ETV Bharat / state

Eviction against encroachments: হিন্দু-মুছলমান সকলোৱে এৰিব লাগিব সত্ৰৰ ভূমি: মুখ্য়মন্ত্ৰী

author img

By

Published : Dec 21, 2022, 2:30 PM IST

Updated : Dec 21, 2022, 3:00 PM IST

Himanta Biswa Sarma on eviction
Himanta Biswa Sarma's significant remarks

বেদখল উচ্ছেদ এক অবিৰত প্ৰক্ৰিয়া আৰু ই বন্ধ নহয় । বটদ্ৰৱাৰ লগতে ৰাজ্যজুৰি বনাঞ্চল আৰু চৰকাৰী ভূমি বেদখলমুক্ত কৰিব বিজেপি চৰকাৰে । বিধানসভাত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa Sarma on eviction) ৷

নিউজ ডেস্ক, 21 ডিচেম্বৰ: বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম বিধানসভাৰ সদনত দৃঢ়তাৰে কয় যে, বিজেপিয়ে ৰাজ্যখন চলাই থকালৈকে অসমৰ আৰু চৰকাৰী বনাঞ্চলৰ ভূমি বেদখলমুক্ত কৰাৰ বাবে উচ্ছেদ অভিযান অব্যাহত থাকিব (Eviction drive in Assam)। অসম বিধানসভাৰ শীতকালীন অধিবেশনৰ দ্বিতীয় দিনা শূন্যকালীন ঘন্টাত কংগ্ৰেছৰ বিধায়ক কমলাক্ষ্য দে’ পুৰকায়স্থই বিষয়টো আলোচনা কৰাৰ সময়ত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, বিজেপি চৰকাৰে উচ্ছেদৰ অনুশীলন অব্যাহত ৰাখিব আৰু “ইয়াৰ বিষয়ে কোৱাৰ কোনো অৰ্থ নাই”।

তেওঁ কয় যে, বেদখল উচ্ছেদ এক অবিৰত প্ৰক্ৰিয়া আৰু ই বন্ধ নহয় (Eviction against encroachments)। বটদ্ৰৱাৰ লগতে ৰাজ্যজুৰি বনাঞ্চল আৰু চৰকাৰী ভূমি বেদখলমুক্ত কৰিব বিজেপি চৰকাৰে । মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে, বটদ্ৰৱাৰ দৰে সত্ৰই অসমীয়া মানুহৰ পৰিচয় আৰু সংস্কৃতিক প্ৰতিনিধিত্ব কৰে । হিন্দু হওক বা মুছলমান হওক সকলো মানুহে সত্ৰৰ ভূমি খালী কৰিব লাগিব (Remarks on eviction against encroachments)।

কংগ্ৰেছৰ বিধায়ক ৰকিবুল হুছেইনে যেতিয়া বটদ্ৰৱাত উচ্ছেদিত লোকসকলৰ খোৱা পানী আৰু খাদ্যৰ দৰে মৌলিক প্ৰয়োজনীয়তাসমূহ চোৱাচিতা কৰিবলৈ চৰকাৰক আহ্বান জনায়, তেতিয়া মুখ্যমন্ত্ৰীয়ে কয় যে, উচ্ছেদ কৰা লোকক খোৱা পানী যোগান ধৰাৰ কোনো নীতি নাই (Himanta Biswa Sarma on eviction)। তেওঁলোকে ভূমি বেদখল কৰি আইন ভংগ কৰিছে ৷ গতিকে চৰকাৰে তেওঁলোকৰ বাবে শিবিৰ পাতিব নোৱাৰে । ই এন জি অ'ৰ কাম ৷

উল্লেখ্য যে, সোমবাৰে পুৱাৰ পৰা নিশা পৰ্যন্ত জিলা প্ৰশাসনে উচ্ছেদ চলাই বটদ্ৰৱাৰ মুঠ 11 শ বিঘা চৰকাৰী ভূমি কৰে বেদখলমুক্ত । বটদ্ৰৱাৰ ভোমোৰাগুৰি, হাইডুবি, লালুং বস্তিৰ চৰকাৰী ভূমিত বেদখল কৰিছিল মুঠ 302 টা পৰিয়ালে (Encroachment at Batadrava) । ইয়াৰে 230 টা পৰিয়ালে প্ৰশাসনৰ জাননী লাভ কৰিয়েই বেদখল কৰা স্থান এৰি আঁতৰি গৈছিল ।

লগতে পঢ়ক: Batadrava Eviction Update : বেদখলমুক্ত হ’ল বটদ্ৰৱাৰ 11শ বিঘা চৰকাৰী ভূমি

Last Updated :Dec 21, 2022, 3:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.