ETV Bharat / state

Satellite Township in Assam: নগাঁও কাগজ কলক উপগ্ৰহীয় চহৰ গঢ়াৰ পৰিকল্পনা চৰকাৰৰ

author img

By

Published : Dec 11, 2022, 1:50 PM IST

নগাঁও কাগজ কলৰ বিশাল ভূখণ্ডক উপগ্ৰহীয় চহৰৰ বাবে ব্যৱহাৰ কৰা হ'ব (Satellite Township at Nagaon Paper Mill)। জি এম ডি এৰ তৰফৰ পৰা নিবিদা প্ৰক্ৰিয়াৰ জৰিয়তে ছিংগাপুৰ চৰকাৰৰ বিশেষজ্ঞ সংস্থা 'মেছাৰ্ছ ছুৰবানা জুৰং ইনফ্ৰাষ্ট্ৰাকচাৰ্ছ প্ৰাইভেট লিমিটেড'ক উপগ্ৰহীয় চহৰৰ মাষ্টাৰ প্লেন আৰু উন্নয়ন পৰিকল্পনা প্ৰস্তুতৰ বাবে পৰামৰ্শদাতা হিচাপে নিয়োগ কৰিছে। শীঘ্ৰেই সংস্থাটোৱে আগবঢ়াব চূড়ান্ত প্ৰেজেণ্টেশ্যন ।

Satellite Township in Assam:
নগাঁও কাগজ কলক উপগ্ৰহীয় চহৰ গঢ়াৰ পৰিকল্পনা চৰকাৰৰ

গুৱাহাটী, ১১ ডিচেম্বৰ: গুৱাহাটী মহানগৰীৰ বৰ্ধিত জনসংখ্যা আৰু সকলো দিশৰে পৰা চহৰখনৰ ওপৰত আহি পৰা ক্ৰমবৰ্ধমান হেঁচাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটীৰ সমীপৰ এহাজাৰ একৰ এলেকাত এখন নতুন 'ছেটেলাইট টাউনশ্বিপ' তথা উপগ্ৰহীয় চহৰ গঢ়ি তোলাৰ পৰিকল্পনা হাতত লৈছে ৰাজ্য চৰকাৰে (Satellite Township in Assam)। অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগে প্ৰস্তাৱিত এই চহৰৰ সম্ভাৱনীয়তা অন্বেষণৰ বাবে গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ চমুকৈ জি এম ডি এক দায়িত্ব অৰ্পণ কৰিছে (GMDA) ।

ইতিমধ্যে জি এম ডি এৰ তৰফৰ পৰা নিবিদা প্ৰক্ৰিয়াৰ জৰিয়তে ছিংগাপুৰ চৰকাৰৰ এটা বিশেষজ্ঞ সংস্থা 'মেছাৰ্ছ ছুৰবানা জুৰং ইনফ্ৰাষ্ট্ৰাকচাৰ্ছ প্ৰাইভেট লিমিটেড'ক এই উপগ্ৰহীয় চহৰৰ মাষ্টাৰ প্লেন আৰু উন্নয়ন পৰিকল্পনা প্ৰস্তুতৰ বাবে পৰামৰ্শদাতা হিচাপে নিয়োগ কৰিছে (urbana Jurong Infrastructures Private Limited)। পৰামৰ্শদাতা সংস্থাটোৱে ইতিমধ্যে তেওঁলোকৰ প্ৰাৰম্ভিক পৰামৰ্শ সম্বলিত এক প্ৰেজেণ্টেশ্যন মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মা আৰু গৃহ নিৰ্মাণ তথা নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংঘালৰ সন্মুখত দাঙি ধৰিছে (CM Himanta Biswa Sarma) । জানিব পৰা মতে, অতি সোনকালেই তেওঁলোকৰ চূড়ান্ত প্ৰেজেণ্টেশ্যন আগবঢ়াব ।

