ETV Bharat / state

Strawberry cultivation in Assam: ষ্ট্ৰবেৰী খেতিৰে স্বাৱলম্বী গোৱালপাৰাৰ মৃণাল ৰাভা

author img

By

Published : Jan 21, 2022, 2:31 PM IST

Updated : Jan 21, 2022, 4:03 PM IST

গোৱালপাৰা জিলাৰ মৃণাল ৰাভাই ষ্ট্ৰবেৰী খেতিৰ জৰিয়তে স্বাৱলম্বীতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে (Mrinal Rava self-reliant with strawberry cultivation)। শিক্ষকতা কৰাৰ উপৰিও ষ্ট্ৰবেৰী খেতিৰে লাখ লাখ টকা উপাৰ্জন কৰিছে ৰাভাই । বগৰী, আপেল আদিৰো খেতি আৰম্ভ কৰিছে কণ্ঠশিল্পী মৃণাল ৰাভাই ।

Strawberry cultivation in Assam
ষ্ট্ৰবেৰী খেতিৰে স্বাৱলম্বী গোৱালপাৰাৰ মৃণাল ৰাভা

তেজপুৰ, ২১ জানুৱাৰী : ক'ভিড মহামাৰীৰ সময়চোৱাত বিভিন্ন ধৰণে অসমৰ যুৱকসকলে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে । অসমৰ গোৱালপাৰা জিলাৰ মৃণাল ৰাভা নামৰ কণ্ঠশিল্পীগৰাকীও তাৰ ভিতৰত অন্যতম । ২০২১ চনত তেওঁ কৃষিকৰ্মৰ প্ৰতি আকৰ্ষিত হৈছিল আৰু কৃষিত মনোনিৱেশ কৰিছিল । প্ৰথমে আৰম্ভ কৰিলে ৪.৫ বিঘা মাটিত ষ্ট্ৰবেৰীৰ (Strawberry) খেতি ।

প্ৰথম অৱস্থাতে তেওঁ উৎপাদন কৰিলে ৫.৫ টন ষ্ট্ৰবেৰী (Mrinal Rava self-reliant with strawberry cultivation)। ৩৮ বছৰীয়া মৃণাল ৰাভা পেছাত এগৰাকী শিক্ষকো । তেওঁ গুৱাহাটীৰ দিল্লী পাব্লিক স্কুলত কৰ্মৰত যদিও ২০২১ চনৰ লক ডাউনৰ সময়ত অতিৰিক্ত সময় উলিয়াই তেওঁ এই কৃষিকৰ্ম আৰম্ভ কৰিলে । অনলাইন শিক্ষাৰ মাজতে ৰাভাই এই পথ বাছি ল'লে ।

Strawberry cultivation in Assam
ষ্ট্ৰবেৰী খেতিৰে স্বাৱলম্বী গোৱালপাৰাৰ মৃণাল ৰাভা

প্ৰথমে হিমাচল প্ৰদেশৰ পৰা অনা বীজ আৰু স্থানীয় জিলা কৃষি বিভাগৰ পৰা লাভ কৰা বীজ ৰোপণ কৰিলে ৰাভাই । বৰ্তমান ৬.৩ বিঘা মাটিত এই খেতি কৰিছে । পৰৱৰ্তী সময়ত তেওঁ পুনৰ হিমাচল প্ৰদেশৰ পৰা বীজ অনাৰ উপৰিও জিলা কৃষি বিভাগৰ পৰা ২০০০ টা পুলি বিনামূলীয়াকৈ লাভ কৰিলে ।

Strawberry cultivation in Assam
ষ্ট্ৰবেৰী খেতিৰে স্বাৱলম্বী গোৱালপাৰাৰ মৃণাল ৰাভা

কিয়নো যোৱা অক্টোবৰ মাহৰ প্ৰতিকূল বতৰৰ বাবে তেওঁৰ কেইবা হাজাৰ পুলি নষ্ট হয় আৰু নৱেম্বৰ মাহত পুনৰ পুলি ৰোপণ কৰে । ষ্ট্ৰবেৰী খেতি সম্পৰ্কত তেওঁ কয় যে এক আছুতীয়া পৰিৱেশ এই ষ্ট্ৰবেৰীসমূহ ৰোপণ কৰা হয় আৰু বৰ্তমান কিছুমানৰ পৰা ফল আহৰণ কৰিবলৈ সক্ষম হৈছে । ইয়াৰ লগতে বাহিৰৰ পৰা অনা উন্নত মানৰ বিভিন্ন ধৰণৰ বগৰী,অপেলৰো তেওঁ পৃথকে খেতি কৰিছে ।

Strawberry cultivation in Assam
ষ্ট্ৰবেৰী খেতিৰে স্বাৱলম্বী গোৱালপাৰাৰ মৃণাল ৰাভা

ৰাভাই কয় যে ষ্ট্ৰবেৰীৰ চাহিদা বহুত বেছি যদিও সেই হিচাপে ইয়াৰ উৎপাদন যথেষ্ট কম । তেওঁ এতিয়া স্থানীয় বজাৰৰ লগতে বাহিৰৰ বজাৰ দখল কৰিবলৈও চেষ্টা চলাইছে । কোনো ধৰণৰ চৰকাৰী অথবা ব্যক্তিগত বেংকৰ পৰা ঋণ নোলোৱাকৈ আৰু সম্পূৰ্ণ জৈৱিক পদ্ধতিত এই খেতি তেওঁ আৰম্ভ কৰিছে ।

প্ৰথম বছৰ 8 বিঘা মাটিত উৎপাদন হোৱা ফলৰে 8 লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল আৰু বৰ্তমান ফচল আৰম্ভ হৈছে । এই খেতিত ফেব্ৰুৱাৰী মাহৰ পৰা মাৰ্চ মাহৰ শেষৰ ফাললৈ ফল উৎপাদন হয় । এগৰাকী কণ্ঠশিল্পী হিচাপেও পৰিচিত মৃণাল ৰাভাৰ এই পদক্ষেপক এতিয়া সকলোৱে প্ৰশংসা কৰিছে । লগতে তেওঁ কৃষিকৰ্মৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক :হোজাই জিলা পৰিদৰ্শন শিক্ষামন্ত্ৰী-স্বাস্থ্যমন্ত্ৰীৰ

Last Updated : Jan 21, 2022, 4:03 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.