ETV Bharat / state

পুৱা 9 বজাৰ শীৰ্ষ দহটা খবৰ

author img

By

Published : Dec 12, 2022, 9:07 AM IST

top-ten-news-at-9-am
top-ten-news-at-9-am

পুৱা 9 বজাৰ শীৰ্ষ দহটা খবৰ

Assam govt to borrow Rs 800 crore again: উদং ৰাজ্য চৰকাৰৰ ৰাজকোষ

নৱেম্বৰ মাহত প্রায় ১৬ হাজাৰ কোটি টকা ঋণ লোৱা অসম চৰকাৰে এইবাৰ পুনৰ ৮০০ কোটি টকাৰ ঋণ ল’বলৈ সাজু হৈছে(Assam govt to borrow Rs 800 crore again) । ৰিজাৰ্ভ বেংকৰ জৰিয়তে ষ্টক নিলাম কৰি ১৩ ডিচেম্বৰত উক্ত অংকৰ ঋণ ল’ব দিছপুৰে । দিছপুৰৰ ধাৰৰ বোজাই অতিক্ৰম কৰিছে প্রায় ১ লাখ ৩৫ হাজাৰ কোটি টকা ।

Bhupen Borah Poem: ভাৰত জোড়ো-কাব্যচৰ্চা সমানে চলাইছে ভূপেন বৰাই

শেহতীয়াকৈ ৰাজ্যৰ ৰাজনৈতিক পটভূমিত বহুকেইটা কবিতা ৰচনা কৰি কবি হিচাবেও চৰ্চিত হৈ পৰা জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে প্ৰকাশ কৰিব এখন কবিতা সংকলন (Bhupen Borah poem book)৷ শেহতীয়াকৈ ৰাজনীতিৰ সমান্তৰালকৈ কাব্যচৰ্চাত বিশেষ গুৰুত্ব প্ৰদান কৰি কবি হিচাবেও চৰ্চিত হোৱা ভূপেন বৰাই কবিতা সংকলনটোৰ কথা প্ৰকাশ কৰিলে দেওবাৰে ৷

CM in Majuli: মামাক কমলা উপহাৰ মাজুলীৰ ভাগিনৰ

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক কমলা উপহাৰ দিলে মাজুলীৰ যুৱকে(Boy gifts orange to CM himanta Biswa Sarma)) ৷ মাজুলী-লখিমপুৰ সংযোগী দলঙৰ আধাৰশিলাৰ বাবে দেওবাৰে মাজুলীলৈ গৈছিল মুখ্যমন্ত্ৰীগৰাকী(CM in Majuli )। মাজুলীৰ ঘুনুচাবাৰীৰ এজন যুৱকে মুখ্যমন্ত্ৰীগৰাকীক দিলে কমলাৰ উপহাৰ । মুখ্যমন্ত্ৰীগৰাকীক কমলাৰ উপহাৰ দিবলৈ পাই উৎফুল্লিত হৈ পৰিল মাজুলীৰ যুৱকজন ৷ কমলা উপহাৰ দি মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে এখন চেলফিও ল’লে যুৱকজনে ৷

Nationwide signature campaign: কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ সমৰ্থনত দেশজুৰি স্বাক্ষৰ অভিযান

কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ (Koth Population Control Act) সমৰ্থনত দেশজুৰি দেওবাৰৰ পৰা ১০০ দিনীয়া এক স্বাক্ষৰ অভিযান আৰম্ভ (Nationwide signature campaign )কৰিছে ৰাষ্ট্ৰীয় জনসংখ্যা সমাধান ফাউণ্ডেশ্যনে ।

Child Missing in Guwahati : গুৱাহাটীত নিৰুদ্দেশ চাৰি বছৰীয়া কন্যা শিশু

মহানগৰীৰ মালিগাঁৱত শিশু নিৰুদ্দেশৰ ঘটনা ৷ ঘৰৰ দুৱাৰ মুখৰ পৰা নিৰুদ্দেশ ৪ বছৰীয়া কন্যা শিশু (Child Missing in Guwahati)৷

