ETV Bharat / bharat

Suicides in india : 2021 বৰ্ষত 42000 গৰাকী শ্ৰমিকে বাচি ল’লে আত্মহননৰ পথ

author img

By

Published : Dec 21, 2022, 2:17 PM IST

২০১৪ চনৰ পৰা ভাৰতত দৈনিক সংঘটিত হৈছে ২.৩৫ লাখৰো অধিক আত্মহত্যাৰ ঘটনা ৷ কেৱল মাত্ৰ ২০২১ চনতেই সংঘটিত হৈছে ৪২ হাজাৰ আত্মহত্যা ঘটনা ।এই তথ্য মঙলবাৰে লোকসভাত প্ৰকাশ কৰে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰে (Data on suicides in india)।

Suicides in india
42000 গৰাকী শ্ৰমিকে বাচি ল’লে আত্মহননৰ পথ

নেশ্যনেল ডেস্ক, 21 ডিচেম্বৰ : আত্মনিৰ্ভৰ নে আত্মহত্যাৰ ভাৰত ! দেশজুৰি উদ্বেগজনক হাৰত বৃদ্ধি পাইছে আত্মহত্যা কৰা লোকৰ সংখ্যা (Suicides in India )৷ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আত্মহত্যাৰ প্ৰবনতা ৷ শেহতীয়া এক তথ্য মতে, ২০১৪ চনৰ পৰা ভাৰতত দৈনিক ২.৩৫ লাখৰো অধিক লোক আত্মহত্যাৰ ফলত মৃত্যু হৈছে ৷ দেশৰ সৰ্বাধিক আত্মহত্যা কৰা ৰাজ্য হৈছে তামিলনাডু য’ত ৪৪,২৫৪ গৰাকী লোকে আত্মহত্যা কৰিছে আৰু ইয়াৰ পাছতে আছে ক্ৰমে মহাৰাষ্ট্ৰ (২৯,৫১৬), মধ্যপ্ৰদেশ (২৫,৪৮৬), তেলেংগানা (২৩,৮৩৮), কেৰেলা (১৯,৯৩০) আৰু গুজৰাট (১৭,৯০৮) ৷ সংসদৰ চলিত শীতকালীন অধিৱেশনত মঙলবাৰে লোকসভাক এই তথ্য অৱগত কৰে চৰকাৰে ।

চৰকাৰী তথ্য অনুসৰি ২০২১ চনত ভাৰতত প্ৰতিদিনে ১১৫ গৰাকী দৈনিক মজুৰি কৰা আৰু ৬৩ গৰাকী গৃহিণীয়ে বাছি লৈছিল আত্মহত্যাৰ পথ (Daily wage earner suicide in India ) ৷ ইয়াৰ ফলত দেশজুৰি আত্মহত্যাৰ ঘটনা সংঘটিত হৈছিল মুঠ ১,৬৪,০৩৩ টা ৷ এই তথ্য লোকসভাত অৱগত মঙলবাৰে অৱগত কৰা হয় । নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰো চমুকৈ NCRB ৰ (National Crime Records Bureau) তথ্যৰ উদ্ধৃতি দাঙি ধৰি কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে (Union Minister of State for Home Nityanand Rai) কয় যে ২০২১ চনত মুঠ ৪২,০০৪ গৰাকী দৈনিক মজুৰি কৰি পেট প্ৰৱৰ্তাই থকা আৰু ২৩,১৭৯ গৰাকী গৃহিণীয়ে আত্মহত্যা কৰিছে ।

Suicides in india
42000 গৰাকী শ্ৰমিকে বাচি ল’লে আত্মহননৰ পথ

মুঠতে ২০,২৩১ গৰাকী স্বনিয়োজিত লোক, ১৫,৮৭০ গৰাকী বেতনভোগী চাকৰিয়াল, ১৩,৭১৪ গৰাকী নিবনুৱা, ১৩,০৮৯ গৰাকী ছাত্ৰ, ১২,০৫৫ গৰাকী ব্যৱসায়ৰ সৈতে জড়িত, আৰু ১১,৪৩১ গৰাকী ব্যক্তিগত খণ্ডৰ উদ্যোগৰ সৈতে জড়িত লোকে বিগত বছৰত আত্মহত্যা কৰিছিল বুলি ৰায়ে লিখিতভাৱে সদনত জনায় ।

