Robbed gold chain in Guwahati: পিষ্টল দেখুৱাই দুৰ্বৃত্তই লুটি নিলে সোণৰ চেইন

By

Published : Dec 10, 2022, 4:20 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

thumbnail

মহানগৰীত পিষ্টলধাৰী যুৱকৰ সন্ত্ৰাস (Crime at Guwahati)। পিষ্টল দেখুৱাই দুৰ্বৃত্তই লুটি নিলে সোণৰ চেইন । মহানগৰীৰ ৰাজগড়ত সংঘটিত হৈছে এই ঘটনা । এইবাৰ ৰাজগড়ৰ ৯ নম্বৰ উপপথত আইকন একাডেমীৰ লাইব্ৰেৰীয়ানৰ মূৰত পিষ্টল লগাই দুৰ্বৃত্তই কাঢ়ি নিলে যুৱতীৰ ডিঙিৰ চেইন(Robbed gold chain) । শনিবাৰে পুৱা প্ৰায় ৯.৩০ মান বজাত যুৱতীগৰাকী কৰ্মস্থলীলৈ আহি থকা অৱস্থাত পালছাৰ বাইকত হেলমেট পৰিধান কৰি অহা অস্ত্ৰধাৰী দুই যুৱকে লুটি নিয়ে সোণৰ চেইন । যি দৃশ্য বন্দী হৈছে সংশ্লিষ্ট এলেকাৰ চিচিটিভিত(Robbery in Rajgarh) । ৰাজগড়ৰ ৯ নম্বৰ বাইলেনত ঘটনা সংঘটিত কৰি ৬ নম্বৰ বাইলেনেৰে পলায় যায় দুই দুৰ্বৃত্তই । পিছে পিছে স্থানীয় ৰাইজে খেদিছিল যদিও কৰায়ত্ত কৰিব নোৱাৰিলে দুৰ্বৃত্তক । ইতিমধ্যে ঘটনা সন্দৰ্ভত ভুক্তভোগী যুৱতী অন্তৰিকা লহকৰে চান্দমাৰী আৰক্ষী থানাত ৰুজু কৰিছে গোচৰ । উল্লেখযোগ্য যে যোৱা ৩০ নৱেম্বৰতো ৰাজগড়ৰ ১১ নম্বৰ উপপথত সংঘটিত হৈছিল অনুৰূপ ঘটনা । কিন্তু দুৰ্বৃত্তৰ সন্ধান উলিওৱাত ব্যৰ্থ হৈছে চান্দমাৰী আৰক্ষী । এইদৰে মহানগৰীত সঘনাই সংঘটিত হোৱা দিন ডকাইতিকাণ্ডই মহানগৰীৰ স্মাৰ্ট আৰক্ষীৰ ব্যৰ্থতা উদঙাই দিয়াৰ লগতে সৰ্বসাধাৰণ লোক নিৰাপত্তাহীনতাত ভোগা পৰিলক্ষিত হৈছে ।

Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.