Assam Meghalaya Conflict: অসম আৰক্ষী অলপ নিয়ন্ত্ৰণত থাকিব পাৰিলেহেঁতেন: মুখ্যমন্ত্ৰী

author img

By

Published : Nov 23, 2022, 4:57 PM IST

Updated : Nov 23, 2022, 5:18 PM IST

Himanta Biswa

অসম-মেঘালয় সীমান্তত সংঘটিত ভয়াৱহ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa Sarma reacted on border incident) । বুধবাৰে ঘটনা সন্দৰ্ভত মুখ্যমন্ত্রীয়ে নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত কয় যে অসম আৰক্ষীয়ে অলপমান নিয়ন্ত্ৰণত থাকিব পাৰিলেহেঁতেন ।

গুৱাহাটী, ২৩ নৱেম্বৰ : অসম-মেঘালয় সীমান্তত সংঘটিত ভয়াৱহ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa Sarma reacted on border incident) । বুধবাৰে ঘটনা সন্দৰ্ভত মুখ্যমন্ত্রীয়ে নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত কয় যে অসম আৰক্ষীয়ে অলপমান নিয়ন্ত্ৰণত থাকিব পাৰিলেহেঁতেন ।

অসম আৰক্ষীয়ে অলপ বেছি কৰিলে...

এই মন্তব্য কৰি তেওঁ এক প্ৰকাৰে অসম আৰক্ষী আৰু বন সুৰক্ষা বাহিনীকহে দোষাৰোপ কৰে । তেওঁ কয় যে এইটো অসম-মেঘালয়ৰ সীমা সমস্যা নহয় (Assam Meghalaya border conflict) । সীমান্তত সংঘটিত গুলীচালনাৰ ঘটনাটো উল্লেখ কৰি তেওঁ কয় যে অসম আৰক্ষীয়ে প্ৰয়োজনতকৈ অধিক গুলীচালনা কৰা যেন লাগে । উক্ত সময়ত আৰক্ষী অলপ নিয়ন্ত্ৰণত থাকিব পাৰিলেহেঁতেন বুলিও তেওঁ মন্তব্য কৰে । তেওঁ কয়, ছয়জন লোকৰ মৃত্যু হোৱাটো সকলোৰে বাবে দুখৰ বিষয় ।

আনহাতে, ঘটনাৰ ন্যায়িক তদন্ত কৰাৰ কথা সদৰী কৰি তেওঁ কয় যে এই সমগ্ৰ ঘটনাৰ তদন্ত চি বি আই (CBI) নাইবা NIA-ৰ দ্বাৰা কৰোৱাৰ বাবে অনুৰোধ কৰা হৈছে । ঘটনা সন্দৰ্ভত অসম চৰকাৰে অতি দায়বদ্ধতাৰে নিজৰ কাম কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে মেঘালয়ৰ মুখ্যমন্ত্রীৰ লগত ঘটনাটোক লৈ কেইবাবাৰো আলোচনা হৈছে । আনহাতে, ঘটনা সন্দৰ্ভত মেঘালয়ৰ মুখ্যমন্ত্রী সৰৱ হোৱা বিষয়ত তেওঁ কয় যে তেওঁলোকে বিচৰাৰ আগতেই আমি চি বি আই তদন্ত বিচাৰিছোঁ । নিজৰ মানুহৰ মৃত্যু হ'লে খং উঠাটো স্বাভাৱিক বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে আমি ইয়াক সন্মানৰ যুঁজ হিচাপে লোৱা নাই । তেওঁ লগতে কয় যে যদি অসম আৰক্ষীৰ ভুল আছে তেন্তে তদন্তৰ আওতাত তেওঁলোকো আহিব ।

উল্লেখ্য, পশ্চিম কাৰ্বি আংলং জিলাৰ অসম-মেঘালয় সীমান্তৰ মুক্ৰত সংঘটিত ঘটনাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে (Assam Meghalaya border dispute) । মঙলবাৰে সংঘটিত ঘটনাত অসমৰ এজন বনৰক্ষী আৰু ৫ জন খাচী লোকৰ মৃত্যু হৈছিল । এই ঘটনা এতিয়া মুক্ৰতে আবদ্ধ হৈ থকা নাই (firing in west Karbi Anglong Meghalaya border) ।

ঘটনাটোক কেন্দ্ৰ কৰি মেঘালয় ৰাজ্য উত্তপ্ত হৈ পৰিছে । মঙলবাৰে নিশা শ্বিলঙত অসমৰ বাহন জ্বলাই দিয়াৰ ঘটনা সংঘটিত হৈছে । জানিব পৰা মতে, শ্বিলঙত অসমৰ কেইবাখনো বাহনৰ ওপৰত আক্ৰমণ চলোৱা হৈছে (tense situation in Meghalaya) । আক্ৰমণৰ ঘটনা আজিও অব্যাহত আছে বুলি জানিব পৰা গৈছে । অসমৰ পঞ্জীয়নৰ বাহন দেখিলেই খাচীয়াই কৰে আক্ৰমণ । মেঘালয়ৰ প্ৰান্তে প্ৰান্তে অসমৰ বহু বাহনৰ ওপৰত আক্ৰমণ চলোৱা হৈছে (attack on Assamese people in Meghalaya) ।

লগতে পঢ়ক :Assam Meghalaya Conflict : উত্তজনা অব্যাহত, অসম চৰকাৰৰ নৰম স্থিতিৰ বিপৰীতে সৰৱ মেঘালয়

Last Updated :Nov 23, 2022, 5:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.