ETV Bharat / state

5 বজাৰ দহটা শীৰ্ষ খবৰ

author img

By

Published : Dec 21, 2022, 4:58 PM IST

top-10-at-5pm
5 বজাৰ দহটা শীৰ্ষ খবৰ

5 বজাৰ দহটা শীৰ্ষ খবৰ

Pengeri Firing Incident: পৰিকল্পিতভাৱে নিৰ্দোষী যুৱকক গুলীবিদ্ধ কৰাৰ অভিযোগ সেনা-আৰক্ষীৰ বিৰুদ্ধে

আলফা(স্বা)ৰ বিৰুদ্ধে অভিযান চলা বুলি পৰিকল্পিতভাৱে পেঙেৰীৰ যুৱকক গুলীবিদ্ধ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ বুধবাৰৰ গুলীচালনাত আঘাতপ্ৰাপ্ত যুৱকে আলফা(স্বা)ক সহযোগিতা আগবঢ়োৱাৰ কথা অস্বীকাৰ কৰিছে পৰিয়ালৰ লোকৰ লগতে স্থানীয় দল-সংগঠনে (Firing at Pengeri)৷

Assam Assembly Winter Session : অসমৰ ভূমি ৰক্ষা কৰিবলৈ গৈ বহিষ্কাৰ হ'লোঁ: অখিল গগৈ

অসমৰ মাটি ৰক্ষা কৰিবলৈ গৈ পুনৰ সদনৰ পৰা বহিষ্কাৰ হ'বলগীয়া হ'লোঁ (Akhil Gogoi suspended from Assembly) । মন্ত্রী পীযুষ হাজৰিকা, বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু দিগন্ত কলিতা আদি বিজেপিৰ মন্ত্রী-বিধায়কসকলে সদনত 'দাদাগিৰি' কৰে যদিও ব্যৱস্থা গ্ৰহণ কৰা নহয় ।

Delhi liquor scam: ইডিৰ অভিযোগনামাত কে চি আৰৰ কন্যা কবিতা

বহুচৰ্চিত দিল্লীৰ সুৰা কেলেংকাৰী গোচৰত প্ৰৱৰ্তন সঞ্চালকালয়ে দাখিল কৰা অভিযোগপত্ৰত তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও (কে চি আৰ)ৰ কন্যা কবিতাসহ চাৰি অভিযুক্তৰ নাম । কবিতাৰ মূল অংশীদাৰিত্ব থকা ইণ্ডো-স্পিৰিটছ কোম্পানীয়ে 14,05,58,890 বটল সুৰা বিক্ৰী কৰি 192.8 কোটি টকা উপাৰ্জন কৰিছিল (Indospirits company) বুলি ইডিৰ অভিযোগ ।

Tajmahal bill case: তাজমহলৰ নামত আহিছে ১ কোটি ৯৬ লাখ টকাৰ পৌৰ কৰ

বিশ্বৰ সপ্তম আশ্চৰ্যৰ ভিতৰত স্থান দখল কৰা প্ৰেমৰ কীৰ্তিস্তম্ভ তাজমহলে এইবাৰ হতচকিত কৰি পেলাইছে কীৰ্তিচিন্থটোৰ লগত জড়িত প্ৰতিগৰাকী বিষয়া কৰ্মচাৰীক (Tajmahal bill case) ৷ তাজমহলৰ নামত অহা ১ কোটি ৯৬ লাখ টকাৰ বিলে এতিয়া বিপাঙত পেলাইছে তাজমহল পৰিচালনাৰ দায়িত্বত থকাসকলক ৷

Eviction against encroachments: হিন্দু-মুছলমান সকলোৱে এৰিব লাগিব সত্ৰৰ ভূমি: মুখ্য়মন্ত্ৰী

বেদখল উচ্ছেদ এক অবিৰত প্ৰক্ৰিয়া আৰু ই বন্ধ নহয় । বটদ্ৰৱাৰ লগতে ৰাজ্যজুৰি বনাঞ্চল আৰু চৰকাৰী ভূমি বেদখলমুক্ত কৰিব বিজেপি চৰকাৰে । বিধানসভাত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa Sarma on eviction) ৷

Suicides in india : 2021 বৰ্ষত 42000 গৰাকী শ্ৰমিকে বাচি ল’লে আত্মহননৰ পথ

২০১৪ চনৰ পৰা ভাৰতত দৈনিক সংঘটিত হৈছে ২.৩৫ লাখৰো অধিক আত্মহত্যাৰ ঘটনা ৷ কেৱল মাত্ৰ ২০২১ চনতেই সংঘটিত হৈছে ৪২ হাজাৰ আত্মহত্যা ঘটনা ।এই তথ্য মঙলবাৰে লোকসভাত প্ৰকাশ কৰে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰে (Data on suicides in india)।

BJP Poster politics : অসমৰ ভূমিত মেঘালয় বিজেপিয়ে আঁৰিলে পোষ্টাৰ !

