ETV Bharat / state

Batadrava Eviction Update : বেদখলমুক্ত হ’ল বটদ্ৰৱাৰ 11শ বিঘা চৰকাৰী ভূমি

author img

By

Published : Dec 20, 2022, 7:44 PM IST

72 টা পৰিয়ালক উচ্ছেদ কৰি বেদখলমুক্ত কৰিলে বটদ্ৰৱাৰ 11শ বিঘা চৰকাৰী ভূমি (Encroached land evicted at Batadrava) । মুকলি আকাশৰ তলত অনিদ্ৰা, অনাহাৰে প্ৰথমটো নিশা কটালে একাংশ উচ্ছেদিতই । বেদখল কৰা মুঠ 302 টা পৰিয়ালৰ 230 টা পৰিয়াল আঁতৰি গৈছিল উচ্ছেদৰ পূৰ্বেই । 72 টা পৰিয়ালকহে কৰা হৈছে উচ্ছেদ (Evection drive at Batadrava)। এই সন্দৰ্ভত ই টি ভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন ।

Encroached land evicted at Batadrava
বেদখলমুক্ত কৰা হ’ল বটদ্ৰৱাৰ চৰকাৰী ভূমি

বেদখলমুক্ত কৰিলে বটদ্ৰৱাৰ 11শ বিঘা চৰকাৰী ভূমি

নগাঁও, 20 ডিচেম্বৰ : অৱশেষত বেদখলমুক্ত হ’ল গুৰুজনাৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱাৰ 11 শ বিঘা চৰকাৰী ভূমি (Encroached land evicted at Batadrava)। বিগত প্ৰায় এসপ্তাহৰ ব্যাপক প্ৰস্তুতিৰ অন্তত সোমবাৰে পুৱাৰ পৰা বটদ্ৰৱাৰ বিভিন্ন অঞ্চলৰ বেদখলকৃত ভূমিত চলিল প্ৰশাসনৰ বুলড’জাৰ । সোমবাৰে বটদ্ৰৱাৰ শান্তিজান বজাৰ, হাইডুবি বীজ ফাৰ্ম, হাইডুবি পথাৰ, লালুং বস্তি আৰু ভোমোৰাগুৰি অঞ্চলত প্ৰশাসনে উচ্ছেদ চলোৱাৰ পিচতেই প্ৰথমটো নিশা অনিদ্ৰা-অনাহাৰে কটালে একাংশ উচ্ছেদিত পৰিয়ালে ।

উচ্ছেদৰ পিচতেই চকুলো টুকিছে উচ্ছেদিত পৰিয়ালে (Evection drive at Batadrava) । প্ৰচণ্ড শীতৰ মাজতো মুকলি আকাশৰ তলতেই খাদ্য সামগ্ৰী প্ৰস্তুত কৰাৰ উপৰিও নিশা কটাবলগীয়া হৈছে উচ্ছেদিত লোকে । চৰকাৰী ভূমি বেদখল কৰি দীৰ্ঘদিনৰ পৰা বসবাস কৰি অহা পৰিয়ালক সোমবাৰে উচ্ছেদ কৰাৰ পিচত আশ্ৰয়ৰ অভাৱত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে একাংশ উচ্ছেদিতৰ মাজত ।

উল্লেখ্য যে, সোমবাৰে পুৱাৰ পৰা নিশা পৰ্যন্ত জিলা প্ৰশাসনে উচ্ছেদ চলাই বটদ্ৰৱাৰ মুঠ 11 শ বিঘা চৰকাৰী ভূমি কৰে বেদখলমুক্ত । বটদ্ৰৱাৰ ভোমোৰাগুৰি, হাইডুবি, লালুং বস্তিৰ চৰকাৰী ভূমিত বেদখল কৰিছিল মুঠ 302 টা পৰিয়ালে (Encroachment at Batadrava) । ইয়াৰে 230 টা পৰিয়ালে প্ৰশাসনৰ জাননী লাভ কৰিয়েই বেদখল কৰা স্থান এৰি গৈছিল আঁতৰি ।

লগতে পঢ়ক : Eviction at Batadrava: বটদ্ৰৱাৰ লালুং বস্তিতো চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান

কিন্তু সোমবাৰ পৰ্যন্ত চৰকাৰী ভূমি বেদখল কৰি থকা মাত্ৰ 72 টা পৰিয়ালকহে উচ্ছেদ কৰা হয় জিলা প্ৰশাসনৰ বুলড’জাৰৰ সহায়ত (Eviction at Batadrava encroached area)। সোমবাৰে বটদ্ৰৱা সত্ৰৰ কোনো ভূমিত প্ৰশাসনে উচ্ছেদ চলোৱা নাই বুলি স্পষ্ট কৰি নগাঁও জিলা উপায়ুক্ত নৰেন্দ্ৰ শ্বাহে মন্তব্য কৰে যে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানৰ(Birthplace of Srimanta Sankardeva) দুই-তিনি কিল’মিটাৰ এলেকাৰ চৰকাৰী ভূমিত একাংশ লোকে কৰা বেদখলহে উচ্ছেদ কৰা হৈছে ।

উল্লেখ্য যে, বটদ্ৰৱাৰ চৰকাৰী ভূমিৰ পৰা উচ্ছেদ কৰাৰ পূৰ্বেই আঁতৰি যোৱা 230 টা পৰিয়ালৰ লগতে উচ্ছেদ কৰা 72 টা পৰিয়ালক লৈ এতিয়া বিভিন্ন ৰাজনৈতিক দলৰ নেতাই ৰাজনৈতিক মুনাফা আদায়ৰ চেষ্টা আৰম্ভ কৰাৰো অভিযোগ উত্থাপন হৈছে । ইয়াৰ মাজতে উত্থাপন হৈছে উচ্ছেদিত-গৃহহীন লোকৰ সংস্থাপনৰ দাবী ।

লগতে পঢ়ক : Batadrava Eviction: বিশাল আৰক্ষী বাহিনী মোতায়েন কৰি অৱশেষত উচ্ছেদ চলিল বটদ্ৰৱাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.