ETV Bharat / city

চামগুৰিত ফুটগধূলিতে ডকাইতৰ গুলীত আহত গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বত্বাধিকাৰী

author img

By

Published : May 10, 2022, 8:35 PM IST

Updated : May 10, 2022, 9:17 PM IST

নগাঁৱৰ চামগুৰিত ডকাইতিৰ চেষ্টা । দুৰ্বৃত্তৰ গুলীত আহত স্থানীয় এটা গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বত্বাধিকাৰী (Firing in Samaguri)। মুমূৰ্ষ অৱস্থাত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি ।

Firing in Samaguri
Firing in Samaguri

নগাঁও, 10 মে’: নগাঁও জিলাৰ চামগুৰিত মঙলবাৰে সন্ধিয়া সংঘটিত হয় এটা গুলীচালনাৰ ঘটনা (Firing at Samaguri) । দুৰ্বৃত্তৰ গুলীত গুৰুতৰভাৱে আহত হৈছে স্থানীয় গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বত্বাধিকাৰী (CSP owner injured in firing at Samaguri)। নগাঁৱৰ মৰি পুতিখাইতিৰ এটা গ্ৰাহক সেৱা কেন্দ্ৰ(CSP)ৰ স্বত্বাধিকাৰী হুমায়ুন কবিৰে নিজৰ বন্ধুৰ সৈতে তিনি লাখ ২০ হাজাৰ টকা লৈ গৃহাভিমুখে গৈ থকা অৱস্থাত বাইকত অহা দুজনীয়া দুৰ্বৃত্তৰ দলে আগভেটি ধৰে ।

চামগুৰিত ফুটগধূলিতে ডকাইতৰ গুলীত আহত গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বত্বাধিকাৰী

গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বত্বাধিকাৰী হুমায়ুন কবিৰৰ পৰা ধনৰ বেগটো কাঢ়ি নিয়াৰ বাবে প্ৰথমে শূন্যলৈ দুই-তিনি জাঁই গুলীচালনা কৰাৰ পিছত হুমায়ুনলৈ উপৰ্যুপৰি কেইবাজাঁই গুলীচালনা কৰে দুৰ্বৃত্তৰ দলটোৱে । দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় হুমায়ুন কবিৰ । পিছত স্থানীয় লোকৰ তৎপৰতাত লোকজনক মুমূৰ্ষু অৱস্থাত উদ্ধাৰ কৰি নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

আহত হুমায়ুন কবিৰে মূৰত গুলীবিদ্ধ হোৱাৰ সন্দেহ কৰা হৈছে যদিও সবিশেষ এতিয়াও জানিব পৰা হোৱা নাই । অৱশ্যে দুৰ্বৃত্তৰ দলটোৱে হুমায়ুন কবিৰৰ পৰা নিব নোৱাৰিলে ধনৰ টোপোলা ।

লগতে পঢ়ক : গুৱাহাটীৰ ৰাজপথৰ পৰা অন্তৰ্ধান ৩৩৩ খন চিটিবাছ !

Last Updated :May 10, 2022, 9:17 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.