ETV Bharat / state

7 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Nov 23, 2022, 7:05 PM IST

Top 10 At 7 PM
7 বজাৰ 10 টা শীৰ্ষ বাতৰি

7 বজাৰ 10 টা শীৰ্ষ বাতৰি

Assam Meghalaya Conflict: অসম আৰক্ষী অলপ নিয়ন্ত্ৰণত থাকিব পাৰিলেহেঁতেন: মুখ্যমন্ত্ৰী

অসম-মেঘালয় সীমান্তত সংঘটিত ভয়াৱহ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa Sarma reacted on border incident) । বুধবাৰে ঘটনা সন্দৰ্ভত মুখ্যমন্ত্রীয়ে নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত কয় যে অসম আৰক্ষীয়ে অলপমান নিয়ন্ত্ৰণত থাকিব পাৰিলেহেঁতেন ।

Tarun Gogoi Death Anniversary : দ্বিতীয় মৃত্যুবার্ষিকীত তৰুণ গগৈক ৰাজ্যজুৰি স্মৰণ

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, পদ্মভূষণ প্ৰয়াত তৰুণ গগৈৰ বুধবাৰে দ্বিতীয় মৃত্যুবার্ষিকী (Tarun Gogoi death anniversary) । মৃত্যুবাৰ্ষিকীত জননেতা তৰুণ গগৈক ৰাজ্যজুৰি স্মৰণ কৰা হয় (Tarun Gogoi remembered on his death anniversary) ।

Meghalaya Cabinet decision: NIA ক তদন্তৰ দায়িত্ব দিয়াৰ পোষকতা মেঘালয় কেবিনেটৰ

পশ্চিম কাৰ্বি আংলং আৰু পশ্চিম জয়ন্তীয়া পাহাৰ জিলাৰ সীমান্তত সংঘটিত সংঘাতৰ পাচতেই মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই আজি সন্ধিয়া আহ্বান কৰা এক জৰুৰী কেবিনেট বৈঠক যোগে লৈছে কেইবাটাও সিদ্ধান্ত (Meghalaya govt Cabinet decision) ৷ 24 নৱেম্বৰত এই ঘটনাক লৈ দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰিব মেঘালয় চৰকাৰৰ এটা দলে (Meghalaya govt to meet central Home minister) ৷ দিল্লীৰ মানৱ অধিকাৰ আয়োগত এই ঘটনাৰ বিষয়ে দাখিল কৰিব অভিযোগ ৷

JIST student attack: দুৰ্বৃত্তৰ আক্ৰমণত আহত যোৰহাট JIST ৰ তিনি ছাত্ৰ

যোৰহাটত শিক্ষাৰ্থীৰ ওপৰত নিশা দুৰ্বৃত্তৰ আক্ৰমণ (Attack on Students in Jorhat) ৷ যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ তিনিগৰাকী ছাত্ৰ গুৰুতৰভাৱে আহত ৷ ঘটনাত জড়িত দুজনক আটক ৷

Lachit Divas 2022: লাচিত দিৱসৰ লগত সংগতি ৰাখি যোৰহাটত পৰম্পৰাগত খেলৰ প্ৰতিযোগিতা

ৰাজ্যৰ ভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচীৰে লাচিত বৰফুকনৰ জন্ম জয়ন্তীৰ আয়োজন কৰা হৈছে (Lachit Borphukan birth anniversary)। যোৰহাট জিলা প্ৰশাসনেও লাচিত দিৱসৰ লগত সংগতি ৰাখি পৰম্পৰাগত খেলৰ প্ৰতিযোগিতাৰ আয়োজন কৰিছে । তাৰ অংশস্বৰূপে পৰম্পৰাগত টেকেলি ভঙা খেলত অংশ লয় যোৰহাট জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মন, অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মন, কবিতা কাকতি কোঁৱৰৰ লগতে বহু কেইগৰাকী বিষয়াই (Indigenous sports competition)।

Robbery in Guwahati: মহানগৰীত চাঞ্চল্যকৰ ডকাইতিকাণ্ড

মহানগৰীত চাঞ্চল্যকৰ ডকাইতিকাণ্ড ৷ নিৰাপত্তাৰক্ষীক হাতে-ভৰিয়ে বান্ধি ডকাইতে চলালে লুটপাত ৷ গনেশগুৰিৰ নয়নপুৰস্থিত ডমিন’জ পিজ্জাত ডকাইতে চলালে লুটপাত (Robbery in Domino’s pizza Guwahati)৷

Patna Crime News : পাটনাত ডাউদ ইব্ৰাহিমৰ নামত বৃদ্ধাক প্ৰৱঞ্চনা

পাটনাত এগৰাকী বৃদ্ধাক ডাউদ ইব্ৰাহিমৰ নামত প্ৰৱঞ্চনা কৰাৰ এটা ঘটনা পোহৰলৈ আহিছে । মহিলাগৰাকীক কেইবা বছৰ ধৰি প্ৰতাৰণা কৰা অহাৰ অভিযোগ উঠিছে । বিষয়টো পোহৰলৈ অহাৰ পিছত পাত্ৰকাৰ নগৰ আৰক্ষী থানাত এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে । আৰক্ষীয়ে সমগ্ৰ বিষয়টো তদন্ত কৰি আছে (Fraud from patna women) ।

Child born in Bathroom: শৌচাগাৰতে সন্তান প্ৰসৱ প্ৰসূতিৰ

নাৰ্ছৰ অৱহেলাৰ বাবেই প্ৰসূতিয়ে হাস্পতালৰ শৌচাগাৰতে জন্ম দিলে সন্তান (Mother gave birth to child in toilet) ! নাৰ্ছ আৰু হাস্পতাল কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ প্ৰসূতিৰ পৰিয়ালৰ । প্ৰসূতিৰ আত্মীয় আৰু আশাকৰ্মীৰ তৎপৰতাত মাতৃ-সন্তানক উদ্ধাৰ ।

Library opened in govt office: হেলেম ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত পুথিভঁৰাল

গহপুৰৰ হেলেম ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত পুথিভঁৰালৰ ব্যৱস্থা(library opened in Gohpur halem circle office) । হেলেম ৰাজহ চক্ৰ কাৰ্যালয়ৰ চক্ৰ বিষয়া লুকুমনি বৰাৰ উদ্যোগত কাৰ্যালয়টোত স্থাপন কৰা হৈছে পুথিভঁৰাল ৷

Why Pankaj Tripathi rejecting offers: পংকজ ত্ৰিপাঠীয়ে কিয় বাৰে বাৰে প্ৰত্যাখ্যান কৰিছে দক্ষিণৰ ছবিৰ অফাৰ ?

সমগ্ৰ বিশ্বতে নিজৰ অভিনৱ অভিনয়েৰে চলচ্চিত্ৰপ্ৰেমীৰ হৃদয়ত সুকীয়া স্থান দখল কৰা অভিনেতা পংকজ ত্ৰিপাঠীয়ে শেহতীয়াকৈ মুকলিকৈ কৈছে যে (Pankaj Tripathi news) কিয় তেওঁ দক্ষিণৰ ছবিত অভিনয় কৰিব নিবিচাৰে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.