Why Pankaj Tripathi rejecting offers: পংকজ ত্ৰিপাঠীয়ে কিয় বাৰে বাৰে প্ৰত্যাখ্যান কৰিছে দক্ষিণৰ ছবিৰ অফাৰ ?

author img

By

Published : Nov 23, 2022, 4:10 PM IST

Updated : Nov 23, 2022, 4:23 PM IST

pankaj tripathi

সমগ্ৰ বিশ্বতে নিজৰ অভিনৱ অভিনয়েৰে চলচ্চিত্ৰপ্ৰেমীৰ হৃদয়ত সুকীয়া স্থান দখল কৰা অভিনেতা পংকজ ত্ৰিপাঠীয়ে শেহতীয়াকৈ মুকলিকৈ কৈছে যে (Pankaj Tripathi news) কিয় তেওঁ দক্ষিণৰ ছবিত অভিনয় কৰিব নিবিচাৰে ?

চিটাৰা ডেস্ক, 23 নৱেম্বৰ : এক দীঘলীয়া সময় ধৰি অভিনয় জগতৰ সৈতে জড়িত হৈ থকা পংকজ ত্ৰিপাঠী আজিৰ দিনত সকলোৰে প্ৰিয় অভিনেতাৰ তালিকাত থকা এজন অন্যতম অভিনেতা ৷ পংকজ ত্ৰিপাঠীৰ নাম শুনিলেই সকলোৱে আগ্ৰহ কৰে ছবি নাইবা চিৰিজ চোৱাৰ ৷ নকৰিবইনো কিয় ! যাৰ অভিনয়ত সততা আৰু সহজ-সৰল ভাৱ প্ৰকাশ হয়, বিষয় এটা দৰ্শকৰ ওচৰলৈ যাব পৰাকৈ অৰ্থৱহ হয় তেনে এজন অভিনেতাৰ অভিনয় উপভোগ কৰিবলৈ পোৱাটো দৰাচলতে সৌভাগ্যৰ বিষয় ৷

পংকজ ত্ৰিপাঠীৰ অভিনয়ে চমক সৃষ্টি কৰাৰ পিছৰে পৰাই তেওঁৰ হাতলৈ আহিছে শাৰী শাৰী চিনেমা আৰু চিৰিজৰ অফাৰ ৷ কেৱল হিন্দী মনোৰঞ্জন ক্ষেত্ৰখনৰ পৰাই নহয়, হলীউড, তামিল, তেলুগু সকলো ক্ষেত্ৰৰ পৰাই তেওঁ লাভ কৰিছে বিভিন্ন অফাৰ ৷ কিন্তু ইমান বিপুল জনপ্ৰিয়তাৰ পিছতো মিৰ্জাপুৰৰ কালীন ভাইয়াখ্যাত পংকজ ত্ৰিপাঠীয়ে প্ৰত্যাখ্যান কৰিছে বহুত লোভনীয় অফাৰ (Pankaj Tripathi latest news) !

বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে দক্ষিণৰ চিনেমাৰ পয়োভৰ ৷ কিছু কিছু ক্ষেত্ৰত বলীউডৰ ছবিৰ সৈতে তুলনাও কৰা হৈছে টলীউডক, কাৰণ বহু সংখ্যক দৰ্শকৰ মতে বলীউডতকৈ বহুত আগবাঢ়ি গৈছে টলীউড ৷ অৱশ্যে শেহতীয়াকৈ মুক্তি লাভ কৰা ছবিসমূহৰ কথালৈ মন কৰিলে দেখা যায় যে বলীউডৰ ছবিসমূহৰ তুলনাত টলীউডৰ ছবি সমূহে উন্নত প্ৰদৰ্শন কৰিছে ৷ তেনে ক্ষেত্ৰত টলীউডৰ এই সফলতা পিছতো ত্ৰিপাঠীয়ে দক্ষিণৰ পৰা অহা ছবিৰ অফাৰ ৰিজেক্ট কৰা কথাটোৱে সকলোকে আচৰিত কৰি তুলিছে ৷

পংকজ ত্ৰিপাঠীয়ে কিয় বাৰে বাৰে ৰিজেক্ট কৰিছে টলীউড অফাৰ ? 2003 চনত কানাড়া ছবিৰেই নিজৰ অভিনয় কেৰিয়াৰ আৰম্ভ কৰা পংকজ ত্ৰিপাঠীয়ে পাইছিল নেকি কিবা তিক্ত অভিজ্ঞতা ? আনকি বলীউডলৈ অহাৰ পূৰ্বেও তেওঁ তামিল আৰু তেলুগু ছবিত অভিনয় কৰি আহিছিল ৷ শেহতীয়াকৈ অভিনেতাজনে এই সন্দৰ্ভত নিজৰ মন্তব্য আগবঢ়াইছে ৷ দৰাচলতে ত্ৰিপাঠীয়ে কেৱল দক্ষিণ বুলিয়ে নহয় আন কোনো ভাষাতে চিনেমা কৰিব নিবিচাৰে ৷ গোৱাত হৈ থকা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ সময়ত হোৱা এক সাক্ষাৎকাৰত তেওঁ এই বিষয়ে মুকলিকৈ প্ৰকাশ কৰে ৷

পংকজ ত্ৰিপাঠীয়ে কয়, ‘ভাষা মোৰ বাবে বাধা নহয়, কিন্ত মই হিন্দী ভাষাক গুৰুত্ব প্ৰদান কৰো ৷ ইয়াৰ কাৰণ এইটোৱেই যে মই হিন্দীৰ সৈতে সহজেই মিলি যাব পাৰো ৷ মই এই ভাষাটো বুজি পাওঁ ৷ এই ভাষাৰ অনুভৱ, সূক্ষ্মতা মই আয়ত্ব কৰিব পাৰো ৷ হলীউড পাহৰি যাওক, মই তেলুগু আৰু মালয়ালম ছবিৰ অফাৰ পাইছো ৷ কিন্তু মোৰ এনে অনুভৱ হয় যে ভাষাটো সাৱলীলকৈ ক’ব নোৱাৰিম বাবে মই সেই ছবি সমূহৰ সৈতে ন্যায় কৰি নোৱাৰিম’ ৷ কিন্তু তেওঁ লগতে এইটোও কয় যে যদি অন্য কোনো ভাষাৰ ছবিত তেওঁ হিন্দী ক’বলগীয়া চৰিত্ৰৰ বাবে অফাৰ লাভ কৰে তেতিয়া নিশ্চয়কৈ তেওঁ সেই অফাৰ গ্ৰহণ কৰিব ৷ পংকজ ত্ৰিপাঠীক আগন্তুক চিনেমা ‘অহ মাই গড 2’ ত দেখিবলৈ পোৱা যাব ৷

লগতে পঢ়ক : Actor Fahad Mustafa latest news:গোবিন্দাৰ ভৰি চুই পাকিস্তানী দৰ্শকৰ ৰোষত পৰিল ফহাদ মুস্তফা

Last Updated :Nov 23, 2022, 4:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.