ETV Bharat / state

BJP Poster politics : অসমৰ ভূমিত মেঘালয় বিজেপিয়ে আঁৰিলে পোষ্টাৰ !

author img

By

Published : Dec 21, 2022, 1:51 PM IST

কামৰূপ জিলাৰ অন্তৰ্গত বকোত মেঘালয় বিজেপিয়ে আঁৰিলে পোষ্টাৰ, হৰ্ডিং আদি (Meghalaya BJP posters in Boko)। মেঘালয় নিৰ্বাচনৰ প্ৰাকক্ষণত অসমৰ ভূমিত এই পোষ্টাৰ লগোৱাৰ আঁৰত কি আছে ? সীমান্তৱৰ্তী অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে ।

Meghalaya BJP
অসমৰ ভূমিত মেঘালয় বিজেপিয়ে আঁৰিলে পোষ্টাৰ

অসমৰ ভূমিত মেঘালয় বিজেপিয়ে আঁৰিলে পোষ্টাৰ

বকো,২১ ডিচেম্বৰ : অহা বছৰ অৰ্থাৎ ২০২৩ চনত অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন (Meghalaya election 2023)। নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপি দলে ৰাজ্যখনত ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে । দল বাগৰাৰ ৰাজনীতিও আৰম্ভ হৈছে মেঘালয়ত । ইফালে মেঘালয় বিজেপিয়ে আগন্তুক নিৰ্বাচনৰ লগত সংগতি ৰাখি ভোটাৰক আকৰ্ষণ চেষ্টা কৰিবলৈ বিভিন্ন পদক্ষেপ লৈছে (Meghalaya BJP election preparation)।

পোষ্টাৰ ৰাজনীতিও আৰম্ভ কৰিছে মেঘালয় বিজেপিয়ে । বিভিন্ন ভাষাৰ পোষ্টাৰত মেঘালয় বিজেপিত যোগদান কৰিবলৈ ৰাইজক আহ্বান জনাইছে দলটোৱে । কিন্তু আচৰিত কথাটো হ'ল যে কামৰূপ জিলাৰ অন্তৰ্গত মেঘালয়ৰ সীমান্তৱৰ্তী বহু অঞ্চলটো নিৰ্বাচনৰ প্ৰভাৱ দেখা গৈছে । বকো সমষ্টিৰ অন্তৰ্গত বহু অঞ্চলত মেঘালয় বিজেপিয়ে পোষ্টাৰ লগোৱা দেখা গ'ল (Meghalaya BJP puts up posters in Boko)।

অসমৰ বকো সমষ্টিৰ অন্তৰ্গত কেন্দুগুৰি, শিংৰা, ৰাজাপাৰাকে ধৰি বিভিন্ন স্থানত মেঘালয় বিজেপিয়ে ডাঙৰ ডাঙৰ হৰ্ডিং আদি লগাইছে । বহু বিপণীত মেঘালয় বিজেপিত যোগদানৰ আহ্বান জনাই হৰ্ডিং-পোষ্টাৰসমূহ লগোৱা হৈছে । ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু মেঘালয় বিজেপিৰ সভাপতি আৰ্নেষ্ট মাউৰিৰ ফটো সম্বলিত পোষ্টাৰসমূহত দেখা গৈছে অসম-মেঘালয় সীমান্তৱৰ্তী অঞ্চলবোৰত । অসমৰ ভূমিত মেঘালয় বিজেপিৰ পোষ্টাৰ দেখি আচৰিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ । ইয়াৰ উপৰিও মেঘালয় বিজেপি দলত যোগদান কৰাৰ বাবে মিছকল দিবলৈও গাৰো জনগোষ্ঠীৰ লোকে বাস কৰা অঞ্চলটোত গাৰো ভাষাত আহ্বান জনাই পোষ্টাৰসমূহ লগোৱা হৈছে (Meghalaya BJP hoarding in Boko Assam)।

বিজেপি দলৰ এনে কাৰ্যত এতিয়া আচৰিত হোৱাৰ লগতে ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ লোকসকল । অসমৰ ভূমিত মেঘালয় বিজেপিয়ে পোষ্টাৰ লগাবলৈ কেনেদৰে সাহস কৰিলে তাকলৈও প্ৰশ্ন উত্থাপন কৰিছে ৰাইজে । অসম-মেঘালয় সীমা বিবাদ চলি থকাৰ মাজতে অসমৰ ভূমিত এনে পোষ্টাৰ লগোৱাৰ আঁৰত বিজেপি চৰকাৰৰ কু-অভিসন্ধি আছে নেকি বুলিও বহুতে প্ৰশ্ন উত্থাপন কৰিছে । কেন্দ্ৰৰ বিজেপি চৰকাৰৰ এনে পোষ্টাৰ ৰাজনীতিক বহুতে সমালোচনাও কৰিছে ।

লক্ষণীয়ভাৱে কোনেও নাজানে প্ৰকৃততে পোষ্টাৰ আঁৰি যোৱা লোকসকল অসমৰ নে মেঘালয়ৰ ? মুঠতে বকো সমষ্টিত এতিয়া মেঘালয় বিজেপিৰ পোষ্টাৰ ৰাজনীতিক লৈ বিশেষ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বহুতে আকৌ প্ৰশ্ন কৰিছে অসমত কিয় চলিছে মেঘালয় নিৰ্বাচনৰ প্ৰচাৰ ? সমগ্ৰ বিষয়টোক লৈ প্ৰশাসনৰ হস্তক্ষেপো বিচাৰিছে একাংশ লোকে । ইফালে অসমৰ ভূমিত মেঘালয়ৰ নিৰ্বাচন সম্পৰ্কীয় পোষ্টাৰ লগোৱাৰ এই কাৰ্যক লৈ অসমৰ দল-সংগঠনে কি ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া কিন্তু লক্ষণীয় হ'ব !

লগতে পঢ়ক :Meghalaya MLA joins BJP: মেঘালয়ৰ ৰাজনীতিত পট পৰিৱৰ্তন, চাৰি বিধায়কে যোগ দিলে বিজেপিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.