ETV Bharat / state

Pengeri Firing Incident: পৰিকল্পিতভাৱে নিৰ্দোষী যুৱকক গুলীবিদ্ধ কৰাৰ অভিযোগ সেনা-আৰক্ষীৰ বিৰুদ্ধে

author img

By

Published : Dec 21, 2022, 4:42 PM IST

আলফা(স্বা)ৰ বিৰুদ্ধে অভিযান চলা বুলি পৰিকল্পিতভাৱে পেঙেৰীৰ যুৱকক গুলীবিদ্ধ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ বুধবাৰৰ গুলীচালনাত আঘাতপ্ৰাপ্ত যুৱকে আলফা(স্বা)ক সহযোগিতা আগবঢ়োৱাৰ কথা অস্বীকাৰ কৰিছে পৰিয়ালৰ লোকৰ লগতে স্থানীয় দল-সংগঠনে (Firing at Pengeri)৷

Pengeri Firing Incident
পেঙেৰীত সন্দেহজনক উগ্ৰপন্থী আৰু আৰক্ষীৰ মাজত গুলীয়াগুলী

সেনা-আৰক্ষীৰ বিৰুদ্ধে অভিযোগ

তিনিচুকীয়া, 21 ডিচেম্বৰ : বুধবাৰে পুৱা তিনিচুকীয়া জিলাৰ পেঙেৰীত সন্দেহজনক উগ্ৰপন্থী আৰু আৰক্ষীৰ মাজত গুলীয়াগুলী ঘটনাৰ পাছতে পেঙেৰী আৰক্ষী থানাত আটছাৰ নেতৃত্বত স্থানীয় ৰাইজে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ (Protest at Pengeri Police Station)৷ গুলীয়াগুলীৰ ঘটনাত অমৃত মুখীয়া নামৰ এজন স্থানীয় যুৱক আহত হোৱাৰ পাছতে উত্তেজিত হৈ পৰে স্থানীয় ৰাইজ ৷

সেনা-আৰক্ষীৰ আলফা(স্বা)ৰ সৈতে হোৱা গুলীয়াগুলীত যুৱকজন গুলীবিদ্ধ হোৱা বুলি প্ৰকাশ কৰা হৈছে যদিও এই ঘটনাক পৰিকল্পিত বুলি অভিযোগ উত্থাপন কৰি সাব্যস্ত কৰে উক্ত প্ৰতিবাদ ৷ ভাৰতীয় সেনা মুৰ্দাবাদ, অসম আৰক্ষী মুৰ্দাবাদ, নিৰীহ লোকৰ উপৰত গুলী চলোৱা বন্ধ কৰক আদি শ্ল’গানেৰে প্ৰতিবাদকাৰীসকলে উত্তাল কৰি তোলে পেঙেৰী থানাৰ(Pengeri Police Station) চৌহদ ৷

আনহাতে পেঙেৰীৰ গুলীচালনাৰ ঘটনাক অন্য মোৰ দিয়াৰ অভিযোগ উত্থাপন কৰিছে গুলীবিদ্ধ অমৃত মুখীয়াৰ পৰিয়ালে ৷ চাৰিজনকৈ লোকক পেঙেৰীৰ সেনা শিৱিৰে সোমবাৰে পুৱতি নিশা উঠাই নিয়া বুলি অভিযোগ উত্থাপন কৰিছে গুলীবিদ্ধ যুৱকজনৰ পৰিয়ালৰ লোকে ৷ অভিযোগ অনুসৰি সেনাই উঠাই নিয়া লোককেইজন অমৃত মুখীয়া, লখন দাং, ৰাজু গোৰীয়া আৰু প্ৰভু মুড্ৰী ৷ ইয়াৰে অমৃত মুখীয়া বুধবাৰে পু্ৱা গুলীবিদ্ধ হয় (Firing at Pengeri)।

আনহাতে আন তিনিজন লোকৰ সন্ধান এই পৰ্যন্ত লাভ কৰা নাই । সেনা-আৰক্ষীৰে আলফা(স্বা)ৰ হোৱা গুলীয়াগুলীত আহত হোৱা অমৃত মুখীয়াক প্ৰথমে তিনিচুকীয়া অসামৰিক চিকিৎসাত চিকিৎসা প্ৰদান কৰে যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷

উল্লেখ্য যে, তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱে(Tinsukia SP Abhijit Gaurav) জানিবলৈ দিয়া অনুসৰি উক্ত অঞ্চলত কিছুদিন ধৰি 6-7 জনীয়া এটা আলফা(স্বা)ৰ দলে শিৱিৰ পাতি আছিল (Operation against ULFA I) ৷ ইতিমধ্যে দলটোক খাদ্য যোগান ধৰাৰ লগতে বিভিন্ন ক্ষেত্ৰত সহায় কৰা চাৰিজন লোকক আটক কৰিছে আৰক্ষীয়ে৷ গুলীয়াগুলীত আহত হোৱা অমৃত মুখীয়া সেই চাৰিজনৰ মাজৰে এজন (Operation against ULFA I)৷ আৰক্ষী অধীক্ষৰ দাবীৰ বিপৰীতে, আলফা স্বাধীনৰ ফালৰ পৰা এই ঘটনাত সংগঠনটোৰ কোনো সদস্য জড়িত নহয় বুলি প্ৰেছ বিবৃতিযোগে প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক: Operation against militant: পেঙেৰীত উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান অব্যাহত সেনা-আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.