ETV Bharat / state

Assam Assembly Winter Session : অসমৰ ভূমি ৰক্ষা কৰিবলৈ গৈ বহিষ্কাৰ হ'লোঁ: অখিল গগৈ

author img

By

Published : Dec 21, 2022, 3:50 PM IST

Akhil
Akhil

অসমৰ মাটি ৰক্ষা কৰিবলৈ গৈ পুনৰ সদনৰ পৰা বহিষ্কাৰ হ'বলগীয়া হ'লোঁ (Akhil Gogoi suspended from Assembly) । মন্ত্রী পীযুষ হাজৰিকা, বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু দিগন্ত কলিতা আদি বিজেপিৰ মন্ত্রী-বিধায়কসকলে সদনত 'দাদাগিৰি' কৰে যদিও ব্যৱস্থা গ্ৰহণ কৰা নহয় ।

সদনৰ পৰা বহিষ্কাৰ হোৱাৰ পিছত অখিল গগৈৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, ২১ ডিচেম্বৰ : অসম বিধানসভাৰ শীতকালীন অধিবেশনৰ আজি দ্বিতীয়দিনাও সদনৰ পৰা বহিষ্কৃত হ'ল বিধায়ক অখিল গগৈ (Assam Assembly winter session 2022) । উল্লেখ্য যে আজি বিধায়ক অখিল গগৈয়ে মেঘালয়ৰ সৈতে বিবদমান অঞ্চলক লৈ মন্তব্য দাঙি ধৰাৰ সময়তে সদনত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় । সদনৰ মজিয়াত অখিল গগৈ আৰু মন্ত্ৰী অতুল বৰাৰ মাজত সৃষ্টি হয় বাদানুবাদৰ (Akhil Gogoi and Atul Bora clash on floor)। ইয়াৰ মাজতে অখিল গগৈয়ে অতুল বৰাক ‘ঐ দম নিদিব’ বুলি কয় ।

ইয়াৰ পিছতে অখিলৰ এনে মন্তব্যক লৈ অসন্তুষ্ট হৈ পৰে অধ্যক্ষ বিশ্বজিৎ দৈমাৰী (Akhil Gogoi suspended from Assembly) । অখিল গগৈক ক্ষমা খোজাৰ বাবে বাৰে বাৰে দাবী জনায় অধ্যক্ষই । অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কয় যে সদনত এনে ব্যৱহাৰ কৰা উচিত নহয় । কোনোবা এজনৰ বাবে এনেকৈ সদন অচল হ’ব নোৱাৰে (Assam Assembly speaker Bishwajit Doimary) ।

ৰুল আছে, সদনত বেয়া ব্যৱহাৰ কৰিলে অধ্যক্ষৰ এটা বাক্যত বিধায়ক পদ খাৰিজ হ’ব পাৰে । ইফালে বিধায়ক দিগন্ত কলিতাই অখিল গগৈক ২৪ ডিচেম্বৰলৈকে নিলম্বন কৰিব লাগে বুলি মন্তব্য কৰে । সদনত এনে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হোৱাক লৈ বিৰোধী দলপতি দেৱব্ৰত শইকীয়ায়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে (opposition leader Devabrat Saikia) ।

অৱশেষত অধ্যক্ষই বিধায়ক অখিল গগৈক সদনৰ পৰা বহিষ্কাৰ কৰে । সদনৰ পৰা ওলাই আহি অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত বহিষ্কাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে অসমৰ মাটি ৰক্ষা কৰিবলৈ গৈ আজি পুনৰ সদনৰ পৰা বহিষ্কাৰ হ'বলগীয়া হ'ল । তেওঁ কয় যে অসমৰ চৰকাৰে অসমৰ ভূমি মেঘালয়, অৰুণাচল প্ৰদেশ, মিজোৰাম আৰু নাগালেণ্ডক দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে । পূৰ্বতে এইখন চৰকাৰেই বিধানসভাত অসমৰ ভূমি চুবুৰীয়া ৰাজ্যই দখল কৰাৰ তথ্য দিছিল ।

সেই অনুসৰি ৬৯,০১০.৮২৪২ হেক্টৰ ভূমি চুবুৰীয়া চাৰিখন ৰাজ্যই দখল কৰা বুলি সদনত তথ্য দিয়া হৈছিল (Assam border conflict with neighbouring states) । এইবাৰ সদনত সীমাবিবাদ মীমাংসা কৰাৰ বাবে চুবুৰীয়া ৰাজ্যক কিমান মাটি দিয়া এৰি দিব বিচাৰিছে বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰিছিল । ইয়াৰ উত্তৰত কোৱা হয় যে মেঘালয়ক এৰি দিবলগীয়া ভূমিৰ পৰিমাণ ১৮.৩৩ শতাংশ আৰু অসমে পাবলগা ভূমিৰ পৰিমাণ ১৮.৪৬ বৰ্গকিলোমিটাৰ ।

আনহাতে, পূৰ্বতে মেঘালয়ে দখল কৰা ভূমিৰ পৰিমাণক এইবাৰ বিবদমান এলেকা বুলি কোৱা হ'ল । এই সন্দৰ্ভত প্ৰশ্ন কৰোঁতে মন্ত্রী অতুল বৰাই তেওঁক ধমক দিছিল আৰু প্ৰত্যুত্তৰত তেওঁ 'ঐ ধমক নিদিব' বুলি কৈছিল । ইয়াৰ বাবে তেওঁক বহিষ্কাৰ কৰা হয় বুলি তেওঁ সদৰী কৰে । বিধানসভাৰ অধ্যক্ষৰ নিৰ্দেশক লৈ তেওঁ প্ৰশ্ন নকৰে বুলি সদৰী কৰি কয় যে অধিবেশনৰ প্ৰথমদিনা তেওঁক প্ৰশ্ন নকৰি ভাষণ দিয়া বুলি সদনৰ পৰা বহিষ্কাৰ কৰা হৈছিল ।

কিন্তু আজি সকলোৱে বিশেষকৈ উত্তৰ দিয়া মন্ত্রীসকলে ভাষণ দিছিল যদিও বহিষ্কাৰ নকৰিলে । এই সন্দৰ্ভত তেওঁ বিষয়টো অধ্যক্ষৰ দৃষ্টিগোচৰ কৰিছিল । মন্ত্রী পীযুষ হাজৰীকা, বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু দিগন্ত কলিতা আদি বিজেপিৰ মন্ত্রী-বিধায়কসকলে সদনত 'দাদাগিৰি' কৰা বুলি অভিযোগ কৰি তেওঁ কয় যে তেওঁলোকৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ'ল ।

লগতে পঢ়ক :Human Trafficking Case in Sivasagar : শিৱসাগৰত অপহৃত শিশুক বহিঃৰাজ্যলৈ সৰবৰাহৰ চেষ্টা, গ্ৰেপ্তাৰ ৩

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.