ETV Bharat / state

7 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Dec 10, 2022, 7:34 PM IST

Top 10 at 7 PM
7 বজাৰ 10 টা শীৰ্ষ বাতৰি

7 বজাৰ 10 টা শীৰ্ষ বাতৰি

Himachal New CM Sukhbindar Sing Sukhu: হিমাচল প্ৰদেশৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব সুখৱিন্দৰ সিং সুখু

হিমাচল প্ৰদেশৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব সুখৱিন্দৰ সিং সুখু ৷ দেওবাৰে সুখুৱে শপতগ্ৰহণ কৰাৰ সম্ভাৱনা আছে (New CM of Himachal Pradesh)৷

Minister Chandra Mohan Patowary : ৰাজহুৱাভাৱে দলীয় কৰ্মীক এজাউৰি দিলে মন্ত্ৰী পাটোৱাৰীয়ে

ভাত খাবলৈ গ’ল দলীয় কৰ্মী ৷ সেয়েহে খালী চকীৰ সন্মুখতে ভাষণ দিবলগীয়া হ’ল বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ৷ স্বাভাৱিকতে এই কথাত লাজবোধ কৰিলে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে (Minister Chandra Mohan Patowary)৷ অগ্নিশৰ্মা হৈ ভাষণৰ মাজতে দলীয় কৰ্মীক ভালকৈ এসেকা দিলে মন্ত্ৰীগৰাকীয়ে ৷

Precious stones missing from Taj Mahal: তাজমহলৰ পৰা প্ৰতিবছৰে নিখোজ হৈছে মূল্যবান শিল

শেহতীয়াকৈ আৰটিআইৰ জড়িয়তে তাজমহল সন্দৰ্ভত এক ভয়ানক তথ্য পোহৰলৈ আহিছে ৷ তাজমহলৰ সৌন্দৰ্য বৃদ্ধি কৰা মূল্যবান শিলবোৰ প্ৰতি বছৰে নাইকিয়া হৈ আহিছে (Precious stones missing from Taj Mahal)৷

CM Himanta Biswa Sarma in Biswanath: অসমৰ ৬২ লাখ পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ড

অসমৰ ৬২ লাখ পৰিয়ালে ৰেচন কাৰ্ড লাভ কৰিব ৷ ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ প্ৰতিজন ব্যক্তিয়ে অসম আৰু অসমৰ বাহিৰত ৫ লাখ টকালৈকে বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব ৷ আজি বিশ্বনাথ চাৰিআলিত অনুষ্ঠিত এখন ৰাজহুৱা সভাত এই ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma in Biswanath)৷

CM Bhupendra Patel : ভূপেন্দ্ৰ পেটেলক বিধায়িনী দলৰ নেতা নিৰ্বাচন গুজৰাট বিজেপিৰ

গুজৰাট বিধানসভাৰ নেতা নিৰ্বাচন সন্দৰ্ভত আঞ্চলিক কাৰ্যালয় কমলামত বিজেপি সদস্যসকলৰ এখন বৈঠক অনুষ্ঠিত হয় । উক্ত বৈঠকত ভূপেন্দ্ৰ পেটেলক বিধায়িনী দলৰ নেতা নিৰ্বাচিত কৰা হয় (Bhupendra Patel elected legislative leader) । তাৰ পিছত ভূপেন্দ্ৰ পেটেল আৰু চি আৰ পাটিল ৰাজভৱনলৈ ৰাওনা হয় । ৰাজভৱনত গৈ তেওঁলোকে চৰকাৰ গঠনৰ দাবী কৰিব ।

Robbed gold chain in Guwahati: পিষ্টল দেখুৱাই দুৰ্বৃত্তই লুটি নিলে সোণৰ চেইন

মহানগৰীত পিষ্টলধাৰী যুৱকৰ সন্ত্ৰাস (Crime at Guwahati)। পিষ্টল দেখুৱাই দুৰ্বৃত্তই লুটি নিলে সোণৰ চেইন । মহানগৰীৰ ৰাজগড়ত সংঘটিত হৈছে এই ঘটনা । এইবাৰ ৰাজগড়ৰ ৯ নম্বৰ উপপথত আইকন একাডেমীৰ লাইব্ৰেৰীয়ানৰ মূৰত পিষ্টল লগাই দুৰ্বৃত্তই কাঢ়ি নিলে যুৱতীৰ ডিঙিৰ চেইন(Robbed gold chain) ।

IIT Guwahati Suicide Case : IIT ৰ D-022 নং কোঠাত আত্মহত্যা অধ্যাপকৰ

IIT গুৱাহাটীত পুনৰ আত্মহত্যাৰ ঘটনা (IIT Guwahati Suicide Case) ৷ এইবাৰ আত্মহত্যা কৰিলে অধ্যাপকে ৷ শুকুৰবাৰে অধ্যাপক আৱাসৰ D-022 নং কোঠাত চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰা হয় অধ্যাপক ড৹ সমীৰ কামালৰ মৃতদেহ ৷

নিষ্ঠুৰ স্বামী, বন্ধুৰ সৈতে শুবলৈ বাধ্য কৰিলে পত্নীক

সভ্য সমাজক লজ্জানত কৰা ঘটনা সংঘটিত হৈছে বেংগালুৰুৰ থানিচন্দ্ৰাত । নিষ্ঠুৰ স্বামীয়ে বন্ধুৰ সৈতে শুবলৈ বাধ্য কৰিলে পত্নীক (Husband forced Wife to sleep with friends)। তাৰ পাছত গোপনে তেওঁলোকৰ ফটো আৰু ভিডিঅ' মোবাইল কেমেৰাত বন্দী কৰিলে । কেৱল এয়াই নহয় পত্নীক ব্লেকমেইলো আৰম্ভ কৰিছে স্বামীয়ে ।

FIFA World Cup 2022: আজি অগ্নিপৰীক্ষা মৰক্কো-পর্তুগাল আৰু ইংলেণ্ড-ফ্রান্সৰ

কাটাৰ বিশ্বকাপ ফুটবলৰ শনিবাৰে দ্বিতীয়দিনা কোৱাৰ্টাৰ ফাইনেল খেলত সমুখ-সমৰত লিপ্ত হ’ব চাৰিটাকৈ দল ৷ কোৱাৰ্টাৰ ফাইনেলৰ তৃতীয়খন খেলত মৰক্কোৱে পৰ্তুগালৰ বিৰুদ্ধে আৰু চতুৰ্থখন খেলত ইংলেণ্ডে ফ্রান্সৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ৷ মৰক্কো বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত উপনীত হোৱা প্ৰথম আৰৱ ৰাষ্ট্ৰ তথা চতুৰ্থ আফ্ৰিকান দল(FIFA World Cup 2022 Quarter Finals) ৷

Trending Yoga Asanas: শৰীৰৰ ওজন হ্ৰাস কৰিবলৈ তাৰকাসকলে কৰা যোগাসনৰ বিষয়ে জানক

মালাইকা অৰোৰাকে ধৰি বহু বলীউড অভিনেত্ৰীয়ে নিয়মিতভাৱে কৰে যোগাসন । আজি আমি আপোনালোকক জনাম চাৰ্চ ইঞ্জিন গুগলত ভাইৰেল হৈ থকা যোগাসনৰ বিষয়ে, যিটো আগন্তুক ২০২৩ চনতো ট্ৰেণ্ডত থাকিব পাৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.