ETV Bharat / premium

Meghalaya MLA joins BJP: মেঘালয়ৰ ৰাজনীতিত পট পৰিৱৰ্তন, চাৰি বিধায়কে যোগ দিলে বিজেপিত

author img

By

Published : Dec 14, 2022, 5:29 PM IST

মেঘালয়ৰ ৰাজনীতিত ব্যাপক পট পৰিৱৰ্তন ৷ মেঘালয়ৰ বিভিন্ন দলৰ চাৰিগৰাকী বিধায়কে যোগদান কৰিলে বিজেপিত ৷ 2023ৰ মেঘালয় বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিজৰ শক্তি বৃদ্ধি কৰাত নামি পৰিছে বিজেপি ৷ উল্লেখ্য যে, বুধবাৰে দিল্লীত মেঘালয়ৰ চাৰিগৰাকী বিধায়কৰ বিজেপিত যোগদান কাৰ্য সম্পন্ন হয় ৷

Meghalaya MLA joins BJP
মেঘালয়ৰ ৰাজনীতিত পট পৰিৱৰ্তন, চাৰি বিধায়কে যোগ দিলে বিজেপিত

গুৱাহাটী, 14ডিচেম্বৰ: ডিচেম্বৰৰ শীততো গৰম হৈ পৰিছে মেঘালয়ৰ ৰাজনীতি ৷ 2023ত অনুষ্ঠিত হ’ব মেঘালয়ৰ বিধানসভা নিৰ্বাচন(Meghalaya Assembly Election) ৷ বিধানসভা নিৰ্বাচনৰ পূৰ্বে মেঘালয়ত নিজৰ শক্তি বৃদ্ধি কৰাত নামি পৰিছে ভাৰতীয় জনতা পাৰ্টী(BJP) ৷ যাৰ বাবে বিজেপিয়ে তীব্ৰতৰ কৰি তুলিছে যোগদান অভিযান ৷ তাৰ মাজতে মেঘালয়ৰ বিভিন্ন দলৰ চাৰিগৰাকী বিধায়কে বিজেপিত যোগদান কৰাৰ পিছতে মেঘালয়ৰ ৰাজনীতিয়ে লৈছে নতুন মোৰ(Four MLA of Meghalaya join BJP) ৷

বুধবাৰে দিল্লীত বিজেপিত যোগদান কৰে চাৰিওগৰাকী বিধায়কে(Meghalaya four MLA to BJP) । বিজেপিত যোগদান কৰা বিধায়ক কেইগৰাকীৰ ভিতৰত আছে দুগৰাকী এন পি পিৰ(NPP) বিধায়ক, এগৰাকী টি এম চিৰ(TMC)ৰ বিধায়ক আৰু এগৰাকী নিৰ্দলীয় বিধায়ক ৷ ইয়াৰ পিছতে এতিয়া গৰম হৈ পৰিছে মেঘালয়ৰ ৰাজনীতি ৷ বিজেত যোগদান কৰা বিধায়ক কেইগৰাকী ক্ৰমে, এন পি পিৰ বেনেডিক্ট মাৰাক আৰু ফেয়াৰলিন চাংমা, টিএমচিৰ হিমালয় মুক্তান ছাংপ্লিয়াং আৰু নিৰ্দলীয় বিধায়ক চেমুৱেল চাংমা ৷

উল্লেখ্য যে, ২৮ নৱেম্বৰত তিনিগৰাকী বিধায়কে মেঘালয়ৰ ৰাজ্যিক সচিবালয়ত বিধানসভাৰ অধ্যক্ষ মেটবাহ লিংডোক সাক্ষাৎ কৰি প্ৰদান কৰিছিল পদত্যাগ পত্ৰ ৷ উল্লেখ্য যে, বুধবাৰে দিল্লীত হোৱা যোগদান কাৰ্যসূচীত উপস্থিত আছিল অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma), বিজেপিৰ মুখপাত্ৰ সম্বিত পাত্ৰ(sambit patra) আৰু অনিল বালুনী(Anil baluni) ৷

চাৰিগৰাকীকৈ বিধায়কে বিজেপিত যোগদান কৰা কাৰ্যৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে, মেঘালয়ত তীব্ৰ বিপৰ্যয়ৰ সন্মুখীন হৈছে তৃণমূল কংগ্ৰেছ(TMC) আৰু এন পি পি(NPP) ৷ ইফালে, এই যোগদানৰ এদিন পূৰ্বে মেঘালয়ত দলীয় কাৰ্যসূচী ৰূপায়ণ কৰিছিল তৃণমূল নেত্ৰী মমতা বেনাৰ্জীয়ে(Mamata Banerjee) ৷ সেয়া যি কি নহওক, স্বাভাৱিকতে মেঘালয়ৰ চাৰি বিধায়কৰ বিজেপি গমনে মেঘালয়ৰ ৰাজনীতিত বিজেপিৰ গুৰুত্ব বৃদ্ধি কৰিলে ৷

আনহাতে, মেঘালয় চৰকাৰে হিতাধিকাৰী আঁচনিৰ জড়িয়তে হিতাধিকাৰীক প্ৰদান কৰা ৫০০০ টকা প্ৰকৃততে ঋণ বুলিহে বিজেপিয়ে অপপ্ৰচাৰ চলোৱাৰ অভিযোগ তুলি খৰ্গহস্ত হৈ পৰিছে এনপিপিৰ নেতা তথা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা(Meghalaya CM Conrad Sangma) ৷

লগতে পঢ়ক: Parliament Winter Session 2022 : চীনা আমদানিত নিৰ্ভৰশীলতাৰ ওপৰত প্ৰশ্ন গৌৰৱ গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.