ETV Bharat / state

Guwhati Police: মহানগৰীত ACP নিলোৎপল ডেকাৰ গুণ্ডাৰাজ

author img

By

Published : Dec 11, 2022, 7:24 PM IST

গুণ্ডাগিৰীত নামিছে নুনমাটি থানাৰ ACP নিলোৎপল ডেকা ৷ ভাড়াতীয়াক ঘৰ খালী নকৰিলে গুলীয়াই মৰাৰ ভাবুকি ACP নিলোৎপল ডেকাৰ ৷ কেৱল সিমানেই নহয়, ভূ-মাফিয়েৰে লগ হৈ বহু পৰিয়ালক বল প্ৰয়োগ কৰি উচ্ছেদ কৰাৰো অভিযোগ উত্থাপন হৈছে এই গৰাকী আৰক্ষী বিষয়া ACP নিলোৎপল ডেকাৰ বিৰুদ্ধে ৷

Guwhati Police
মহানগৰীত ACP নিলোৎপল ডেকাৰ গুণ্ডাৰাজ

মহানগৰীত ACP নিলোৎপল ডেকাৰ গুণ্ডাৰাজ

গুৱাহাটী, ১১ ডিচেম্বৰ: মহানগৰীত গুণ্ডাগিৰীত নামিছে খোদ আৰক্ষী বিষয়া । নুনমাটি থানাৰ ACP নিলোৎপল ডেকাৰ বিৰুদ্ধে উত্থাপন হৈছে এই গুৰুতৰ অভিযোগ(ACP Nilotpal Deka) । মহানগৰীৰ ভি আই পি মেগজিনত ভাড়াতীয়াক ঘৰ খালী কৰিবলৈ দিয়াক লৈ সৃষ্টি হৈছে চাঞ্চল্য । ভুক্তভোগী ভাড়াতীয়া প্ৰাঞ্জল মেধিয়ে দেওবাৰে দিছপুৰ প্ৰেছ ক্লাৱত সংবাদমেল সম্বোধন কৰি ACP নিলোৎপল ডেকাৰ বিৰুদ্ধে উত্থাপন কৰিছে এই অভিযোগ ৷

ঘৰৰ গৰাকীৰ নিৰ্দেশ অনুসৰি আৰক্ষীয়ে ভাড়াতীয়া প্ৰাঞ্জল মেধিৰ পৰিয়ালক ঘৰ খালী কৰিবলৈ ভাবুকি দিয়াৰ গুৰুতৰ অভিযোগ । ১০ দিনৰ ভিতৰত ঘৰ খালী নকৰিলে ACP নিলোৎপল ডেকাই গুলীয়াই মৰাৰ ভাবুকি দিয়াৰো অভিযোগ প্ৰাঞ্জল মেধিৰ(Threatening of killing) ৷

প্ৰাঞ্জল মেধিয়ে সংবাদমেলত সদৰী কৰা অনুসৰি তেওঁ চলিত বৰ্ষৰ পহিলা জানুৱাৰীত ভি আই পি মেগজিনত জয়া দাস নামৰ মহিলা গৰাকীৰ ঘৰ ভাড়ালৈ লৈছিল । ২৫ নৱেম্বৰত ঘৰৰ মালিক জয়া দাসে কোনো ধৰণৰ আগজাননী নিদিয়াকৈ ঘৰটো এৰি দিবলৈ নিৰ্দেশ দিছিল প্ৰাঞ্জল মেধিক । তাৰ পিছতে তেওঁ দুই-তিনি মাহ সময় বিচৰাত ঘৰৰ মালিকে নুনমাটি থানাত এজাহাৰ দাখিল কৰিছিল যদিও কোনো ধৰণৰ গোচৰ ৰুজু নহ’ল ।

ইয়াৰ পিছত, ভাড়াঘৰৰ মালিক পক্ষৰ কথামতে প্ৰথমে ৬ ডিচেম্বৰত প্ৰাঞ্জল মেধিক নুনমাটি থানালৈ মাতি ঘৰ খালী কৰিবলৈ নিৰ্দেশ দিয়াৰ অভিযোগ ৷ তাৰ দুদিন পিছত অৰ্থাৎ ৮ ডিচেম্বৰত পুনৰ নুনমাটি থানাৰ ACP নিলোৎপল ডেকাই ভাড়াতীয়া প্ৰাঞ্জলক মাতি আনি অশ্লীল গালি-গালাজ কৰাৰ লগতে ১০ দিনৰ ভিতৰত ঘৰ খালী নকৰিলে গুলীয়াই হত্যা কৰাৰ ভাবুকি দিয়ে ৷

