ETV Bharat / bharat

Trending Yoga Asanas: শৰীৰৰ ওজন হ্ৰাস কৰিবলৈ তাৰকাসকলে কৰা যোগাসনৰ বিষয়ে জানক

author img

By

Published : Dec 10, 2022, 6:53 PM IST

মালাইকা অৰোৰাকে ধৰি বহু বলীউড অভিনেত্ৰীয়ে নিয়মিতভাৱে কৰে যোগাসন । আজি আমি আপোনালোকক জনাম চাৰ্চ ইঞ্জিন গুগলত ভাইৰেল হৈ থকা যোগাসনৰ বিষয়ে, যিটো আগন্তুক ২০২৩ চনতো ট্ৰেণ্ডত থাকিব পাৰে ।

These yoga asanas can remain in trend for weight loss in 2023
শৰীৰৰ ওজন হ্ৰাস কৰিবলৈ তাৰকাসকলে কৰা যোগাসনৰ বিষয়ে জানক

কেৱল সাধাৰণ মানুহৰ বাবেই নহয়, চেলিব্ৰিটিৰ জীৱনশৈলীৰো এটা অংশ হৈ পৰিছে যোগ । মানুহে নিজৰ স্বাস্থ্যৰ প্ৰতি অতি সচেতন হৈ পৰিছে, যাৰ বাবে তেওঁলোকে এতিয়া ৱৰ্কআউটৰ লগতে যোগাসনকো অন্তৰ্ভুক্ত কৰিছে(Trending Yoga Asanas)। আপোনালোকক কওঁ যে, বলীউডৰ অভিনেত্ৰীসকলেও যোগাসনৰ জৰিয়তে নিজৰ ওজন কমাব পৰা ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি থাকে(Bollywood actress yoga asanas)। ওজন হ্ৰাস কৰিবলৈ যোগাসন সদায় অপৰিহাৰ্য বুলি বিবেচিত হৈ আহিছে । এই কাৰণেই ইয়াৰ ট্ৰেণ্ড কেতিয়াও শেষ নহয় ।

মালাইকা অৰোৰাকে ধৰি বহু বলীউডৰ অভিনেত্ৰীয়ে নিয়মিতভাৱে কৰে যোগাসন । আজি আমি আপোনালোকক ক’ম চাৰ্চ ইঞ্জিন গুগলত ভাইৰেল হৈ থকা যোগৰ বিষয়ে, যিটো আগন্তুক ২০২৩ চনতো ট্ৰেণ্ডত থাকিব পাৰে ।

প্লেংক পোজ

আমাৰ পেটৰ চৰ্বি কম কৰাৰ বাবে প্লেংক প’জ(advanced yoga poses) বা চতুৰংগ দণ্ডাসন অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে । ইয়াৰ বাবে পেটৰ তলৰ চৰ্বি বহু পৰিমাণে নিয়ন্ত্ৰণত থাকে ।উল্লেখ্য যে, ইয়াক সূৰ্য নমস্কাৰৰ এটা ৰূপ হিচাপেও দেখা যায় । বৰ্তমান প্লেংকৰ বহু উপকাৰৰ কথা কোৱা হৈছে, যাৰ বাবে এই ভংগীমাটো অতি ট্ৰেণ্ডিং হৈয়েই আছে । অনুমান কৰা হৈছে যে অহা ২০২৩ চনত প্লেংক প’জৰ উন্মাদনা কমি নাযায় ।

যোদ্ধাৰ ভংগীমা

ইয়াক বীৰভদ্ৰাসনা বুলিও জনা যায় । বলীউডৰ অভিনেত্ৰী কৰীণা কাপুৰ খানে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত ৱাৰিয়ৰৰ ভংগীমাৰ সন্দৰ্ভত বহু ভিডিঅ’ শ্বেয়াৰ কৰি থাকে(Bollywood Actresses Who Practice Yoga Daily) । এই ভংগীমাৰে তেওঁ বহুবাৰ যোগৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে । পৌৰাণিক কাহিনী অনুসৰি এই আসন ভগৱান শিৱই সৃষ্টি কৰিছিল ।

ত্ৰিভুজৰ ভংগীমা

বলীউডৰ অভিনেত্ৰী মালাইকা অৰোৰাই প্ৰায়ে নিজৰ ছ’চিয়েল মিডিয়াত ত্ৰিভুজৰ ভংগীমাৰ ভিডিঅ’ শ্বেয়াৰ কৰে(Bollywood divas who swear by yoga)। মালাইকাইও বহুবাৰ প্ৰশংসা কৰিছে । আপোনালোকক কওঁ যে, এই ভংগীমাটো কৰিলে মানসিক চাপও কমি যায় আৰু শৰীৰটো অতি উন্নত অৱস্থাত থাকে। শৰীৰ টোন কৰাৰ বাবে ত্ৰিকোনাসন অতি উত্তম । এই ভংগীমাও আগন্তুক বছৰতো ট্ৰেণ্ডিং হৈ থাকিব পাৰে ।

লগতে পঢ়ক: Yoga For Arthritis: গাঁঠিৰ বিষৰ পৰা উপশম পাবলৈ কৰক এই ৪টা যোগাসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.