JIST student attack: দুৰ্বৃত্তৰ আক্ৰমণত আহত যোৰহাট JIST ৰ তিনি ছাত্ৰ

author img

By

Published : Nov 23, 2022, 5:35 PM IST

Miscreant attacked student in Jorhat

যোৰহাটত শিক্ষাৰ্থীৰ ওপৰত নিশা দুৰ্বৃত্তৰ আক্ৰমণ (Attack on Students in Jorhat) ৷ যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ তিনিগৰাকী ছাত্ৰ গুৰুতৰভাৱে আহত ৷ ঘটনাত জড়িত দুজনক আটক ৷

টীয়ক, 23 নৱেম্বৰ: কাকজানস্থিত যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ সন্মুখত মঙলবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ কাণ্ড (Miscreant attacked student in Jorhat)। শিক্ষানুষ্ঠানখনৰ তিনিজন ছাত্ৰই নিশা কাষতে থকা এখন ধাবাত নিশাৰ আহাৰ গ্ৰহণ কৰি আহি থাকোতে এখন বাহনত অহা কেইজনমান যুৱকৰ সৈতে বাক বিতণ্ডাৰ সৃষ্টি হয় ৷ ঘাইপথৰে দ্ৰুত বেগত যোৱা বাহনখনৰ আৰোহীক ছাত্ৰকেইজনে কিয় দ্ৰুত বেগত গৈছে বুলি প্ৰশ্ন কৰাত দুয়ো পক্ষৰ মাজত তৰ্ক-বিতৰ্ক হয় ৷

দুৰ্বৃত্তৰ আক্ৰমণত আহত যোৰহাট JIST ৰ তিনি ছাত্ৰ

পৰৱৰ্তী গাড়ীৰ পৰা নামি আৰোহী কেইজনে চোকা অস্ত্ৰৰে ছাত্ৰ তিনিজনক আক্ৰমণ কৰি পলায়ন কৰে (Attack on Students in Jorhat)। ইপিনে গুৰুতৰভাৱে আহত ছাত্ৰ কেইজনক ৰাইজৰ সহযোগত আৰক্ষীয়ে ততাতৈয়াকৈ নিশাই যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । আহত ছাত্ৰ কেইজন ক্ৰমে পঞ্চম যাণ্মাসিকৰ পাৰ্থ প্ৰতিম হাজৰিকা, স্বৰাজ দেউৰী আৰু ৰক্তিম ৰোচন গগৈ ।

ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত সীমান্ত বৰা আৰু পাপু পায়েং নামৰ দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে (Police detained two person involved in Student attack) ৷ কিন্তু মূল অভিযুক্ত এতিয়াও পলাতক । ইপিনে ছাত্ৰকেইজনৰ অভিভাৱক আহি ইতিমধ্যে লাহদৈগড় আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে আৰু আৰক্ষীয়েও তদন্ত অব্যাহত ৰাখিছে ।

কাকজানত সংঘটিত এই আক্ৰমণৰ ঘটনাক গৰিহণা দিছে সদৌ অসম যোৰহাট জিলা সমিতিয়ে ৷ যোৰহাটৰ আছু কৰ্মীসকলে এই ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে ৷ আহত ছাত্ৰকেইজনৰ এগৰাকী সহপাঠীয়ে জনোৱা মতে, প্ৰথমে বাহখনৰ আৰোহী কেইজন আঁতৰি গৈছিল যদিও উভতি আহি ছাত্ৰ কেইজনক আক্ৰমণ কৰে ৷ ছাত্ৰ কেইজনে তীব্ৰবেগী বাহনখনৰ ফটো উঠোৱাৰ বাবেই প্ৰথমে তৰ্কাতৰ্কি হয় ৷ তাৰ পাচত ছাত্ৰ কেইজনে গাড়ী ইমান বেগত কিয় চলোৱা বুুলি প্ৰশ্ন কৰাত বাক বিতণ্ডাই সংঘাতৰ ৰূপ লয় ৷ বৰ্তমান আহত ছাত্ৰ তিনিজনৰ অৱস্থা কিছু সুস্থিৰ বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: Chirang Teacher Attack : চিৰাঙত ছাত্ৰীক দুৰ্ব্যৱহাৰ কৰা শিক্ষকক প্ৰহাৰ অভিভাৱকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.