IIT Guwahati Suicide Case : IIT ৰ D-022 নং কোঠাত আত্মহত্যা অধ্যাপকৰ

author img

By

Published : Dec 10, 2022, 12:20 PM IST

IIT Guwahati Student From Delhi Commits Suicide

IIT গুৱাহাটীত পুনৰ আত্মহত্যাৰ ঘটনা (IIT Guwahati Suicide Case) ৷ এইবাৰ আত্মহত্যা কৰিলে অধ্যাপকে ৷ শুকুৰবাৰে অধ্যাপক আৱাসৰ D-022 নং কোঠাত চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰা হয় অধ্যাপক ড৹ সমীৰ কামালৰ মৃতদেহ ৷

গুৱাহাটী,১০ ডিচেম্বৰ : চৰ্চাত পুনৰ IIT গুৱাহাটী ৷ উচ্চশিক্ষাৰ প্ৰতিষ্ঠান IIT গুৱাহাটীত পুনৰ সংঘটিত হৈছে আত্মহননৰ এক ঘটনা । এইবাৰ আত্মহত্যা কৰিলে এগৰাকী অধ্যাপকে (IIT Guwahati Professor From Delhi Commits Suicide)।

জানিব পৰা মতে, আত্মহত্যা কৰা অধ্যাপকগৰাকীৰ নাম ড৹ সমীৰ কামাল ৷ ৪৭ বছৰীয়া ড৹ সমীৰ কামাল হৈছে গণিত বিভাগৰ অধ্যাপক । অধ্যাপকগৰাকীৰ ঘৰ নতুন দিল্লীত । তথ্য অনুসৰি, প্ৰতিষ্ঠানটোৰ অধ্যাপক আৱাসৰ D-022 নং কোঠাৰ পৰা শুকুৰবাৰে চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰা হয় অধ্যাপকগৰাকীৰ মৃতদেহ (IIT Guwahati Professor Commits Suicide) ।

তাৰ পাচতে IIT গুৱাহাটীত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷ খবৰ দিয়া হয় আৰক্ষীক ৷

খবৰ পোৱাৰ মাত্ৰে ঘটনাস্থলীত উপস্থিত হয় উত্তৰ গুৱাহাটী আৰু আমিনগাঁৱৰ আৰক্ষীৰ লগতে দাণ্ডাধীশ ৷ ঘটনাস্থলীত দাণ্ডাধীশৰ লগতে উত্তৰ গুৱাহাটী আৰু আমিনগাঁৱৰ পৰা যোৱা আৰক্ষীৰ দল উপস্থিত হৈ ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত । ইতিমধ্যে অধ্যাপকগৰাকীৰ মৃতদেহ মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ।

IIT Guwahati Student From Delhi Commits Suicide
আই আই টি গুৱাহাটীত পুনৰ আত্মহত্যাৰ ঘটনা

লগতে পঢ়ক : Teacher commit Suicide: বৰপেটাৰোডৰ গোবৰ্ধনাত টেট শিক্ষকৰ ৰহস্যজনক আত্মহত্যা

এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ প্ৰতিষ্ঠান চৌহদত শোকৰ ছাঁ পৰিছে । কিন্তু কিয় অধ্যাপক ড৹ সমীৰ কামালে আত্মহত্যাৰ দৰে পথ বাচি ল’লে সেই সন্দৰ্ভত কোনো তথ্য বৰ্তমানেও জানিব পৰা নাই যদিও আৰক্ষীৰ তদন্তৰ অন্ততহে সকলো তথ্য পোহৰলৈ আহিব ৷

শুকুৰবাৰে সংঘটিত এই ঘটনা সন্দৰ্ভত IIT গুৱাহাটীৰ কৰ্তৃপক্ষই শনিবাৰে পুৱাৰ ভাগত এক প্ৰেছ বিবৃতিৰ জৰিয়তে ৰাজহুৱা কৰে এই তথ্য ৷ ইফালে অসম আৰক্ষীক সকলো প্ৰকাৰে সহায় কৰা আশ্বাস প্ৰদান কৰিছে আই আই টি কৰ্তৃপক্ষৰ লগতে অধ্যাপক ড৹ সমীৰ কামালৰ পৰিয়ালে ৷

উল্লেখ্য যে, IIT গুৱাহাটীত ইতিমধ্যে আত্মহত্যাৰ বহুকেইটা ঘটনা সংঘটিত হৈছে (IIT Guwahati Suicide Case) । এই লৈ চিন্তিত হৈছে সচেতন মহলো ৷

লগতে পঢ়ক : Mysterious death in Guwahati: ভাড়াঘৰৰ কোঠাৰ ভিতৰত ৰহস্যজনক অৱস্থাত উদ্ধাৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.