কামৰূপ জিলাৰ অন্তৰ্গত বকোত মেঘালয় বিজেপিয়ে আঁৰিলে পোষ্টাৰ, হৰ্ডিং আদি (Meghalaya BJP posters in Boko)। মেঘালয় নিৰ্বাচনৰ প্ৰাকক্ষণত অসমৰ ভূমিত এই পোষ্টাৰ লগোৱাৰ আঁৰত কি আছে ? সীমান্তৱৰ্তী অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে ।

Mr Brahmaputra Title : শৰীৰ চৰ্চাত মুনু পাংগিঙৰ মিষ্টাৰ ব্ৰহ্মপুত্ৰ খিতাপ অৰ্জন

অতিকে পিছপৰা অঞ্চলক প্ৰতিনিধিত্ব কৰি মিষ্টাৰ ব্ৰহ্মপুত্ৰ (Mr Brahmaputra) খিতাপ জয়েৰে সুনাম কঢ়িয়ালে মুনু পাংগিঙে । হোটেলত ৰান্ধনি হিচাপে কৰ্মৰত মুনুৱে অলপতে ডিব্ৰুগড়ৰ চৌকিডিঙ্গি খেলপথাৰত ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত শৰীৰ চৰ্চা প্ৰতিযোগিতাত এই খিতাপ আঁজুৰি আনিবলৈ সক্ষম হয় (state level body building competition in Dibrugarh) । বিগত দুবছৰ ধৰি প্ৰশিক্ষণ গ্ৰহণ কৰি জীৱনৰ প্ৰথম প্ৰতিযোগিতাতে এই কৃতিত্ব লাভ কৰাত পিছপৰা কলাখোৱা মইনা গাঁৱত আনন্দৰ লহৰ উঠিছে ।

Hospital problems in Jorhat: এগৰাকীও চিকিৎসক নাই জাঁজীমুখ ৰাজ্যিক চিকিৎসালয়ত

যিটো সময়ত বিয়াগোম স্বাস্থ্য বিভাগে বিভাগটোৰ অভূতপুৰ্ব পৰিৱৰ্তনৰ কথা কৈ আহিছে, সেই সময়তে এগৰাকী চিকিৎসক বিচাৰি ৰোগীয়ে হাহাকাৰ কৰিবলগীয়া হৈছে যোৰহাট জিলাৰ জাঁজীমুখত(Hospital problems in Jorhat) । জাঁজীমুখৰ প্ৰায় ১০ হাজাৰ জনতাৰ একমাত্ৰ চিকিৎসাৰ ভৰষা জাঁজীমুখ ৰাজ্যিক চিকিৎসালয়ৰ (Janjimukh State Hospital) একমাত্ৰ চিকিৎসকগৰাকীৰ বদলি হোৱাত আজিৰ তাৰিখত নাই এগৰাকীও চিকিৎসক(No doctor in Janjimukh state hospital) । ফাৰ্মাচিষ্টগৰাকীয়েই চিকিৎসালয়লৈ অহা ৰোগীক মানৱীয়তাৰ খাতিৰত দুই এটা প্ৰাথমিক ঔষধ প্ৰদান কৰিছে যদিও, প্ৰত্যেকগৰাকী ৰোগীয়েই বিনা চিকিৎসাৰে উভতিব লগা হৈছে ।

Drone downed at Lakhimpur: লখিমপুৰত ভূপতিত হ’ল বিমানাকৃতিৰ ড্ৰোণ

লখিমপুৰত ভূপতিত হ’ল বিমান আকৃতিৰ এখন বৃহৎ ড্ৰোণ (Drone downed at Lakhimpur) । নগৰৰ সমীপৰ এনাইঘৰীয়াৰ অতুল নাথৰ ঘৰৰ ওপৰতে বাগৰি পৰে বৃহৎ ড্ৰোণখন । ফলত অঞ্চলজুৰি সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ । ইতিমধ্যে লোকে লোকাৰণ্য পৰিৱেশৰ সৃষ্টি হৈছে এনাইঘৰীয়াত । যান্ত্ৰিক বিজুতিৰ বাবেই বিমানাকৃতিৰ ড্ৰোণখন পতিত হ’ল বুলি জানিবলৈ পৰা গৈছে । জানিব পৰা মতে মিছন বসুন্ধৰাৰ ভূমি জৰিপ কৰিছিল ড্ৰোণখনে (Mission basundhara Drone downed) । পতিত হোৱাৰ পিছতেই বিয়ন গ্ৰেভিট নামৰ কোম্পানীৰ লোক উপস্থিত হৈ ড্ৰোণখন উদ্ধাৰ কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.