Pravin Togadia in karimganj : আগন্তুক দুবছৰত আৰম্ভ হ’ব ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ বনোৱাৰ কুচকাৱাজ

author img

By

Published : Dec 11, 2022, 7:42 PM IST

Pravin Togadia in karimganj

দুবছৰৰ পিছৰে পৰাই ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ বনোৱাৰ কুচকাৱাজ আৰম্ভ হ’ব ৷ নথিপত্ৰ নাথাকিলেও ভাৰতত হিন্দুক নাগৰিকত্ব দিব লাগে ৷ কৰিমগঞ্জত উপস্থিত হৈ হিন্দুত্ববাদী নেতা প্ৰবীণভাই টোগাড়িয়াই কৰিলে এনে বহু মন্তব্য (Pravin Togadia in karimganj)৷

কৰিমগঞ্জত হিন্দুত্ববাদী নেতা প্ৰবীণভাই টোগাড়িয়া

কৰিমগঞ্জ, 11 ডিচেম্বৰ : কৰিমগঞ্জত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ হোৱা দেখা গ'ল হিন্দুত্ববাদী নেতা তথা ইণ্টাৰনেশ্যনেল হিন্দু পৰিষদৰ(International Hindu Parishad) সভাপতি প্ৰবীণভাই টোগাড়িয়াক ৷ টোগাড়িয়াৰ মতে হিমন্ত বিশ্ব শৰ্মাই অসমখনক হিন্দুত্ববাদীৰ দিশত লাহে লাহে লৈ যাবলৈ আগবাঢ়ি আছে ।

আনহাতে বদৰুদ্দিন আজমলক গাধৰ পিঠিত উঠাই বাংলাদেশলৈ পঠিয়াব লাগে বুলি মন্তব্য কৰি টোগাড়িয়াই(Dr Pravin Togadia) কয়, ‘‘আজমলে যিটো সংগঠন অৰ্থাৎ তবলিগি জামাতৰ মুখপাত্ৰ হৈ ডাঙৰ ডাঙৰ মাত মাতি আছে সেই সংগঠন অসমত নিষিদ্ধ কৰাৰ সমান্তৰালকৈ অসমত থকা পঞ্চাশ লাখ বাংলাদেশী মুছলমানক বিচাৰি উলিয়াই অসমৰ পৰা খেদি পঠিয়ালে বদৰুদ্দিন আজমল আকৌ ধুবুৰীৰ পৰা সাংসদ নিৰ্বাচিত হ’ব নোৱাৰে’’(Pravin Togadia on Badruddin Ajmal)৷

প্ৰবীণভাই টোগাড়িয়াই সকিয়নী প্ৰদান কৰি কয়, ‘‘অসমত কোনো এজন হিন্দু, সেয়া লাগিলে অসমীয়া হওক, বঙালী বা নেপালী নহওক, কোনো হিন্দুক যদি ডি ভোটাৰ বনাই হাৰাশাস্তি কৰা হয় তেন্তে অসমত আন্দোলন হ’ব ৷ আনকি ভুল এনআৰচিৰ সময়ত যি আন্দোলন হৈছিল সেয়া সকলোৰে মনত আছে’’ ।

হিন্দু সম্পৰ্কে ব্যাখ্যা আগবঢ়াই টোগাড়িয়াই লগতে কয়, ‘‘কোনো এজন হিমন্ত বিশ্ব শৰ্মাই যদি জয় শ্ৰীৰাম ধ্বনি দিছে আন কোনো ৰাহুল গান্ধীয়ে জয় ছীয়া ৰাম বুলি ধ্বনি দিছে ৷ আনকি কোনো এজন হিন্দুৰ যদি কোনো নথিপত্ৰ নাথাকে, সেইজন হিন্দুক ভাৰতীয় নাগৰিকত্ব দিব লাগে’’৷

ডিটেনচন কেম্পত বন্দী কৰি ৰখা প্ৰতিজন হিন্দুক মোকোলাই নিদিলে বৃহত্তৰ আন্দোলন গঢ়ি তোলা হ’ব বুলিও হুংকাৰ প্ৰদান কৰে হিন্দুত্ববাদী নেতা প্ৰবীণভাই টোগাড়িয়াই (Hindu in detention camp) ৷ লগতে তেওঁ কয়, ‘‘হিন্দুসকলে 15 টা সন্তান জন্ম দিয়াৰ ক্ষমতা থাকে, কিন্তু জনসংখ্যা বৃদ্ধি হ'লে দেশৰ ক্ষতি হ’ব বুলি হিন্দুসকলে ভালকৈ জানে ।

আনকি যেনেদৰে ৰাম মন্দিৰ বনোৱা হৈছে ঠিক তেনেদৰে জনসংখ্যা আইন আনিবলৈ চৰকাৰক বাধ্য কৰাই আগন্তুক দুবছৰৰ পিছৰে পৰাই ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ বনোৱাৰ কুচকাৱাজো আৰম্ভ কৰা হ’ব ৷ অৱশ্যে হিন্দু ৰাষ্ট্ৰত নাথাকিব কোনো মুছলমান বিষয়ববীয়া’’৷

টোগাড়িয়াৰ মতে ভাৰত কেৱল হিন্দুৰ ৰাষ্ট্ৰ হ’লে থাকিব ‘হিন্দু কা ছাথ হিন্দু কা বিকাশ’ ৷ তেতিয়া ভাৰতবৰ্ষত নচলিব ‘সব কা ছাথ ছব কা বিকাশ’’৷

লগতে পঢ়ক : CM of Himachal Pradesh: মুখ্যমন্ত্ৰী হিচাপে শপত ল'লে সুখবিন্দৰ সিং সুখুৱে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.