ETV Bharat / science-and-technology

Jack Dorsey: টুইটাৰ নিৰ্মাতাই প্ৰতি বছৰে ৮ কোটিকৈ দিব এইটো এপক

author img

By

Published : Dec 14, 2022, 5:13 PM IST

টুইটাৰৰ সহ-প্ৰতিষ্ঠাপক জেক ডৰ্চেই কয় যে ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ মালিকীস্বত্ব “এটা কোম্পানী বা কোম্পানী গোট”ৰ সৈতে হ’ব নালাগে । তেওঁ কয় যে, চৰকাৰ আৰু কৰ্পৰেটৰ প্ৰতি এই মঞ্চসমূহৰ মনোভাৱ নমনীয় হ’ব লাগে ।

Jack Dorsey Announces Annual Grant of 1 Million to Signal Private Messenger
টুইটাৰ নিৰ্মাতাই প্ৰতি বছৰে ৮ কোটিকৈ দিব এইটো এপক

নিউজ ডেস্ক, 14 ডিচেম্বৰ: টুইটাৰৰ সহ-প্ৰতিষ্ঠাপক জেক ডৰ্চেই এনক্ৰিপ্ট কৰা Signal Private Messenger এপক প্ৰতি বছৰে ১ বিলিয়ন ডলাৰ (প্ৰায় ৮ কোটি টকা) দিয়াৰ সিদ্ধান্ত লৈছে(Twitter Co Founder Jack Dorsey)। ডৰ্চেই এটা ব্লগ পোষ্টত জনাইছে যে, তেওঁ অপেন ইণ্টাৰনেট ডেভেলপমেন্টত সহায় কৰিবলৈ অনুদান দিয়াৰ পৰিকল্পনা কৰিছে(Twitter Co-Founder Jack Dorsey) । এই খণ্ডত চিগনেল এপটোক দিয়া সহায় তেওঁলোকৰ ফালৰ পৰা প্ৰথম অনুদান ৷

ডৰ্চেৰ মতে, ছ'চিয়েল মিডিয়া প্লেটফৰ্মৰ মালিকীস্বত্ব "এটা কোম্পানী বা কোম্পানী গোট"ৰ সৈতে হ'ব নালাগে । উল্লেখ্য যে, এই বছৰ ডৰ্চেই টুইটাৰ ত্যাগ কৰিছে । জেক ডৰ্চেই ৰিভ্যুত পোষ্ট লিখি চিগনেল এপক প্ৰায় ৮ কোটি টকাৰ অনুদান দিয়াৰ বিষয়ে তথ্য দিছে । Revue হৈছে টুইটাৰৰ মালিকানাধীন এটা নিউজলেটাৰ সেৱা(Jack Dorsey Announces Annual Grant of 1M) ।

ডৰ্চেই কয় যে, ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহে কৰ্পৰেট আৰু চৰকাৰৰ প্ৰতি নমনীয় পন্থা গ্ৰহণ কৰিব লাগে । চলিত বৰ্ষৰ আৰম্ভণিতে ইলন মাস্কে টুইটাৰ ক্ৰয় কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল যদিও ইয়াৰ পিছত ডৰ্চেই নিজৰ দিশ সলনি কৰে ।

জেক ডৰ্চিৰ Bluesky প্ৰজেক্ট

জেক ডৰ্চিৰ পৰা অনুদান লাভ কৰা ইনষ্টেণ্ট মেছেজিং এপ Signal হোৱাটছএপৰ দৰে কাম কৰে । অক্টোবৰ মাহত ডৰ্চেই decentralized social networking initiative Blueskyৰ সবিশেষ তথ্য শ্বেয়াৰ কৰিছিল । বৰ্তমান টুইটাৰৰ সহ-প্ৰতিষ্ঠাপক জেক ডৰ্চেই এই প্ৰকল্পৰ কাম অব্যাহত ৰাখিছে । ব্লুস্কাই হৈছে এটা প্ৰট’কল যিটো বৰ্তমান বিকশিত কৰা হৈছে । ডৰ্চেৰ মতে, ইয়াৰ একাউণ্ট পৰ্টেবিলিটি, এলগৰিদম পছন্দ আৰু ইন্টাৰঅপাৰেবিলিটিৰ দৰে বৈশিষ্ট্যৰ পৰীক্ষা চলি আছে(Signal Private Messenger App) ।

Bluesky এনেকুৱা হ’ব

সেই সময়ছোৱাত ডৰ্চেই প্ৰকাশ কৰে যে ব্লুস্কিয়ে অথেণ্টিক ট্ৰেন্সফাৰ প্ৰট'কল বা AT প্ৰট'কল ব্যৱহাৰ কৰিব । এক আনুষ্ঠানিক বিবৃতি অনুসৰি ব্লুস্কাই ইনিচিয়েটিভৰ AT প্ৰট’কলে বিকেন্দ্ৰীকৃত প্ৰযুক্তিৰ পৰা ধাৰণাসমূহক একত্ৰিত কৰি এটা সহজ, দ্ৰুত আৰু মুক্ত নেটৱৰ্কলৈ আনে । তেওঁ ব্লগ পোষ্টটোত কয় যে AT প্ৰট’কলৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে ‘@alice.com’ৰ দৰে ডমেইন নামৰ জৰিয়তে নিজকে চিনাক্ত কৰিব পাৰিব ।

কৰ্পৰেট আঁতৰোৱা হ’ব

এই ডমেইন নামসমূহ ক্ৰিপ্টোগ্ৰাফিক URLসমূহৰ সৈতে মেপ কৰা হ'ব, আৰু একাউণ্ট আৰু ব্যৱহাৰকাৰীৰ তথ্য সুৰক্ষিত কৰিব । Blueskyৰ AT প্ৰট’কলেও একাউণ্ট পৰ্টেবিলিটি প্ৰদান কৰিব, যাৰ ফলত ব্যৱহাৰকাৰীয়ে নিজৰ ডাটা হেৰুৱাৰ আশংকা নোহোৱাকৈ এটা প্লেটফৰ্মৰ পৰা আন এটা প্লেটফৰ্মলৈ নিজৰ একাউণ্ট ট্ৰেন্সফাৰ কৰিব পাৰিব । ডৰ্চেই কয় যে, এই বৈশিষ্ট্যৰ উদ্দেশ্য হৈছে মানুহৰ অনলাইন পৰিচয়ৰ ওপৰত ডাঙৰ কৰ্পৰেটসকলৰ দখল আঁতৰোৱা ।

লগতে পঢ়ক: Muscular Strength: এটা ঈৰ্ষণীয় শৰীৰৰ গৰাকী হ'ব পাৰিব আপুনিও, মানি চলক এইসমূহ টিপছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.