ETV Bharat / bharat

Tajmahal bill case: তাজমহলৰ নামত আহিছে ১ কোটি ৯৬ লাখ টকাৰ পৌৰ কৰ

author img

By

Published : Dec 21, 2022, 1:58 PM IST

বিশ্বৰ সপ্তম আশ্চৰ্যৰ ভিতৰত স্থান দখল কৰা প্ৰেমৰ কীৰ্তিস্তম্ভ তাজমহলে এইবাৰ হতচকিত কৰি পেলাইছে কীৰ্তিচিন্থটোৰ লগত জড়িত প্ৰতিগৰাকী বিষয়া কৰ্মচাৰীক (Tajmahal bill case) ৷ তাজমহলৰ নামত অহা ১ কোটি ৯৬ লাখ টকাৰ বিলে এতিয়া বিপাঙত পেলাইছে তাজমহল পৰিচালনাৰ দায়িত্বত থকাসকলক ৷ কিন্তু কিয় কি কাৰণে আহিল ইমান বৃহৎ ধনৰাশিৰ বিল, সেয়া জানিবলৈ পঢ়ক এই প্ৰতিবেদন...

Tajmahal bill case
তাজমহলৰ নামত আহিছে ১ কোটি ৯৬ লাখ টকাৰ পৌৰ কৰ

নেশ্যনেল ডেস্ক, 21 ডিচেম্বৰ : বৰ্তমান দেশৰ সংবাদ মাধ্যমৰ চৰ্চাৰ বিষয় হৈছে উত্তৰ প্ৰদেশৰ আগ্ৰা জিলাৰ পৌৰ নিগম আৰু জলসিঞ্চন বিভাগৰ বিষয়া-কৰ্মচাৰীসকল ৷ পানী আৰু নলাৰ কোনো সংযোগ নোহোৱা স্থানলৈও আগ্ৰা পৌৰ নিগম আৰু জলসিঞ্চন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে প্ৰেৰণ কৰিছে বৃহৎ অংকৰ বিল ৷ পৌৰ নিগম আৰু জলসিঞ্চন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলৰ এনে নাভূত-নাশ্ৰুত কাণ্ডই চকু কপালত তুলিছে দেশৰ অন্যতম এটি কীৰ্তিস্তম্ভ তাজমহল পৰিচালনাৰ দায়িত্বত থকাসকলকো ৷ নিজৰ কাণ্ডজ্ঞানহীন কৰ্মৰ বাবে সম্প্ৰতি হাঁহিয়াতৰ পাত্ৰ হৈছে আগ্ৰা পৌৰ নিগম আৰু জলসিঞ্চন বিভাগ (Agra Nagar nigam house tax) ।

এতিয়া জিলাখনৰ উল্লেখিত বিভাগ দুটাৰ বিষয়া-কৰ্মচাৰীসকলৰ চূড়ান্ত দায়িত্বজ্ঞানহীনতাই আচৰিত কৰি তুলিছে সকলোকে ৷ আগ্ৰা জিলাৰ পৌৰ নিগম আৰু জলসিঞ্চন বিভাগে ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপৰ অধীনত থকা তাজমহললৈ (Archaeological Survey of India) প্ৰেৰণ কৰিছে ১.৯৬ কোটি টকাৰ বিল। কিন্তু আশ্চৰ্যকৰ বিষয়টো হ’ল, তাজমহলত নাই পানী আৰু নলাৰ সংযোগ । ইয়াৰ পাছতো জলসিঞ্চন বিভাগে তাজমহলৰ নামত ১৩খন বিল প্ৰেৰণ কৰিছে । হাস্যকৰ বিষয় যে, প্ৰতিখন বিলতে তাজমহলৰ ঠিকনা বেলেগ বেলেগ ।

