উচ্চ শিক্ষত যুৱকে ৷ এয়া নিসন্দেহে এক ভাল খবৰ ৷

গো-পালনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন উচ্চ শিক্ষিত যুৱকৰ
গো-পালনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন উচ্চ শিক্ষিত যুৱকৰ

মৰাণ, 19 আগষ্ট : ৰাজ্যত অভাৱনীয় হাৰত বৃদ্ধি পাইছে শিক্ষিত নিবনুৱাৰ সংখ্যা ৷ অধিকাংশ শিক্ষিত যুৱক-যুৱতীৰ আশা মাথোন এটা চৰকাৰী চাকৰি ৷ প্ৰায় সংখ্যক উচ্চ শিক্ষিত যুৱক-যুৱতীয়ে চৰকাৰী চাকৰিৰ বাদে অন্য দিশত নিয়োজিত হৈ স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত বিশেষ ইচ্ছা বা আগ্ৰহ প্ৰকাশ কৰা পৰিলক্ষিত নহয় ৷ কিন্তু এনে সময়ত মৰাণৰ বতামৰাৰ এজন উচ্চ শিক্ষিত যুৱকে গো-পালন কৰি গাখীৰ উৎপাদনেৰে দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন ।

মৰাণৰ জয়ন্ত বৰুৱা নামৰ শিক্ষিত যুৱকজনে চৰকাৰী চাকৰিলৈ বাট নাচাই গৰু উৎপাদনেৰে বাচি লৈছে স্বাৱলম্বিতাৰ পথ ৷ বৰ্তমান অঞ্চলটোৰ সকলোৰে আদৰ্শস্বৰূপ হৈ পৰিছে জয়ন্ত ৷ শিক্ষিত যুৱকজনে তিনিবছৰ পূৰ্বে আৰম্ভ কৰিছিল এখন গৰু ফাৰ্ম ৷ প্ৰথমাৱস্থাত কম সংখ্যক গৰু আনি আৰম্ভ কৰা ফাৰ্মখনত বৰ্তমান আছে ২০ জনীকৈ গাইগৰু ৷ য’ৰ পৰা উৎপাদন হয় দৈনিক ৮০-১০০ লিটাৰ গাখীৰ ।

গো-পালনেৰে পৰিয়াল পোহপাল দিছে জয়ন্তই

ফাৰ্মখনত উৎপাদিত গাখীৰ প্ৰতিদিনে মৰাণ অঞ্চলৰ গ্ৰাহকক ঘৰে ঘৰে যোগান ধৰি আহিছে যুৱকজনে । ক্ষুদ্ৰ উদ্যোগী জয়ন্ত বৰুৱাই প্ৰকাশ কৰা অনুসৰি, ধৈৰ্য সহকাৰে এই ব্যৱসায় কৰিলে যথেষ্ট লাভৱান হ’ব পাৰি ৷

গৰুৰ পৰিচৰ্যা তথা খাদ্যৰ নামত কিছু খৰচ হয় যদিও ব্যৱসায়ভিত্তিত এয়া কৰিলে যথেষ্ঠ লাভ হোৱাৰ থল আছে ৷ যুৱকজনে কয় যে, প্ৰতি মাহে গৰুৰ খাদ্যৰ পৰা আৰম্ভ কৰি শ্ৰমিকৰ পাৰিশ্ৰমিকলৈকে প্ৰায় ৭০ হাজাৰ টকা খৰচ হয় ৷ সম্প্ৰতি এই ফাৰ্মত কাম কৰি পৰিয়াল পোহপাল দি আছে জয়ন্তৰ লগতে আন দুগৰাকী যুৱকে ৷

লগতে পঢ়ক: আজি বিশ্ব মানৱতা দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.