ETV Bharat / sports

FIFA World Cup 2022: আজি অগ্নিপৰীক্ষা মৰক্কো-পর্তুগাল আৰু ইংলেণ্ড-ফ্রান্সৰ

author img

By

Published : Dec 10, 2022, 6:30 PM IST

FIFA World Cup 2022 Quarter Finals
আজি অগ্নিপৰীক্ষা মৰক্কো-পর্তুগাল আৰু ইংলেণ্ড-ফ্রান্সৰ

কাটাৰ বিশ্বকাপ ফুটবলৰ শনিবাৰে দ্বিতীয়দিনা কোৱাৰ্টাৰ ফাইনেল খেলত সমুখ-সমৰত লিপ্ত হ’ব চাৰিটাকৈ দল ৷ কোৱাৰ্টাৰ ফাইনেলৰ তৃতীয়খন খেলত মৰক্কোৱে পৰ্তুগালৰ বিৰুদ্ধে আৰু চতুৰ্থখন খেলত ইংলেণ্ডে ফ্রান্সৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ৷ মৰক্কো বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত উপনীত হোৱা প্ৰথম আৰৱ ৰাষ্ট্ৰ তথা চতুৰ্থ আফ্ৰিকান দল(FIFA World Cup 2022 Quarter Finals) ৷

স্পৰ্টছ ডেস্ক, ১০ ডিচেম্বৰ : কাটাৰ বিশ্বকাপ ফুটবলৰ তৃতীয়খন কোৱাৰ্টাৰ ফাইনেলত শনিবাৰে (FIFA World Cup 2022 quarter finals) পৰ্তুগালৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব মৰক্কো (Morocco vs Portugal quarter final match) । প্রি-কোৱার্টাৰ ফাইনেলত স্পেইনক টাইব্রেকাৰত পৰাস্ত কৰিছে মৰক্কোৱে । আনহাতে, ছুইজাৰলেণ্ডক পৰাস্ত কৰি পর্তুগাল কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে । আজি মৰক্কো আৰু পর্তুগালে ছেমি ফাইনেলত স্থানলাভৰ বাবে পৰস্পৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ।

উল্লেখ্য যে, মৰক্কো হৈছে বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত উপনীত হোৱা প্ৰথম আৰৱ ৰাষ্ট্ৰ আৰু ১৯৯০ চনত কেমেৰুনৰ পিছত চতুৰ্থ আফ্ৰিকান দল ৷ ইয়াৰ পূৰ্বে ২০০২ চনত ছেনেগাল আৰু ২০১০ চনত ঘানাই কোৱাৰ্টাৰ ফাইনেলত নিজৰ স্থান নিশ্চিত কৰিছিল ৷ মৰক্কোৱে ইয়াৰ পূৰ্বে দুবাৰকৈ দুখন বিশ্বকাপত পৰ্তুগালৰ বিৰুদ্ধে অৱৰ্তীণ হৈছিল ।

১৯৮৬ চনৰ গ্ৰুপ পৰ্যায়ত মৰক্কো পৰ্তুগালৰ বিৰুদ্ধে ৩-১ গ'লত বিজয়ী হৈছিল ৷ আনহাতে ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে চাৰি বছৰ আগতে ৰাছিয়াত গ্ৰুপ পৰ্যায়ত মৰক্কোৰ বিৰুদ্ধে পৰ্তুগালৰ হৈ একমাত্ৰ গ'লটো কৰি দলটোৰ বিজয়ৰ পথ প্ৰশস্ত কৰিছিল ৷ এইবাৰ তৃতীয়বাৰলৈ বিশ্বকাপত সমুখ সময়ত লিপ্ত হ’ব দুয়োটা দল ৷ কাটাৰৰ আল থুমামা ষ্টেডিয়ামত ভাৰতীয় সময় অনুসৰি নিশা ৮.৩০ বজাত উক্ত খেলখন অনুষ্ঠিত হ'ব ।

ইফালে চতুৰ্থখন কোৱাৰ্টাৰ ফাইনেলত আজি মুখামুখি হ'ব ইংলেণ্ড আৰু ফ্রান্স (England vs France quarter final match) । প্রি-কোৱার্টাৰ ফাইনেলত ইংলেণ্ডে ছেনেগালক আৰু ফ্রান্সে পোলেণ্ডক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান লাভ কৰিছে । কাটাৰৰ আল বায়েট ষ্টেডিয়ামত ভাৰতীয় সময় অনুসৰি নিশা ১২.৩০ বজাত অন্তিমখন কোৱাৰ্টাৰ ফাইনেল খেল অনুষ্ঠিত হ'ব ।

বিশ্বকাপৰ ইতিহাসত ইংলেণ্ড আৰু ফ্ৰান্সে এতিয়ালৈ মুঠ ৩১ খন খেলত মুখামুখি হৈছে ৷ ইয়াৰে ১৭ খনত খেলত ইংলেণ্ড আৰু ৯খন খেলত ফ্ৰান্স জয়ী হৈছিল ৷ আনহাতে ড্ৰ' হৈছিল পাঁচখন খেল । ইংলেণ্ড আৰু ফ্ৰান্সে ইউৰো ২০১২ শেষবাৰৰ বাবে মুখামুখি হৈছিল আৰু খেলখন ১-১ ত ড্ৰ' হৈছিল ৷

লগতে পঢ়ক : FIFA World Cup 2022 : কোৱাৰ্টাৰ ফাইনেলৰ পূৰ্বে ৰোণাল্ডো সন্দৰ্ভত প্ৰতিক্ৰিয়া মৰক্কোৰ প্ৰশিক্ষকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.