Child born in Bathroom: শৌচাগাৰতে সন্তান প্ৰসৱ প্ৰসূতিৰ

author img

By

Published : Nov 23, 2022, 4:27 PM IST

Karimganj

নাৰ্ছৰ অৱহেলাৰ বাবেই প্ৰসূতিয়ে হাস্পতালৰ শৌচাগাৰতে জন্ম দিলে সন্তান (Mother gave birth to child in toilet) ! নাৰ্ছ আৰু হাস্পতাল কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ প্ৰসূতিৰ পৰিয়ালৰ । প্ৰসূতিৰ আত্মীয় আৰু আশাকৰ্মীৰ তৎপৰতাত মাতৃ-সন্তানক উদ্ধাৰ ।

কৰিমগঞ্জ,২৩ নৱেম্বৰ : কৰিমগঞ্জত চাঞ্চল্যকৰ ঘটনা । নিলামবজাৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত শৌচাগাৰতে সন্তান প্ৰসৱ কৰিলে প্ৰসূতিয়ে (Child born in Hospitals Bathroom)। হাস্পতাল কৰ্তৃপক্ষ তথা নাৰ্ছৰ ভূমিকাক লৈ ক্ষোভিত প্ৰসূতিৰ পৰিয়াল আৰু স্থানীয় লোক ।

শৌচাগাৰতে সন্তান প্ৰসৱ প্ৰসূতিৰ

উল্লেখ্য যে এটাৰ পাছত আনটো বিতৰ্কৰ মাজত সোমাই পৰিছে কৰিমগঞ্জৰ নিলামবজাৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ (Allegation against Nilambazar health centre)। বিভিন্ন বিতৰ্কৰ মাজতে এইবাৰ হাস্পতালখনত আন এক আজৱ ঘটনা সংঘটিত হ'ল । হাস্পতালখনৰ শৌচাগাৰতে সন্তান প্ৰসৱ কৰিলে এগৰাকী প্ৰসূতিয়ে ।

সংকটজনক অৱস্থাত আশাকৰ্মী আৰু প্ৰসূতিগৰাকীৰ পৰিয়ালে উদ্ধাৰ কৰে মহিলা আৰু সন্তানটোক । নাৰ্ছৰ কৰ্তব্যত গাফিলতিৰ বাবেই প্ৰসূতিগৰাকীয়ে শৌচাগাৰতে সন্তান জন্ম দিয়া বুলি অভিযোগ কৰে প্ৰসূতিগৰাকীৰ পৰিয়ালে । আনকি শৌচাগাৰৰ পৰা প্ৰসূতি আৰু সন্তানটোক নাৰ্ছে অনাৰ আগ্ৰহ দেখুওৱা নাছিল বুলি অভিযোগ কৰে আশাকৰ্মী আৰু প্ৰসূতিৰ পৰিয়ালে ।

জানিব পৰা মতে, যোৱা নিশা ধলছৰা পঞ্চায়ত অঞ্চলৰ প্ৰসূতিগৰাকীক জৰুৰীকালীন অৱস্থাত নিলামবজাৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰোৱা হৈছিল । ভৰ্তি কৰোৱাৰ পাছৰে পৰাই কৰ্তব্যৰত চিকিৎসক আৰু নাৰ্ছে চিকিৎসাৰ ক্ষেত্ৰত হেমাহি দেখুৱাইছিল বুলি অভিযোগ কৰিছে প্ৰসূতিৰ পৰিয়ালে । প্ৰসূতিগৰাকীয়ে প্ৰসৱ বেদনা অনুভৱ কৰাৰ পাছতো কোনো এগৰাকী নাৰ্ছে গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে প্ৰসূতিৰ পৰিয়াল আৰু আশাকৰ্মীয়ে ।

অৱশ্যে প্ৰসূতি আৰু সন্তানটো সম্প্ৰতি বিপদমুক্ত বুলি জানিব পৰা গৈছে (Karimganj Govt hospital incident)। ইফালে সমগ্ৰ বিষয়টোক লৈ হাস্পতালত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে । হাস্পতাল কৰ্তৃপক্ষৰ অৱহেলাক লৈ বিভিন্নজনে তীব্ৰ সমালোচনা কৰিছে । লগতে স্বাস্থ্য বিভাগ তথা প্ৰশাসনক এই ক্ষেত্ৰত উচিত ব্যৱস্থা ল'বলৈ আহ্বান জনাইছে প্ৰসূতিৰ আত্মীয় আৰু আন আন লোকসকলে ।

উল্লেখ্য যে প্ৰায়ে চৰকাৰী হাস্পতালত ৰোগীৰ প্ৰতি চিকিৎসক আৰু নাৰ্ছে অৱহেলাৰ কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে । আনকি বিভিন্ন স্থানত ৰোগীৰ পৰিয়াল আৰু চিকিৎসকৰ মাজত মাৰপিটৰ লগতে অবাঞ্চিত ঘটনাও সংঘটিত হোৱা দেখা যায় । কিন্তু ইমানৰ পাছতো স্বাস্থ্য বিভাগে চৰকাৰী হাস্পতালৰ সমগ্ৰ প্ৰক্ৰিয়াটোৰ উত্তৰণৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত এতিয়া আচৰিত হৈ পৰিছে সচেতন মহল ।

লগতে পঢ়ক :PMAY scam : ৰঙিয়াৰ মৰাণজানা পঞ্চায়তত ব্যাপক কেলেংকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.