ETV Bharat / bharat

CM Bhupendra Patel : ভূপেন্দ্ৰ পেটেলক বিধায়িনী দলৰ নেতা নিৰ্বাচন গুজৰাট বিজেপিৰ

author img

By

Published : Dec 10, 2022, 2:56 PM IST

গুজৰাট বিধানসভাৰ নেতা নিৰ্বাচন সন্দৰ্ভত আঞ্চলিক কাৰ্যালয় কমলামত বিজেপি সদস্যসকলৰ এখন বৈঠক অনুষ্ঠিত হয় । উক্ত বৈঠকত ভূপেন্দ্ৰ পেটেলক বিধায়িনী দলৰ নেতা নিৰ্বাচিত কৰা হয় (Bhupendra Patel elected legislative leader) । তাৰ পিছত ভূপেন্দ্ৰ পেটেল আৰু চি আৰ পাটিল ৰাজভৱনলৈ ৰাওনা হয় । ৰাজভৱনত গৈ তেওঁলোকে চৰকাৰ গঠনৰ দাবী কৰিব ।

BJP
BJP

নিউজ ডেস্ক, ১০ ডিচেম্বৰ : গুজৰাট বিধানসভাৰ নেতা নিৰ্বাচন সন্দৰ্ভত আঞ্চলিক কাৰ্যালয় কমলামত বিজেপি সদস্যসকলৰ এখন বৈঠক অনুষ্ঠিত হয় । উক্ত বৈঠকত ভূপেন্দ্ৰ পেটেলক বিধায়িনী দলৰ নেতা নিৰ্বাচিত কৰা হয় (Bhupendra Patel leader of legislative party) । তাৰ পিছত ভূপেন্দ্ৰ পেটেল আৰু চি আৰ পাটিল ৰাজভৱনলৈ ৰাওনা হয় । ৰাজভৱনত গৈ তেওঁলোকে চৰকাৰ গঠনৰ দাবী কৰিব ।

ভূপেন্দ্ৰ পেটেলক বিধায়িনী দলৰ নেতা নিৰ্বাচন গুজৰাট বিজেপিৰ
ভূপেন্দ্ৰ পেটেলক বিধায়িনী দলৰ নেতা নিৰ্বাচন গুজৰাট বিজেপিৰ

বিধায়িনী দলৰ নেতা নিৰ্বাচিত হোৱাৰ পিছত এক সংবাদমেলত পেটেলে কয়, "গুজৰাটৰ জনসাধাৰণে দেশখনক উন্নত দেশৰ শ্ৰেণীলৈ লৈ যোৱাৰ মোদীৰ সংকল্পক অনুমোদন জনাইছে । মোৰ সদস্যসকল আৰু সংগঠনে গুজৰাটত যথেষ্ট ভাল কাম কৰিব (Gujarat new Chief Minister Bhupendra Patel) । যেতিয়া ৰাইজে 156 খন আসনত দলটোক জয়লাভ কৰাইছে, চৰকাৰৰ পৰা নিশ্চয় তেওঁলোকৰ প্ৰত্যাশা থাকিব (historical win of BJP in Gujarat) ।"

সেয়েহে বিজেপি চৰকাৰে এতিয়ালৈকে কাম কৰি আহিছে আৰু ভৱিষ্যতে সমস্যাসমূহৰ পৰা ওলাই আহিবলৈ চেষ্টা কৰিছে । বিজেপি চৰকাৰৰ ওপৰত ৰখা বিশ্বাস, মোদীৰ ওপৰত ৰখা বিশ্বাস ভংগ নহ'ব । সংকল্প পত্ৰখনক অগ্ৰাধিকাৰ হিচাপে ঘোষণা কৰা হৈছে । অনুচ্ছেদ ৩৭০ বা ৰাম মন্দিৰ । প্ৰথম কেবিনেটত CAA সমিতি গঠন কৰা হৈছে আৰু ইয়াৰ পৰামৰ্শৰ আধাৰত সিদ্ধান্ত লোৱা হ'ব । এতিয়া আমি ৰাজভৱনলৈ যাম আৰু চৰকাৰ গঠনৰ দাবী জনাম বুলিও উল্লেখ কৰে তেওঁ ।

ভূপেন্দ্ৰ পেটেলক বিধায়িনী দলৰ নেতা নিৰ্বাচন গুজৰাট বিজেপিৰ
ভূপেন্দ্ৰ পেটেলক বিধায়িনী দলৰ নেতা নিৰ্বাচন গুজৰাট বিজেপিৰ

উক্ত বৈঠকৰ বাবে কমলামত উপস্থিত হৈছে বিজেপি বিধায়কসকল । কানু দেশায়ে উত্থাপন কৰা প্ৰস্তাৱটোত পূৰ্ণেশ মোদী, শংকৰ চৌধুৰী, মণীষাবেন ভাকিল আৰু ৰমন পাটকাৰে সমৰ্থন জনায় । তেনেদৰেই ভূপেন্দ্ৰ পেটেলৰ নামৰ প্ৰস্তাৱ সৰ্বসন্মতিক্ৰমে গৃহীত হয় (first cabinet of Gujarat newly elected govt) ।

উল্লেখ্য, গুজৰাটত বিজেপিয়ে বৃহস্পতিবাৰে 156 খন আসনৰ সৈতে বিজয়ৰ এক নতুন অভিলেখ গঢ়ে । এই ঐতিহাসিক বিজয়ৰ পিছত এইবাৰ দলটো সাজু হৈছে শপতগ্ৰহণ অনুষ্ঠানৰ বাবে ৷ গুজৰাটৰ মুখ্যমন্ত্ৰীৰূপে ভূপেন্দ্ৰ পেটেলে পুনৰ শপত ল’ব (Bhupendra Patel to take oath as CM on December 12) ৷ নতুন মুখ্যমন্ত্ৰীয়ে ১২ ডিচেম্বৰত গান্ধীনগৰৰ বিধানসভাৰ পিছফালে থকা হেলিপেড খেলপথাৰত শপতগ্ৰহণ কৰিব ।

বিজেপিৰ শপতগ্ৰহণ অনুষ্ঠান মহা সমাৰোহেৰে আয়োজন কৰা কথা জানিব পৰা হৈছে ৷ শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অংশগ্ৰহণ কৰিব । ইয়াৰ উপৰি দেশৰ বিজেপিশাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলেও এই শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা হৈছে ৷

লগতে পঢ়ক :Annual meeting between India and Russia: বাৰ্ষিক সন্মিলনৰ বাবে ৰাছিয়ালৈ নাযায় প্ৰধানমন্ত্ৰী !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.