Tajmahal bill case
তাজমহলৰ নামত আহিছে ১ কোটি ৯৬ লাখ টকাৰ পৌৰ কৰ

উল্লেখ্য যে, তাজমহলকে ধৰি দেশৰ সকলো কীৰ্তিচিহ্ন পৌৰসভা আইনৰ অধীনত গৃহ কৰমুক্ত । কেৱল এয়াই নহয়, আগ্ৰাৰ তাজমহলকে ধৰি কোনো স্মৃতিসৌধত পানী আৰু নলাৰ সংযোগ নাই । তথাপিও ইয়াৰ পূৰ্বে পৌৰ নিগমে তাজমহলৰ গৃহ কৰৰ বাবে ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ বিভাগলৈ ১.৪৭ লাখ টকাৰ জাননী প্ৰেৰণ কৰিছিল আৰু বৰ্তমান তাজমহলৰ নলা আৰু খোৱাপানীৰ বাবে বিভাগটোলৈ পুনৰবাৰ প্ৰেৰণ কৰিছে 13 খনকৈ বিল ।

দৰাচলতে জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ মুখ্য কাৰ্যালয়ে পানীকৰ, পানীৰ মূল্য আৰু নলাৰ কৰৰ বাবদ ১.৯৬ কোটি টকাৰ বিল প্ৰেৰণ কৰিছে এ এছ আইলৈ । বিলৰ লগত গাঠি দিয়া জাননীত উল্লেখ কৰা অনুসৰি ১.৬১ কোটি টকাৰ পুৰণি বকেয়া আছে তাজমহল কৰ্তৃপক্ষৰ । আনহাতে, এ এছ আইলৈ প্ৰেৰণ কৰা বিলখনত জলসিঞ্চন বিভাগে তাজমহলৰ নামত সংযোজন কৰিছে ১৩ টাকৈ স্থান । অৰ্থাৎ দেশৰ কেৱল মাত্ৰ নিৰ্দিষ্ট এক স্থানতে তাজমহলটো অৱস্থিত যদিও জলসিঞ্চন বিভাগে তাজমহলৰ বিপৰীতে দেখুৱাইছে ১৩ টাকৈ স্থান ৷ গৃহকৰ আৰু পানী কৰৰ জাননী সন্দৰ্ভত উদ্বিগ্নতা প্ৰকাশ কৰিছে এ এছ আইৰ বিষয়াসকলে(Agra nagar nigam house tax) ।

এ এছ আইৰ আগ্ৰা চক্ৰৰ অধীক্ষক পুৰাতত্ত্ববিদ ৰাজকুমাৰ পেটেলে বিষয়টো সন্দৰ্ভত কয় যে তাজমহলকে ধৰি দেশৰ প্ৰতিবিধ কীৰ্তিচিহ্নৰ চোৱা-চিতা কৰে এ এছ আই তথা ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ বিভাগে । এই কীৰ্তিচিহ্নসমূহ কেন্দ্ৰীয় চৰকাৰৰ অধীনত আছে । গতিকে কীৰ্তিচিহ্নসমূহৰ কৰত ৰেহাই প্ৰদান কৰা হৈছে । তাৰপাছতো তাজমহলৰ নামত বিল কেনেকৈ আহিল বুলিও আশ্চৰ্যতা প্ৰকাশ কৰে পেটেলে(jalkal department sent bill to ASI)।

উল্লেখ্য যে, তাজমহলৰ বিপৰীতে বিল প্ৰেৰণৰ এটা ঠিকনা তাজগঞ্জৰ বুলিও উল্লেখ কৰা হৈছে বুলি কয় পেটেলে । ১.৯৬ কোটি টকাৰ বিল সন্দৰ্ভতো কোনো সঠিক তথ্য উল্লেখ নাই বুলি জানিবলৈ দিয়ে পুৰাতত্ত্ববিদ ৰাজকুমাৰ পেটেলে । লগতে সমগ্ৰ ঘটনাৰ তদন্তৰ দাবী জনায় জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তা সতীশ কুমাৰে ।

লগতে পঢ়ক : National Children Science Congress : পচতীয়া পাতৰ ব্যৱহাৰেৰে পোক নিয়ন্ত্ৰণৰ প্ৰকল্পৰে ৰাষ্ট্ৰীয় পৰ্যায়লৈ ধেমাজিৰ নীহাৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.