Robbery in Guwahati: মহানগৰীত চাঞ্চল্যকৰ ডকাইতিকাণ্ড

author img

By

Published : Nov 23, 2022, 6:12 PM IST

Rubbery in Nayanpur Guwahati

মহানগৰীত চাঞ্চল্যকৰ ডকাইতিকাণ্ড ৷ নিৰাপত্তাৰক্ষীক হাতে-ভৰিয়ে বান্ধি ডকাইতে চলালে লুটপাত ৷ গনেশগুৰিৰ নয়নপুৰস্থিত ডমিন’জ পিজ্জাত ডকাইতে চলালে লুটপাত (Robbery in Domino’s pizza Guwahati)৷

গুৱাহাটী, ২৩ নৱেম্বৰ: গুৱাহাটী মহানগৰীত দিনে দিনে বৃদ্ধি পাবলৈ ধৰিছে অপৰাধজনিত ঘটনা(Increasing criminal incidents day by day) । স্মাৰ্ট আৰক্ষীৰে গিজগিজাই থকা মহানগৰীত পুনৰ সংঘটিত হৈছে ডকাইতিকাণ্ড । দিছপুৰ থানাৰ পৰা প্ৰায় এক কিলোমিটাৰ আতঁৰত সংঘটিত হৈছে চাঞ্চল্যকৰ ডকাইতিৰ ঘটনাটো । মহানগৰীৰ নয়নপুৰত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ডকাইতিকাণ্ডটো ।

মহানগৰীত চাঞ্চল্যকৰ ডকাইতিকাণ্ড

নয়নপুৰৰ ডমিন'জ পিজ্জা নামৰ ব্যৱসায় প্ৰতিষ্ঠানখনত পুৱতি নিশা ডকাইতে চলাই লুটপাত (Robbery in Domino’s pizza guwahati)। ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ নিৰাপত্তাৰক্ষী জিতেন বৰ্মনক হাতে ভৰিয়ে বান্ধি ৩ জনীয়া দুৰ্বৃত্তই প্ৰতিষ্ঠানখনৰ ভিতৰত চলালে লুটপাত । ডকাইতিকাণ্ডটো পুৱতি নিশা ৪ বজাত সংঘটিত হৈছে বুলি জানিব পৰা গৈছে ।

ব্যৱসায় প্ৰতিষ্ঠানখনৰ ছাটাৰ খুলি প্ৰতিষ্ঠানখনৰ ভিতৰত প্ৰৱেশ কৰে ডকাইতৰ দলটোৱে । ডকাইতৰ দলটোৰ দুজনে প্ৰতিষ্ঠানখনৰ নিৰাপত্তাৰক্ষী জিতেন বৰ্মনক হাতে ভৰি বান্ধি লকাৰ ভাঙিবলৈ ব্যৰ্থ প্ৰচেষ্টা চলায় । আন দিনৰ দৰে কালিও জিতেন বৰ্মনে নিশা নিজা কৰ্মৰ বাবে ব্যৱসায়িক প্ৰতিষ্ঠানখনলৈ আহিছিল । পুৱতি নিশা ডকাইতৰ দলটো ব্যৱসায়িক প্ৰতিষ্ঠানখনত প্ৰৱেশ কৰি জিতেন বৰ্মণৰ হাত ভৰি বান্ধি লুটপাত চলোৱাৰ লগতে মোবাইল পৰ্যন্ত কাঢ়ি লৈ যায় ।

পুৱা ব্যৱসায় প্ৰতিষ্ঠানখনলৈ আন কৰ্মচাৰীসকল অহাত সমগ্ৰ ঘটনা পোহৰলৈ আহে । ঘটনা সন্দৰ্ভত উপ-আৰক্ষী আয়ুক্ত সুধাকৰ সিঙে প্ৰতিষ্ঠানখনৰ নিৰাপত্তাৰক্ষী জিতেন বৰ্মনক হাতে ভৰি বান্ধি প্ৰতিষ্ঠানখনত ডকাইতৰ দলটোয়ে লুটপাতৰ চেষ্টা চলোৱা বুলি উল্লেখ কৰাৰ লগতে প্ৰতিষ্ঠানখনৰ CCTV বিকল বুলি জানিবলৈ দিয়ে । ডকাইতৰ দলটোৱে ব্যৱসায় প্ৰতিষ্ঠানৰ কেচ লকাৰ ভঙা চেষ্টা কৰে যদিও কেচত থকা টকা নিবলৈ সক্ষম নহ’ল বুলি জানিবলৈ দিয়ে ।

ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ ৪ গৰাকী কৰ্মচাৰীক সোধপোছৰ বাবে লৈ যোৱা হৈছে বুলি আৰক্ষী সূত্ৰত প্ৰকাশ । সমগ্ৰ ঘটনাৰ সৈতে প্ৰতিষ্ঠানখনৰ কোনো কৰ্মচাৰী জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে উপ-আৰক্ষী আয়ুক্ত সুধাকৰ সিঙে । ইতিমধ্যে কাম এৰি যোৱা কৰ্মচাৰীকো সোধপোছৰ বাবে মতা হ'ব বুলি জানিবলৈ দিছে আৰক্ষীয়ে ।

লগতে পঢ়ক: Assam Meghalaya Conflict: অসম আৰক্ষী অলপ নিয়ন্ত্ৰণত থাকিব পাৰিলেহেঁতেন: মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.