RSS Chief Mohan Bhagawat at Guwahati: অসমত আৰ এছ এছৰ শক্তি বৃদ্ধিৰ লক্ষ্যৰে প্ৰেৰণা শিবিৰত মোহন ভাগৱত

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমত সাংগঠনিক শক্তি বৃদ্ধিৰ উদ্দেশ্যে অধিক তৎপৰ হৈ পৰিছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ চমুকৈ আৰ এছ এছ(Rashtriya Swayamsevak Sangh)। ইয়াৰ অংশ স্বৰূপে দেওবাৰে গুৱাহাটীত আহি উপস্থিত হয় আৰ এছ এছ প্ৰধান মোহন ভাগৱত(Rashtriya Swayamsevak Sangh chief Mohan Bhagawat)।

Pravin Togadia in karimganj : আগন্তুক দুবছৰত আৰম্ভ হ’ব ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ বনোৱাৰ কুচকাৱাজ

দুবছৰৰ পিছৰে পৰাই ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ বনোৱাৰ কুচকাৱাজ আৰম্ভ হ’ব ৷ নথিপত্ৰ নাথাকিলেও ভাৰতত হিন্দুক নাগৰিকত্ব দিব লাগে ৷ কৰিমগঞ্জত উপস্থিত হৈ হিন্দুত্ববাদী নেতা প্ৰবীণভাই টোগাড়িয়াই কৰিলে এনে বহু মন্তব্য (Pravin Togadia in karimganj)৷

Guwhati Police: মহানগৰীত ACP নিলোৎপল ডেকাৰ গুণ্ডাৰাজ

গুণ্ডাগিৰীত নামিছে নুনমাটি থানাৰ ACP নিলোৎপল ডেকা ৷ ভাড়াতীয়াক ঘৰ খালী নকৰিলে গুলীয়াই মৰাৰ ভাবুকি ACP নিলোৎপল ডেকাৰ ৷ কেৱল সিমানেই নহয়, ভূ-মাফিয়েৰে লগ হৈ বহু পৰিয়ালক বল প্ৰয়োগ কৰি উচ্ছেদ কৰাৰো অভিযোগ উত্থাপন হৈছে এই গৰাকী আৰক্ষী বিষয়া ACP নিলোৎপল ডেকাৰ বিৰুদ্ধে ৷

Jorhat Book Fair: সামৰণি পৰিল যোৰহাট গ্ৰন্থমেলা, ১ কোটি টকাৰ গ্ৰন্থ বিক্ৰী

গ্ৰন্থপ্ৰেমীৰ ব্যাপক সহাৰিৰ মাজেৰে দেওবাৰে সামৰণি পৰিল যোৰহাটৰ অসম গ্ৰন্থমেলা (Assam Book Fair in Jorhat ) ৷ প্ৰায় ১ কোটিতকৈ অধিক টকাৰ গ্ৰন্থ বিক্ৰী কৰি এইবাৰ যোৰহাট গ্ৰন্থমেলাই অভিলেখ স্থাপন কৰে (Assam Book Fair in Jorhat ended) ৷

CM of Himachal Pradesh: মুখ্যমন্ত্ৰী হিচাপে শপত ল'লে সুখবিন্দৰ সিং সুখুৱে

ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰে চিমলাৰ ঐতিহাসিক ৰিজ গ্ৰাউণ্ডত আয়োজিত এক অনুষ্ঠানত সুখবিন্দৰ সিং সুখুক মুখ্যমন্ত্ৰী আৰু মুকেশ অগ্নিহোত্ৰীক উপ-মুখ্যমন্ত্ৰী হিচাপে শপত বাক্য পাঠ কৰোৱায় (Himachal CM oath taking ceremony)। সুখবিন্দৰ সিং সুখু হিমাচলৰ সপ্তমগৰাকী মুখ্যমন্ত্ৰী ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.