Operation against militant: পেঙেৰীত উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান অব্যাহত সেনা-আৰক্ষীৰ

By

Published : Dec 21, 2022, 12:25 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

thumbnail

তিনিচুকীয়া জিলাৰ পেঙেৰী পথৰ ঢেকিয়াজানত সন্দেহযুক্ত উগ্ৰপন্থী আৰু আৰক্ষীৰ মাজত গুলীয়াগুলী (Firing at Pengeri)। বুধবাৰে পুৱা প্ৰায় 4.30 বজাত আৰম্ভ হয় এই সংঘৰ্ষ ৷ এই গুলীয়াগুলীৰ ঘটনাত আহত হৈছে অমৃত মুখীয়া নামৰ এজন স্থানীয় যুৱক (Civilian injured in firing)৷ আহত অমৃত মুখীয়াক উন্নত চিকিৎসাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । অঞ্চলজুৰি অভিযান অব্যাহত ৰাখিছে আৰক্ষী আৰু সেনাবাহিনীয়ে (Search operation against militant) ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে অভিযান চলাই 1 টা বেগ, ডিটনেটৰ, 2 টা হেণ্ড গ্ৰেনেড, কৰ্ডেক্স আৰু বিভিন্ন আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে ।তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱে জানিবলৈ দিয়া অনুসৰি উক্ত অঞ্চলত কিছুদিন ধৰি 6-7 জনীয়া এটা আলফা(স্বা)ৰ দলে শিৱিৰ পাতি আছিল সেই স্থানত (Operation against ULFA I) ৷ ইতিমধ্যে দলটোক খাদ্য যোগান ধৰাৰ লগতে বিভিন্ন ক্ষেত্ৰত সহায় কৰা চাৰিজন লোকক আটক কৰিছে আৰক্ষীয়ে ৷ গুলীয়াগুলীত আহত হোৱা অমৃত মুখীয়া সেই চাৰিজনৰ মাজৰে এজন ৷ আৰক্ষী অধীক্ষৰ দাবীৰ বিপৰীতে, আলফা স্বাধীনৰ ফালৰ পৰা এই ঘটনাত সংগঠনটোৰ কোনো সদস্য জড়িত নহয় বুলি প্ৰেছ বিবৃতিযোগে প্ৰকাশ কৰিছে ৷

Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.