CM Himanta Biswa Sarma in Biswanath: অসমৰ ৬২ লাখ পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ড

By

Published : Dec 10, 2022, 6:48 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

thumbnail

অসমৰ ৬২ লাখ পৰিয়ালে ৰেচন কাৰ্ড লাভ কৰিব ৷ ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ প্ৰতিজন ব্যক্তিয়ে অসম আৰু অসমৰ বাহিৰত ৫ লাখ টকালৈকে বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব ৷ আজি বিশ্বনাথ চাৰিআলিত অনুষ্ঠিত এখন ৰাজহুৱা সভাত এই ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma in Biswanath)৷ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়- "চৰকাৰখনে জাতি মাটি ভেটি ৰক্ষাৰ হকে কাম কৰি আহিছে ৷ বিশ্বনাথলৈ বিকাশৰ গংগা নমাই আনিছো । ৩২৫.৭৬ কোটি টকাৰ আঁচনি শুভাৰম্ভ কৰিছো ৷ অহা মাৰ্চ মাহৰ বিধান সভাৰ বাজেট অধিবেশনৰ সময়তে গহপুৰত শ্বহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ (Swahid Kanklata Baruah University) কামো আৰম্ভ কৰিম ৷" ইয়াৰ লগতে আন বহু কেইটা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma)৷

Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.