ETV Bharat / state

Batadrava Eviction: বিশাল আৰক্ষী বাহিনী মোতায়েন কৰি অৱশেষত উচ্ছেদ চলিল বটদ্ৰৱাত

author img

By

Published : Dec 19, 2022, 7:22 PM IST

Batadrava Eviction
বটদ্ৰৱাত প্ৰশাসনৰ বিশাল উচ্ছেদ অভিযান

বটদ্ৰৱাৰ বেদখলকৃত ভূমিত অৱশেষত প্ৰশাসনে চলালে উচ্ছেদ অভিযান ৷ প্ৰায় এহেজাৰ বিঘা বেদখলকৃত ভূমি উচ্ছেদৰ লক্ষ্যৰে সোমবাৰে পুৱাৰে পৰা চলিল প্ৰশাসনৰ বুলড’জাৰ ৷ উচ্ছেদৰ সময়ত জিলা উপায়ুক্তৰ নিৰ্দেশত অক্ষত অৱস্থাত ৰখা হ’ল এটা মছজিদ ৷

বিশাল আৰক্ষী বাহিনী মোতায়েন কৰি অৱশেষত উচ্ছেদ চলিল বটদ্ৰৱাত

নগাঁও, 19 ডিচেম্বৰ: অৱশেষত নগাঁও জিলাৰ বটদ্ৰৱাৰ বেদখলকৃত ভূমিত সোমবাৰে জিলা প্ৰশাসনে চলালে উচ্ছেদ অভিযান(Evection drive In Batadrava) ৷ এফালৰ পৰা বুলড’জাৰেৰে ভাঙি নিঃচিহ্ন কৰিলে ঘৰ-দুৱাৰ, দোকান-পোহাৰ৷ উল্লেখ্য যে, উচ্ছেদৰ পূৰ্বে বেদখলকৃত স্থানত নগাঁও জিলা প্ৰশাসনে আৰক্ষীৰ দ্বাৰা অব্যাহত ৰাখিছিল ফ্লেগ মাৰ্চ(flag marches) ৷ তাৰ অন্তত সোমবাৰে পুৱাৰ পৰাই প্ৰশাসনে আৰম্ভ কৰিলে উচ্ছেদ অভিযান ।

সোমবাৰে পুৱা প্ৰথমেই উচ্ছেদ অভিযান আৰম্ভ কৰে বটদ্ৰৱাৰ শান্তিজান বজাৰত(Batadrava Shantijan Bazaar) । শান্তিজান বজাৰৰ পাঁচ বিঘা চৰকাৰী ভূমিত একাংশ বেদখলকাৰীয়ে ঘৰ সাজি আৰম্ভ কৰিছিল ব্যৱসায় । কিন্তু পুৱাই শান্তিজান বজাৰৰ পাঁচ বিঘা ভূমিত থকা অবৈধ ব্যৱসায়িক প্ৰতিষ্ঠান উচ্ছেদ কৰে জিলা প্ৰশাসনে(Nagaon Eviction) ।

বটদ্ৰৱাৰ উচ্ছেদক লৈ বিগত দিন কেইটাত যথেষ্ট সষ্টম হৈ আছিল নগাঁও জিলা প্ৰশাসন(Nagaon district administration) । উচ্ছেদৰ বাবে সোমবাৰে পুৱাই বটদ্ৰৱাত উপস্থিত হয় মধ্য অসমৰ ডি আই জি সত্যৰাজ হাজৰিকা(DIG Shatyaraj Hazarika), জিলা আৰক্ষী অধীক্ষক লীনা দলেসহ(SP Leena Doley) কেইবগৰাকীও শীৰ্ষ আৰক্ষী বিষয়া । উচ্ছেদৰ সময়ত বটদ্ৰৱা অঞ্চলত প্ৰায় সহস্ৰাধিক আৰক্ষী , নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছিল ৷

ইপিনে বটদ্ৰৱাৰ শান্তিজান বজাৰত চলোৱা উচ্ছেদৰ সময়ত জিলা উপায়ুক্তৰ নিৰ্দেশত অক্ষত অৱস্থাত ৰখা হয় এটা মছজিদ । বটদ্ৰৱাৰ শান্তিজান বজাৰত উচ্ছেদ অভিযান চলোৱাৰ পিছতেই হাইডুবিৰ বীজ ফাৰ্মৰ ১৫০ বিঘা ভূমিত প্ৰশাসনে চলাই উচ্ছেদ ৷ বিশাল আৰক্ষী আৰু অৰ্ধ সামৰকি বাহিনীৰ উপস্থিতিত হাইডুবি বীজ ফাৰ্মৰ পিছত হাইডুবি পথাৰৰ(Haidubi Pathar) ৮০ বিঘা ভূমিত থকা বেদখল উচ্ছেদ কৰে জিলা প্ৰশাসনে ।

বটদ্ৰৱাৰ লালুং বস্তিৰ ২৬৫ বিঘা ভূমিতো উচ্ছেদ চলাই জিলা প্ৰশাসনে । লালুং বস্তিৰ চৰকাৰী ভূমিত একাংশ লোকে স্থাপন কৰা ঘৰ, পুখুৰী খন্দাৰ উপৰিও নিৰ্মাণ কৰা সৰু সুৰা বাট পথো নিচিহ্ন কৰি দিয়ে প্ৰশাসনে । এই উচ্ছেদৰ সময়তে হঠাৎ ঢলি পৰিল এগৰাকী আৰক্ষী জোৱান ।

চৰকাৰী তথ্য অনুসৰি ৰাজ্যৰ 303 খন সত্ৰৰ মুঠ 7,405বিঘা ভূমি আছে বেদখলকাৰীৰ দখলত(illegal encroachment) ৷ উল্লেখ্য যে, গুৰুজনাৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱাৰ বেদখলকৃত ভূমি উচ্ছেদৰ(Batadrava eviction) বাবে দীর্ঘদিন ধৰি বিভিন্ন দল সংগঠনে দাবী জনাই আহিছিল যদিও হোৱা নাছিল কাৰ্যকৰী । ইপিনে, বটদ্ৰৱাৰ বিভিন্ন এলকাত দীৰ্ঘদিন ধৰি বসবাস কৰি অহা লোকসকলক উচ্ছেদ কৰাৰ পিছত এতিয়া আশ্ৰয় বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে উচ্চেদিত একাংশ লোকে ।

লগতে পঢ়ক: Wild elephant attack in Bokakhat: বন্যহস্তীৰ আক্ৰমনত নিহত এগৰাকী মহিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.