ইতিমধ্যে ঘটনা সন্দৰ্ভত উচিত তদন্ত বিচাৰি মহানগৰ আৰক্ষী আয়ুক্তকে ধৰি কেইবাগৰাকী শীৰ্ষ আৰক্ষী বিষয়াক অভিযোগ দাখিল কৰিছে ভুক্তভোগী পৰিয়ালটোৱে । আনহাতে সংবাদমেলত আন এটা ভুক্তভোগী পৰিয়ালে ACP নিলোৎপল ডেকাই ভূ-মাফিয়াৰে মিলি কিদৰে হাৰাশাস্তি কৰিছে সেই তথ্যও সদৰী কৰে ।

মহানগৰীৰ বোন্দাৰ প্ৰদীপ কলিতা নামৰ লোকজনৰ পৰিয়ালক হাৰাশাস্তি কৰি অহাৰো অভিযোগ ACP নিলোৎপল ডেকাৰ বিৰুদ্ধে । যোৱা ২৯ নৱেম্বৰত প্ৰদীপ কলিতা নামৰ লোকজনক মাৰপিট কৰে এ চি পি নিলোৎপল ডেকাই । প্ৰদীপ কলিতাই পৰিয়ালৰ সৈতে প্ৰীতিভোজ খাই থকাৰ সময়তে এ চি পি গৰাকীয়ে পানীখাইতী আৰক্ষী চকীৰ উপ-পৰিদর্শক মোহন দলেক লগত লৈ সেই স্থানত উপস্থিত হৈছিল । প্ৰীতি ভোজ খাই থকা প্ৰদীপ কলিতাক মাটিখিনি খালী কৰাৰ নিৰ্দেশ দিয়ে ACP নিলোৎপল ডেকাই । কলিতাই আদালতত চলি থকা গোচৰ শেষ নোহোৱা পর্যন্ত মাটি খালী নকৰে বুলি স্পষ্ট কৰি দিয়ে ACP নিলোৎপল ডেকাক ।

ইয়াৰ পিছতে আৰক্ষী বিষয়াজনে কলিতাক প্ৰহাৰ কৰাৰ লগতে কলিতা আৰু তেওঁৰ পত্নীক পানীখাইতী থানালৈ আনি বিভিন্ন গালি-গালাজ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে । ৩০ নৱেম্বৰত প্ৰদীপ কলিতাৰ মাটিত ভূ-মাফিয়াৰ সৈতে ACP নিলোৎপল ডেকা উপস্থিত হৈ কলিতাৰ ঘৰ ভাঙি দিয়াৰ লগতে গছ গছনি কাটি পেলায় ।

আনহাতে, আন এক অনুৰূপ ঘটনা ACP নিলোৎপল ডেকাই নাৰেংগী কলংপাৰ মনিকা ডেকাৰ ঘৰতো সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে । ভূ-মাফিয়াৰে মিলি কোনো জাননী নোহোৱাকৈ মনিকা ডেকাৰ ঘৰ উচ্ছেদ কৰে ACP নিলোৎপল ডেকাই ৷ উল্লেখ্য যে, এই ঘটনা সংঘটিত হৈছিল ২০২১ চনৰ ৬ জুলাইত ৷

ঘটনা সন্দৰ্ভত মানৱ অধিকাৰ আয়োগ, নুনমাটি আৰক্ষী থানাত গোচৰ দিয়া হৈছে যদিও আজিলৈ কোনো ন্যায় লাভ কৰা নাই বুলি মন্তব্য ভুক্তভোগী পৰিয়াল কেইটাৰ ৷

লগতে পঢ়ক: Satellite Township in Assam: নগাঁও কাগজ কলক উপগ্ৰহীয় চহৰ গঢ়াৰ পৰিকল্পনা চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.