ETV Bharat / state

9 বজাৰ শীৰ্ষ 10টা বাতৰি

author img

By

Published : May 11, 2022, 9:00 AM IST

TOP 10 AT 9 AM
9 বজাৰ শীৰ্ষ 10টা বাতৰি

9 বজাৰ শীৰ্ষ 10টা বাতৰি

দিল্লীলৈ ওভতাৰ পূৰ্বে গুৱাহাটীত পাঁচটাকৈ নতুন আধাৰশিলা অমিত শ্বাহৰ

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আনুষ্ঠানিকভাৱে সামৰণি পৰিল হিমন্তবিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ প্ৰথমটো বৰ্ষপূৰ্তিৰ অনুষ্ঠান ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৫ টাকৈ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে এই অনুষ্ঠানত (Amit Shah lays foundation stone of five development project) ৷ সামৰণি অনুষ্ঠানত ডাঙি ধৰা হ’ল ৰাজ্য চৰকাৰৰ এবছৰীয়া কাম-কাজৰ খতিয়ান ৷

অসম আৰক্ষীলৈ ৰাষ্ট্ৰপতিৰ নিচান প্ৰদান কৰাৰ পাছতে মৰাণত আনন্দৰ জোৱাৰ

"আজিৰ দিনটো সোণালী আখৰেৰে লিখা থাকিব"- এই মন্তব্য মৰাণৰ আৰক্ষীৰ চক্ৰ পৰিদৰ্শকৰ ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে মঙলবাৰে অসম আৰক্ষীক প্ৰদান কৰে ৰাষ্ট্ৰপতিৰ নিচান(President's Colour Award to Assam police) শীৰ্ষক সন্মান ৷ এই সন্মান লাভৰ পিছতে মৰাণৰ আৰক্ষীসকলৰ মাজত দেখা যায় আনন্দ-উল্লাস ৷

হিমন্ত চৰকাৰৰ বৰ্ষপুৰ্তিৰ বিশাল ৰাজহুৱা সভাত ভাগ ল’লে অমিত শ্বাহে

আজি ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ এবছৰ পূৰ্ণ হ’ল ৷ মঙলবাৰে চৰকাৰখনৰ বৰ্ষপুৰ্তিৰ বাবে এখন বিশাল ৰাজহুৱা সভা অনুষ্ঠিত হয় । এই ৰাজহুৱা সভাত অংশ লয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে (Union home minister Amit Shah) ৷

দিল্লীৰ ওচৰত আঁঠু লৈ জীয়াই আছে অসম চৰকাৰ : লুৰীণজ্যোতি গগৈ

এইখন চৰকাৰ দিল্লীৰ ওচৰত আঠু লৈ জীয়াই আছে । চৰকাৰখনৰ বৰ্ষপূৰ্তি উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে চৰকাৰৰ কামকাজক লৈ এইদৰে অসন্তুষ্টি প্ৰকাশ কৰে অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ৷ গগৈৰ অভিযোগ, চৰকাৰখনে বিদ্যালয়ৰ পৰা মাতৃভাষা নোহোৱা কৰাৰ বাবে কৌশলপূৰ্ণ ষড়যন্ত্রত লিপ্ত হৈছে ।

চামগুৰিত ফুটগধূলিতে ডকাইতৰ গুলীত আহত গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বত্বাধিকাৰী

নগাঁৱৰ চামগুৰিত ডকাইতিৰ চেষ্টা । দুৰ্বৃত্তৰ গুলীত আহত স্থানীয় এটা গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বত্বাধিকাৰী (Firing in Samaguri)। মুমূৰ্ষ অৱস্থাত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি ।

কোনো বিচাৰ নকৰাকৈ মৃত্যুদণ্ড দিয়াটো উচিত নহয় : জুবিন গাৰ্গ

পথাৰো আমাৰ, বজাৰো আমাৰ দখলৰ শ্লোগানেৰে গুৱাহাটী জয়ানগৰ চাৰিআলিত শিল্পী জুবিন গাৰ্গৰ অৰ্থনৈতিক বিপ্লৱ । ৰাইজৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ল বৃন্দাবন চুপাৰ মাৰ্ট (Brindaban Super mart officially opened in Guwahati) ৷

Award winning assamese films: দুখনকৈ অসমীয়া ছবিলৈ চাউথ ইণ্ডিয়ান ফিল্ম ফেচ্টিভেল এৱাৰ্ড ২০২২

এটা অনলাইন প্ৰতিযোগিতাত দুখনকৈ অসমীয়া ছবিয়ে লাভ কৰিলে বঁটা (Award winning assamese films) ৷ অসমীয়া ছুটি ছবি ‘নাৰী’ আৰু অসহায়ে লাভ কৰিলে চাউথ ইণ্ডিয়ান ফিল্ম ফেচ্টিভেল এৱাৰ্ড ২০২২ ৷

One year completion of Assam government: অক্ষয় বন্তিত তেল ঢালি চৰকাৰলৈ শুভকামনা

এটা বছৰ সম্পূৰ্ণ কৰিলে ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে (Assam Government led by Himanta Biswa Sarma completes one year) । বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰৰ অক্ষয় বন্তিত তেল ঢালি চৰকাৰৰ উন্নয়ন কামনা কৰিলে ঢেকীয়াখোৱা বৰনামঘৰৰ পৰিচালনা সমিতিৰ লগতে বিজেপিৰ স্থানীয় সদস্যসকলে ৷ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু প্ৰতিগৰাকী মন্ত্ৰী বিধায়কৰ মংগল কামনাৰ কৰে বৰ নামঘৰত উপস্থিত লোকসকলে ৷

DGCAৰ অনুসন্ধানকাৰী দলে এসপ্তাহত সংগ্ৰহ কৰিব ইণ্ডিগ' ঘটনাৰ তথ্য: জ্য়োতিৰাদিত্য সিন্ধিয়া

এটা বিশেষ ঘটনাই জোকাৰিছে সমগ্ৰ দেশ । ৰাঁচী বিমান বন্দৰত এটি বিশেষভাৱে সক্ষম শিশুক বৰ্ডিঙৰ পৰা বঞ্চিত কৰিছিল ইণ্ডিগ' বিমানৰ কৰ্তৃপক্ষই (Specially abled child barred from boarding Indigo flight) । মূহুৰ্ততে ভাইৰেল হৈ পৰিছিল সেই ভিডিঅ । এই লৈ তাৎক্ষণিক পদক্ষেপ বিমান মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ(Scindia on Indigo incident) । এসপ্তাহৰ ভিতৰত ঘটনাৰ প্ৰমাণ সংগ্ৰহৰ নিৰ্দেশ DGCAক (Scindia on DGCA factfinding team) ।

উদণ্ড বাইক চালকৰ বাইকৰ খুন্দাত আহত আৰক্ষী

বঙাইগাঁও জিলাৰ মাণিকপুৰত আৰক্ষীয়ে তহল দি থকাৰ সময়তে উদণ্ড বাইক চালকৰ বাইকৰ খুন্দাত গুৰুত্বৰ ভাৱে আহত হয় এজন আৰক্ষীৰ জোৱান(Police seriously injured in bike collision) । মাণিকপুৰত আৰক্ষীৰ এটা দলে তালাচী চলাই থকাৰ সময়তে জাকুৱাপাৰাৰ উদণ্ড বাইক চালক কৰ্তব্যমণি ৰায় নামৰ যুৱকজনৰ বাইকৰ খুন্দাত আহত হয় আৰক্ষী জোৱানজন।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.