ETV Bharat / bharat

Precious stones missing from Taj Mahal: তাজমহলৰ পৰা প্ৰতিবছৰে নিখোজ হৈছে মূল্যবান শিল

author img

By

Published : Dec 10, 2022, 5:31 PM IST

শেহতীয়াকৈ আৰটিআইৰ জড়িয়তে তাজমহল সন্দৰ্ভত এক ভয়ানক তথ্য পোহৰলৈ আহিছে ৷ তাজমহলৰ সৌন্দৰ্য বৃদ্ধি কৰা মূল্যবান শিলবোৰ প্ৰতি বছৰে নাইকিয়া হৈ আহিছে (Precious stones missing from Taj Mahal)৷

RTI query reveals precious stones missing from Taj Mahal every year
Precious stones missing from Taj Mahal: তাজমহলৰ পৰা প্ৰতিবছৰে নিখোজ হৈছে মূল্যবান শিল

নেশ্যনেল ডেস্ক, 10 ডিচেম্বৰ: পৃথিৱীৰ সাতটা আচৰিত বস্তুৰ (সপ্তাশ্চর্য) ভিতৰত তাজমহলো এটা । মোগল সম্ৰাট ছাহজাহানে তেওঁৰ পত্নী আৰজুমান্দ বানু বেগম অৰ্থাৎ মমতাজৰ স্মৃতি চিৰযুগমীয়া কৰি ৰখাৰ উদ্দেশ্যে এই অপূৰ্ব সৌধটি নিৰ্মাণ কৰিছিল ৷ সৌধটি নিৰ্মাণকাৰ্য আৰম্ভ হৈছিল ১৬৩২ খৃষ্টাব্দত আৰু সম্পূৰ্ণ হৈছিল প্ৰায় ১৬৪৮ খৃষ্টাব্দত ৷ তাজমহলক প্ৰেমৰ যুগান্তৰ প্ৰতীক বুলিও জনা যায় ৷

এই তাজমহল নিৰ্মাণ কৰোঁতে বহুতো মূল্যবান শিলৰ ব্যৱহাৰ কৰা হৈছিল ৷ শেহতীয়াকৈ আৰটিআইয়ে তাজমহল সন্দৰ্ভত এক ভয়ানক তথ্য প্ৰকাশ কৰে ৷ তাজমহলৰ সৌন্দৰ্য বৃদ্ধি কৰা মূল্যবান শিলবোৰ প্ৰতি বছৰে নাইকিয়া হৈ আহিছে (Precious stones missing from Taj Mahal)৷ আৰটিআইৰ আবেদন অনুযায়ী এই তথ্য পোহৰলৈ আহিছে ৷ তাজমহলৰ ৰক্ষণাবেক্ষণৰ বাবে দায়বদ্ধ ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ (এএছআই)য়ে মূল্যবান শিলৰ সলনি ডুপ্লিকেট শিল সজাই থৈছে (RTI reveals strange data about Taj Mahal)৷

যোৱা সাত বছৰ ধৰি তাজমহলত বিভিন্ন স্থানত এনেধৰণৰ শিল স্থাপনৰ বাবে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপে (Archaeological Survey of India) 2.5 কোটি টকা ব্যয় কৰিছিল বুলি আৰটিআইৰ তথ্যত প্ৰকাশ পাইছে ৷ এই খবৰ পোহৰলৈ অহাৰ পিছতে আৰটিআইৰ কৰ্মীয়ে তথ্য আয়ুক্তৰ কাৰ্যালয়ৰ পৰা তাজমহলৰ পৰা হেৰোৱা মূল্যবান শিলৰ বিষয়ে তথ্য বিচাৰিছে ৷

তথ্য বিষয়া মহেশ চন্দ্ৰ মীনাই (Information Officer Mahesh Chandra Meena)আৰটিআই (RTI ) প্ৰশ্নৰ উত্তৰত তাজমহলৰ মুখ্য সমাধিক্ষেত্ৰৰ পৰা এই মূল্যবান শিল হেৰোৱা বুলি প্ৰকাশ কৰিছে ৷ সেইবাবে তেওঁলোকে সেই শিলসমূহৰ সলনি পৰ্যটকৰ বাবে সৌন্দৰ্যবৰ্ধন কৰিবলৈ নতুন শিলেৰে সজোৱা বুলি জানিবলৈ দিছে ৷ এই শিলসমূহ স্থাপনৰ বাবে এএছআইৰ দ্বাৰা নিবিদাও আৰম্ভ কৰা হৈছিল ৷

আৰটিআইৰ তথ্য অনুসৰি তাজমহলৰ মূল গম্বুজ, শ্বাহজাহান-মমতাজৰ সমাধি, ৰয়েল গেট আৰু ঐতিহাসিক আশ্চৰ্যটোৰ অন্যান্য অংশৰ পৰা মূল্যৱান শিলবোৰ নাইকিয়া হৈ আহিছে ৷

লগতে পঢ়ক: Cyclone Mandus: দক্ষিণৰ উপকূলত ঘূৰ্ণী বতাহ মাণ্ডুছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.