Tarun Gogoi Death Anniversary : দ্বিতীয় মৃত্যুবার্ষিকীত তৰুণ গগৈক ৰাজ্যজুৰি স্মৰণ

author img

By

Published : Nov 23, 2022, 6:47 PM IST

Tarun Gogoi

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, পদ্মভূষণ প্ৰয়াত তৰুণ গগৈৰ বুধবাৰে দ্বিতীয় মৃত্যুবার্ষিকী (Tarun Gogoi death anniversary) । মৃত্যুবাৰ্ষিকীত জননেতা তৰুণ গগৈক ৰাজ্যজুৰি স্মৰণ কৰা হয় (Tarun Gogoi remembered on his death anniversary) ।

গুৱাহাটী, ২৩ নৱেম্বৰ : অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, পদ্মভূষণ প্ৰয়াত তৰুণ গগৈৰ বুধবাৰে দ্বিতীয় মৃত্যুবার্ষিকী (Tarun Gogoi 2nd death anniversary) । মৃত্যুবাৰ্ষিকীত জননেতা তৰুণ গগৈক ৰাজ্যজুৰি স্মৰণ কৰা হয় (Tarun Gogoi remembered on his death anniversary) । কংগ্ৰেছে ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচীৰে নেতাগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰে ।

দ্বিতীয় মৃত্যুবার্ষিকীত তৰুণ গগৈক ৰাজ্যজুৰি স্মৰণ
দ্বিতীয় মৃত্যুবার্ষিকীত তৰুণ গগৈক ৰাজ্যজুৰি স্মৰণ

তৰুণ গগৈৰ দ্বিতীয় মৃত্যুবাৰ্ষিকীত গুৱাহাটীত প্রদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় (Assam Pradesh Congress tribute to Tarun Gogoi) । অনুষ্ঠানত নেতাগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰি তেওঁৰ স্মৃতি ৰোমন্থন কৰা হয় । নেতাগৰাকীৰ প্ৰতিচ্ছবিত মাল্যার্পণ আৰু বন্তি প্রজ্জ্বলন কৰি প্ৰদেশ কংগ্ৰেছৰ নেতা-কৰ্মীসকলে শ্ৰদ্ধা নিবেদন কৰে (Assam former CM Tarun Gogoi) ।

আনহাতে, নাম-প্ৰসংগৰো আয়োজন কৰা হয় । প্রদেশ কংগ্ৰেছ আৰু গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছৰ যুটীয়া উদ্যোগত আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকি নেতাগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য, সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষ মনজিৎ মহন্ত, মুখপাত্ৰ কুশল কুমাৰ শৰ্মা, গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি স্বপন দাস, মহিলা কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰ গোস্বামীয়ে ।

দ্বিতীয় মৃত্যুবার্ষিকীত তৰুণ গগৈক ৰাজ্যজুৰি স্মৰণ
দ্বিতীয় মৃত্যুবার্ষিকীত তৰুণ গগৈক ৰাজ্যজুৰি স্মৰণ

লগতে অসম প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি ৰাজু প্ৰসাদ শৰ্মা, উপ-সভাপতি চৰিফুৰ জামান, উপ-সভানেত্রী জেনিফাৰ হুছেইন, কালাপাহাৰ ব্লক কংগ্ৰেছৰ সভাপতি বিদ্বেশ্বৰ ৰায়, চানমাৰি ব্লক কংগ্ৰেছৰ সভাপতি চবিন শৰ্মা, উলুবাৰী ব্লক কংগ্ৰেছৰ সভাপতি ৰজিত গগৈ প্ৰমুখ্যে প্ৰদেশ কংগ্ৰেছৰ নেতা-কর্মীসকলে (Tarun Gogoi death anniversary at Rajiv Bhawan Guwahati) । শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে আয়তীসকলৰ নাম-প্ৰসংগৰে নেতাগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । আনহাতে, গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্ততো প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ দ্বিতীয় মৃত্যুবাৰ্ষিকী পালন কৰা হয় ।

দ্বিতীয় মৃত্যুবার্ষিকীত তৰুণ গগৈক ৰাজ্যজুৰি স্মৰণ
দ্বিতীয় মৃত্যুবার্ষিকীত তৰুণ গগৈক ৰাজ্যজুৰি স্মৰণ

উল্লেখ্য, দীৰ্ঘদিনীয়া ৰাজনৈতিক অভিজ্ঞতাৰে অভিজ্ঞ এজন স্বভাৱসুলভ হাঁহিমুখীয়া আৰু ৰাজ্যৰ ৰাজনীতিত সদা চৰ্চিত তৰুণ ব্যক্তিত্বৰ অধিকাৰী তৰুণ গগৈৰ মৃত্যু হয় ২০২০ চনৰ ২৩ নৱেম্বৰত । তেওঁৰ সুদীৰ্ঘ ৰাজনৈতিক জীৱনত কোনো এটা চেকা নলগাৰ বাবেই ৰাজ্যৰ লগতে দেশৰ ৰাজনৈতিক জগততো অতি আদৰ্শৱান ৰাজনীতিক হিচাবে পৰিচিত আছিল । তেওঁৰ মৃত্যুৰ পিছত ভাৰত চৰকাৰে তেওঁক মৰণোত্তৰভাৱে পদ্মভূষণ বঁটা আগবঢ়ায় ।

লগতে পঢ়ক :Assam Meghalaya Conflict: অসম আৰক্ষী অলপ নিয়ন্ত্ৰণত থাকিব পাৰিলেহেঁতেন: মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.