ETV Bharat / state

Nationwide signature campaign: কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ সমৰ্থনত দেশজুৰি স্বাক্ষৰ অভিযান

author img

By

Published : Dec 11, 2022, 9:33 PM IST

Nationwide signature campaign in support of Koth Population Control Act
Nationwide signature campaign: কোঠৰ জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ সমৰ্থনত দেশজুৰি স্বাক্ষৰ অভিযান

কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ (Koth Population Control Act) সমৰ্থনত দেশজুৰি দেওবাৰৰ পৰা ১০০ দিনীয়া এক স্বাক্ষৰ অভিযান আৰম্ভ (Nationwide signature campaign )কৰিছে ৰাষ্ট্ৰীয় জনসংখ্যা সমাধান ফাউণ্ডেশ্যনে ।

Nationwide signature campaign: কোঠৰ জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ সমৰ্থনত দেশজুৰি স্বাক্ষৰ অভিযান

গুৱাহাটী, 11 ডিচেম্বৰ : ৰাষ্ট্ৰীয় জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ (National Population Solutions Foundation) উদ্যোগত গণ স্বাক্ষৰ অভিযান আৰম্ভ কৰা হৈছে ৷ কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ (Koth Population Control Act) সমৰ্থনত দেশজুৰি দেওবাৰৰ পৰা 100 দিনীয়া এক স্বাক্ষৰ অভিযান আৰম্ভ (Nationwide signature campaign)কৰিছে ৰাষ্ট্ৰীয় জনসংখ্যা সমাধান ফাউণ্ডেশ্যনে ।

দেওবাৰে দিছপুৰ প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলযোগে ৰাষ্ট্ৰীয় জনসংখ্যা সমাধান ফাউণ্ডেশ্যন এই অভিযান 11 ডিচেম্বৰৰ পৰা 2023 চনৰ 20 মাৰ্চ পৰ্যন্ত চলি থাকিব বুলি জানিবলৈ দিয়ে (Press meet at Dispur Press club) ৷ এই কথা সংবাদমেলত সদৰী কৰে জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ ৰাষ্ট্ৰীয় উপ-সভাপতি হৰেন্দ্ৰ বৰাই (National Vice President Harendra Bora)।

অহা 25 মাৰ্চত স্মাৰক পত্ৰসহ সংগ্ৰহ কৰা কোটি কোটি স্বাক্ষৰ নতুন দিল্লীত বিশাল সমদলেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ (PM Narendra Modi) হাতত অৰ্পণ কৰা হ’ব বুলি সংবাদমেলখনত জনায় ৷ তেওঁ কয় যে আজি সমগ্ৰ দেশতে স্বাক্ষৰ অভিযান আৰম্ভ হৈছে ৷

এই অভিযান অনুসৰি আজি পুৱা 8 বজাৰ পৰা উত্তৰ প্ৰদেশ, ওড়িশা, পশ্চিম বংগ , গুজৰাট, ঝাৰখণ্ডকে ধৰি অন্যান্য ৰাজ্যসমূহত স্বাক্ষৰ অভিযান শুভাৰম্ভ কৰা হৈছে ৷ 100 দিনৰ ভিতৰত সমগ্ৰ দেশৰ পৰা 12 কোটি স্বাক্ষৰ লোৱাৰ লক্ষ্য লোৱা হ'ব বুলি সংবাদমেলখনত সদৰী কৰে ৷

সেই অনুসৰিয়েই আজিৰে পৰা অসমতো স্বাক্ষৰ অভিযান আৰম্ভ কৰা হৈছে ৷ ৰাজ্যখনৰ গাঁৱে-ভূঞে গৈ জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ বিষয়ে সজাগ কৰাৰ লগতে আইনখন সমৰ্থনকাৰী সকলৰ পৰা স্বাক্ষৰ লোৱা হ’ব বুলি জানিবলৈ দিয়ে ৷ লগতে জনবিস্ফোৰণৰ লগতে জনসংখ্যাৰ ভাৰসাম্যহীনতাই ৰাষ্ট্ৰৰ একতা আৰু অখণ্ডতাৰ বাবে ভয়াৱহ বিপদ কঢ়িয়াই আনিছে বুলি তেওঁ মন্তব্য প্ৰকাশ কৰে ৷

লগতে পঢ়ক: Pravin Togadia in karimganj : আগন্তুক দুবছৰত আৰম্ভ হ’ব ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ বনোৱাৰ কুচকাৱাজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.