Patna Crime News : পাটনাত ডাউদ ইব্ৰাহিমৰ নামত বৃদ্ধাক প্ৰৱঞ্চনা

author img

By

Published : Nov 23, 2022, 6:24 PM IST

Patna

পাটনাত এগৰাকী বৃদ্ধাক ডাউদ ইব্ৰাহিমৰ নামত প্ৰৱঞ্চনা কৰাৰ এটা ঘটনা পোহৰলৈ আহিছে । মহিলাগৰাকীক কেইবা বছৰ ধৰি প্ৰতাৰণা কৰা অহাৰ অভিযোগ উঠিছে । বিষয়টো পোহৰলৈ অহাৰ পিছত পাত্ৰকাৰ নগৰ আৰক্ষী থানাত এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে । আৰক্ষীয়ে সমগ্ৰ বিষয়টো তদন্ত কৰি আছে (Fraud from patna women) ।

নিউজ ডেস্ক, ২৩ নৱেম্বৰ : বিহাৰৰ ৰাজধানী পাটনাৰ কংকৰবাগৰ নিউ চিত্ৰগুপ্ত নগৰৰ এগৰাকী ৫০ বছৰীয়া মহিলাক সন্ত্ৰাসবাদী ডাউদ ইব্ৰাহিমৰ ভয় দেখুৱাই ২০-২৫ লাখ টকাৰ এক প্ৰতাৰণা কৰা হৈছে (Fraud from patna women) । কেৱল সেয়াই নহয়, অপৰাধীসকলে মহিলাগৰাকীৰ একাউণ্টৰ পৰা তিনি কোটি টকাৰ লেনদেনো কৰিছে (Patna Crime News) । এই লেনদেন আৰটিজিএছ (RTGS) আৰু এনইএফটিৰ (NEFT) জৰিয়তে কৰা হৈছে ।

বৃদ্ধাগৰাকীৰ বিবৃতিৰ ওপৰত ভিত্তি কৰি পাটনাৰ পাত্ৰকাৰ নগৰ আৰক্ষী থানাত জালিয়াতিকে ধৰি অন্যান্য ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে (Underworld don dawood ibrahim) । তাৰ পিছতে আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰে । পাত্ৰকাৰ নগৰ আৰক্ষীৰ বিশেষ সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি, এজাহাৰ দাখিলৰ পিছত বহুতো প্ৰশ্ন উত্থাপিত হৈছে । প্ৰকৃততে মহিলাগৰাকীক অভিযুক্তই কেনেকৈ ট্ৰেক কৰিলে, অভিযুক্তৰ সৈতে তেওঁৰ পৰিচয় কেনেদৰে হ'ল, গোচৰটো প্ৰৱঞ্চনাৰ নে মহিলাগৰাকীও আন কোনো গেঙৰ লগত জড়িত এই সকলোবোৰ বিষয়ৰ তদন্ত চলি আছে (Fraud in name of Dawood Ibrahim in Patna) ।

পাত্ৰকাৰ নগৰ আৰক্ষী থানাত দাখিল কৰা এজাহাৰ অনুসৰি, ধন লোৱা লোকসকলে যোৱা 5 ৰ পৰা 7 বছৰ ধৰি মহিলাগৰাকীক প্ৰতাৰণা কৰি আহিছে । মহিলাগৰাকীক প্ৰতিবাৰেই সন্তান আৰু স্বামীৰ মৃত্যুৰ ভাবুকি দিয়া হৈছিল । মহিলাগৰাকীয়ে আৰক্ষীক জনোৱা মতে, তেওঁৰ সন্তান মুম্বাই আৰু দিল্লীত বাস কৰে । তেওঁৰ একাউণ্ট ব্যৱহাৰ কৰা লোকসকলে মহিলাগৰাকীক জনাই আছিল যে তেওঁৰ সন্তানসকলে কোন সময়ত কি কৰি আছে, কি পিন্ধি আছে আৰু তেওঁলোক ক'ত আছে ।

ইয়াৰ পিছত যেতিয়া মহিলাগৰাকীয়ে এই বিষয়ে তেওঁৰ সন্তানক সুধিছিল, তেতিয়া সকলো কথা সঁচা বুলি কৈছিল । তাৰ পিছৰ পৰাই মহিলাগৰাকীয়ে এক ভয় ভাবত জীয়াই থাকিবলৈ আৰম্ভ কৰে আৰু তেওঁৰ সন্তান আৰু পৰিয়ালৰ সুৰক্ষাৰ বাবে তেওঁ আনকি পৰিয়ালৰ সদস্যসকলৰ সৈতেও এই কথা পতা নাছিল ।

অৱশেষত কুখ্যাত অপৰাধী ডাউদ ইব্ৰাহিমৰ ভয় দেখুৱাই প্ৰতাৰণা কৰা অপৰাধীসকলক মহিলাগৰাকীয়ে যেতিয়া একাউণ্টৰ পৰা অধিক ধনৰ লেনদেন কৰিবলৈ আৰম্ভ কৰে, তেতিয়া তেওঁলোকে ই-মেইল আৰু মোবাইলৰ জৰিয়তে আয়কৰ বিভাগলৈ (Income tax department)এই বিষয়ে তথ্য প্ৰেৰণ কৰে । উক্ত তথ্যত উল্লেখ কৰা হৈছিল যে তেওঁৰ একাউণ্টৰ পৰা ৩ কোটি টকাৰ লেনদেন হৈছে । ইয়াৰ পিছতে মহিলাগৰাকীৰ স্বামীয়ে সকলো কথা জানিব পাৰে । মহিলাগৰাকীয়ে সকলোকে ইমান দিনে ভোগ কৰি অহা তেওঁৰ কষ্টৰ বিষয়ে বৰ্ণনা কৰে । তাৰ পিছতে বিষয়টো গৈ আৰক্ষীৰ ওচৰ পায় ।

আনহাতে, পাত্ৰকাৰ নগৰ আৰক্ষী থানাত দাখিল কৰা এজাহাৰ অনুসৰি, বৃদ্ধ মহিলাগৰাকীয়ে গোচৰটোত ১৯ জন অভিযুক্তৰ নাম উল্লেখ কৰিছে । এই আটাইকেইজনেই মহিলাগৰাকীক ফোন কৰিছিল । লগতে এজাহাৰখনত মোবাইল নম্বৰকেইটাও উল্লেখ কৰা হৈছে । মহিলাগৰাকীৰ মতে, তেওঁৰ একাউণ্টত লেনদেন কৰি থকা অপৰাধীসকলে কৈছিল যে তেওঁলোকে আয়কৰ বিভাগৰ বিষয়াসকলকো চিনা পায় । আনহাতে, মহিলাগৰাকীৰ ঘৰত অভিযান চলাই তেওঁৰ স্বামীক কাৰাগাৰলৈ প্ৰেৰণ কৰাৰো ভাবুকি দিয়া হৈছিল । তাৰ পিছতে মহিলাগৰাকীয়ে ভয়তে অপৰাধীসকলৰ নিৰ্দেশত আইচিআইচিআই বেংকত দুটা একাউণ্ট খোলে । অপৰাধীসকলে মহিলাগৰাকীৰ পৰা একাউণ্টৰ পাছৱৰ্ড আৰু অ'টিপিও বিচাৰি থকা বুলি তেওঁ প্ৰকাশ কৰে ।

লগতে পঢ়ক :JIST student attack: দুৰ্বৃত্তৰ আক্ৰমণত আহত যোৰহাট JIST ৰ তিনি ছাত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.