ETV Bharat / international

Musk resign controversy : এগৰাকী 'মুৰ্খ' পালেহে মাস্কে টুইটাৰৰ পৰা পদত্যাগ কৰিব !

author img

By

Published : Dec 21, 2022, 10:40 AM IST

দায়িত্ব ল'ব পৰা মুৰ্খ বিচাৰি পালেহে মাস্কে টুইটাৰৰ মুখ্য কাৰ্যবাহী পদ ত্যাগ কৰিব । এই ঘোষণা এলন মাস্কৰ (Elon Musk tweet on resign controversy)। মাস্কে চলোৱা এক জৰীপৰ ফলাফলৰ পাছতে এই ঘোষণা ।

Musk resign controversy
মুৰ্খ পালেহে মাস্কে টুইটাৰৰ পৰা পদত্যাগ কৰিব

ইণ্টাৰনেশ্যনেল ডেস্ক,২১ ডিচেম্বৰ : টুইটাৰ ক্ৰয় কৰাৰ পাছৰে পৰা চৰ্চাত আছে টেছলাৰ মুৰব্বী এলন মাস্ক । টুইটাৰৰ মুৰব্বী হোৱাৰ পাছৰে পৰা একপ্ৰকাৰ মাইক্ৰ'ব্ল'গিং ছাইটটোৰ বিভিন্ন পৰিৱৰ্তন আনিছে মাস্কে (Musk decision on twitter)। কিছুমান কঠোৰ সিদ্ধান্তও লোৱা দেখা গৈছে যিবোৰে বিশ্বজুৰি চৰ্চা লাভ কৰিছে । সম্প্ৰতি পুনৰ চৰ্চা লাভ কৰিছে মাস্কে ।

এইবাৰ তেওঁৰ মুৰব্বী পদ ত্যাগ কৰাক লৈ চৰ্চা চলিছে (Elon Musk resign controversy)। বহুতে দাবী কৰা মতে শীঘ্ৰে টুইটাৰৰ মুৰব্বীৰ পদ ত্যাগ কৰিব মাস্কে । এই সন্দৰ্ভত চৰ্চা চলি থকাৰ মাজতে মাস্কৰ এক টুইটাৰত পুনৰ আলোড়নৰ সৃষ্টি হৈছে । মঙলবাৰে মাস্কে উল্লেখ কৰা মতে প্ৰতিষ্ঠাপন বিচাৰি পোৱাৰ পাছতে তেওঁ টুইটাৰৰ মুখ্য কাৰ্যবাহী পদ ত্যাগ কৰিব ।

তেওঁ টুইটাৰত উল্লেখ কৰা মতে দায়িত্ব ল'ব পৰা এজন মুৰ্খ বিচাৰি পালেই তেওঁ মুখ্য কাৰ্যবাহী বিষয়াৰ পদ ত্যাগ কৰিব ! তাৰ পাছত, মাস্কে কেৱল ছফ্টৱেৰ আৰু চাৰ্ভাৰ দলবোৰহে চলাব বুলি উল্লেখ কৰে মাস্ক । প্ৰথমবাৰৰ বাবে মাস্কে এনেদৰে সামাজিক মাধ্যমত টুইটাৰৰ মুৰব্বী পদ ত্যাগ কৰাৰ কথা উল্লেখ কৰিছে । ইফালে জৰীপৰ ফলাফলৰ পাছতে এলন মাস্কে পদত্যাগ কৰাৰ কথা ঘোষণা কৰে (Elon Musk starts poll on twitter)। মাস্কৰ এই টুইটৰ পাছতে এতিয়া সৰ্বত্ৰে বিশেষ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

  • I will resign as CEO as soon as I find someone foolish enough to take the job! After that, I will just run the software & servers teams.

    — Elon Musk (@elonmusk) December 21, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

আচলতে, এলন মাস্কে টুইটাৰত এক জৰীপ চলাইছিল য'ত তেওঁ টুইটাৰ ব্যৱহাৰকাৰীৰ পৰা মতামত বিচাৰিছিল যে তেওঁ পদত্যাগ কৰা উচিত নেকি ? মাস্কে প্ৰতিশ্ৰুতি দিছিল যে জৰীপৰ ফলাফল যিয়েই নহওঁক তেওঁ মানি ল'ব । মাস্কৰ জৰীপত, ৫৭.৫ শতাংশ লোকে উত্তৰত হয় বুলি কৈছিল । অৰ্থাৎ, তেওঁ পদত্যাগ কৰা উচিত । আনহাতে ৪২.৫ শতাংশ লোকে তেওঁ পদত্যাগ কৰা উচিত নহয় বুলি কৈছিল ।

ইয়াৰ পূৰ্বে ১৭ নৱেম্বৰত মাস্কে কৈছিল যে টুইটাৰ ক্ৰয় কৰাৰ পাছত, কোম্পানীটোত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন কৰিবলৈ তেওঁ যথেষ্ট সময় দিব লগা হৈছে । মাস্কে উল্লেখ কৰিছিল যে তেওঁ পুৰণি কোম্পানী টেছলাক কম সময় দিব লগীয়া হৈছে । তেওঁৰ মতে টুইটাৰক অধিক সময় দিয়াটোৱে টেছলা বিনিয়োগকাৰীসকলৰ চিন্তা বৃদ্ধি কৰিছে । মাস্কে নিজেই স্বীকাৰ কৰিছে যে তেওঁৰ লক্ষ্য বহুত আছে সেয়েহে তেওঁ এগৰাকী টুইটাৰৰ যোগ্য মুখ্য কাৰ্যবাহী বিচাৰিব ।

লগতে পঢ়ক :Jack Dorsey: টুইটাৰ নিৰ্মাতাই প্ৰতি বছৰে ৮ কোটিকৈ দিব এইটো এপক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.