উল্লেখ্য় যে ২০২১ চনৰ ডিচেম্বৰত বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে অনুষ্ঠিত প্ৰধানমন্ত্ৰীৰ সন্মিলনত ছেটেলাইট টাউনশ্বিপৰ উন্নয়নৰ বিষয়টোৱে বিশেষ গুৰুত্ব লাভ কৰিছিল (Prime Ministers Conference in 2021)। ২০২২-২৩ বৰ্ষৰ ৰাজ্যিক বাজেটতো গুৱাহাটীৰ সমীপত এখন বিশ্বমানৰ সংহত ব্যৱসায়িক চহৰ অমৃত-গুৱাহাটী সংহত গ্ল'বেল চিটি (Amrit Guwahati Integrated Global City) গঢ়ি তোলাৰ কথা চৰকাৰে ঘোষণা কৰিছিল । প্ৰস্তাৱিত এই অমৃত-জি আই জি চহৰখন ১০০০ একৰ এলেকাত সম্পূৰ্ণৰূপে পৰিকল্পিত হ'ব । নতুন যুগৰ আৱাসিক আৰু সামাজিক আন্তঃগাঁথনিৰ লগতে পৰিৱৰ্তিত সময়ৰ সৈতে খাপ খোৱাকৈ পৰৱৰ্তী প্ৰজন্মৰ বাবে বিশ্বমানৰ আন্তঃগাঁথনিক সামৰি লোৱাৰ পৰিকল্পনা কৰা হৈছে ।

পঞ্চদশ বিত্ত আয়োগৰ পৰামৰ্শৰ (Recommendations of 15th Finance Commission) ভিত্তিত ইতিমধ্যেই ভাৰত চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে দেশৰ ৮খন নতুন চহৰ গঢ়াৰ বাবে প্ৰদৰ্শন ভিত্তিক প্ৰত্যাহ্বান পুঁজিৰ (Performance Based Challenge Fund) বাবে প্ৰস্তাৱ (Request for Proposal RFP) আহ্বান কৰিছে । ৫০০ কোটি টকাৰ এই কেন্দ্ৰীয় পুঁজি লাভৰ বাবে ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগেও এই কেন্দ্ৰীয় নিবিদাত অংশগ্ৰহণ কৰিছে ।

উল্লেখ্য় যে উপগ্ৰহীয় চহৰৰ ধাৰণা ভাৰতবৰ্ষত তুলনামূলকভাৱে নতুন হ'লেও সম্প্ৰতি ই সকলো ডাঙৰ চহৰতে প্ৰাধান্য লাভ কৰিছে । জনবহুল মহানগৰৰ সমীপত গঢ়ি তোলা এনে উপগ্ৰহীয় চহৰসমূহত ডাঙৰ চহৰসমূহত উপলব্ধ প্ৰায় সকলোধৰণৰ আন্তঃগাঁথনি আৰু সুবিধা উপলব্ধ কৰাৰ প্ৰয়াস কৰা হয় । উপগ্ৰহীয় চহৰসমূহ সংহত টাউনশ্বিপ মডেলৰ ভিত্তিত গঢ়ি তোলা হয় । মূল চহৰখনক ভিৰমুক্ত কৰাৰ উপৰি এনে চহৰসমূহে বৃহত্তৰ মূল চহৰখনত বাস কৰা নাগৰিকসকলক সুলভ মূল্যৰ গৃহ নিৰ্মাণৰ সুবিধা লাভৰ বাবে এক সম্ভৱপৰ বিকল্প প্ৰদান কৰে । তদুপৰি এনে উপগ্ৰহীয় চহৰে ইয়াৰ বাসিন্দাসকলক নতুন সংস্থাপনৰ সুযোগ, আন্তঃগাঁথনিৰ সুবিধাৰ লগতে বাণিজ্যিক আৰু আৱাসিক স্থানৰ ক্ষেত্ৰত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰে ।

জানিব পৰা মতে, জাগীৰোডত এই উপগ্ৰহীয় চহৰ গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে । নগাঁও কাগজ কলৰ বিশাল ভূখণ্ডক ইয়াৰ বাবে ব্যৱহাৰ কৰা হ'ব । উল্লেখ্য় যে ৰাজ্য চৰকাৰে ইতিমধ্যে নগাঁও কাগজ কলৰ ভূমিক বাদ দি বাকী যন্ত্রাংশসমূহ বিক্ৰী কৰাৰ ব্যৱস্থা কৰিছে (Nagaon Paper Mill)। ৰাজ্যৰ প্ৰথম উপগ্ৰহীয় চহৰ হিচাপে নগাঁও কাগজ কলৰ ভূখণ্ডক ব্যৱহাৰ কৰাৰ বাবে নক্সা প্ৰস্তুত কৰিব ছিংগাপুৰৰ সংস্থাটোৱে ।

লগতে পঢ়ক:Assam Assembly winter session : ২০ ডিচেম্বৰৰ পৰা অসম বিধানসভাৰ শীতকালীন অধিৱেশন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.