ৰায়ে কয় যে কৃষি খণ্ডত নিয়োজিত ১০,৮৮১ গৰাকী, কৃষি শ্ৰমিক ৫,৫৬৩ গৰাকী, কৃষক বা খেতিয়ক ৫,৩১৮ গৰাকী, কৃষি শ্ৰমিকৰ সহায়ত বা অবিহনে নিজৰ মাটিত খেতি কৰা ৪৮০৬ গৰাকী লোক, পট্টা মাটিত খেতি কৰা বা পট্টাত কাম কৰা বা আনৰ মাটিত কৃষি শ্ৰমিকৰ সহায় বা সহায় অবিহনে কাম কৰা ৫১২ গৰাকী লোকে ২০২১ চনত আত্মহত্যা কৰে ।

শেহতীয়াকৈ এন চি আৰ বিৰ প্ৰতিবেদন অনুসৰি ২০২১ চনত ভাৰতত আত্মহত্যাৰ হাৰ ৬.২ পৰ্যন্ত বৃদ্ধি পাইছে । ২০২১ চনত সৰ্বভাৰতত আত্মহত্যাৰ হাৰ আছিল ১২ গৰাকী । আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত আত্মহত্যাৰ হাৰ সৰ্বাধিক (৩৯.৭), তাৰ পিছতে আছে ছিকিম (৩৯.২), পুডুচেৰী (৩১.৮), তেলেংগানা (২৬.৯) আৰু কেৰালা (২৬.৯) (States by suicide rate in India)।

এনচিআৰবিৰ তথ্য অনুসৰি আটাইকেইখন ৰাজ্যৰ ভিতৰত মহাৰাষ্ট্ৰত আত্মহত্যাৰ সংখ্যা সৰ্বাধিক, তাৰ পাছতে আছে তামিলনাডু আৰু মধ্যপ্ৰদেশ। "আত্মহত্যাৰ অধিকাংশই মহাৰাষ্ট্ৰত (২২,২০৭), তাৰ পিছতে তামিলনাডুত ১৮,৯২৫, মধ্যপ্ৰদেশত ১৪,৯৬৫, পশ্চিম বংগত ১৩,৫০০ আৰু কৰ্ণাটকত ১৩,০৫৬ আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে বুলি এনচিআৰবিৰ প্ৰতিবেদনত কোৱা হৈছে ।

সমগ্ৰ দেশৰ সৰ্বমুঠ আত্মহত্যাৰ ৫০.৪ শতাংশই হৈছে পাঁচখন ৰাজ্যৰ আত্মহত্যাৰ হাৰ । বাকী ৪৯.৬ শতাংশ আত্মহত্যা আন ২৩খন ৰাজ্য আৰু 8 খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা সংঘটিত হৈছে । দেশৰ জনসংখ্যাৰ ১৬.৯ শতাংশ অংশ থকা সৰ্বাধিক জনবহুল ৰাজ্য উত্তৰ প্ৰদেশত আত্মহত্যাৰ ফলত হোৱা মৃত্যুৰ শতাংশ তুলনামূলকভাৱে কম, আত্মহত্যাৰ সংখ্যা মাত্ৰ ৩.৬ শতাংশ ।

উল্লেখ্য যে, বিধস্ত হৈ পৰা অৰ্থনীতিৰ ফলতেই দেশজুৰি আত্মহত্যাৰ হাৰ বৃদ্ধি পাবলৈ ধৰিছে বুলি সচেতন মহলত সৰৱ চৰ্চা চলা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: Musk resign controversy : এগৰাকী 'মুৰ্খ' পালেহে মাস্কে টুইটাৰৰ পৰা পদত্যাগ কৰিব !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.