ETV Bharat / city

গুৱাহাটীৰ ৰাজপথৰ পৰা অন্তৰ্ধান ৩৩৩ খন চিটিবাছ !

author img

By

Published : May 10, 2022, 6:40 PM IST

city-buses-requisition-for-public-meeting-of-amit-shah
গুৱাহাটীৰ ৰাজপথৰ পৰা অন্তৰ্ধান ৩৩৩ খন চিটিবাছ !

ভি ভি আই পি আহিলেই গুৱাহাটীৰ ৰাজপথৰ পৰা নাইকিয়া হয় চিটি বাছ । হাঁহাকাৰ কৰিবলগীয়া হয় সাধাৰণ যাত্ৰীয়ে । অমিত শ্বাহৰ অসম ভ্ৰমণৰ (Amit shah Assam visit) বাবে গুৱাহাটীত দৈনিক চলাচল কৰি থকা ৩৩৩ খন চিটি বাছ অধিগ্ৰহণ কৰা হৈছে ।

গুৱাহাটী,১০ মে: ভি ভি আই পি আহিলেই গুৱাহাটীৰ ৰাজপথৰ পৰা নাইকিয়া হয় চিটি বাছ । ফলত হাঁহাকাৰ কৰিবলগীয়া হয় সাধাৰণ যাত্ৰীয়ে (Guwahatians facing transport problem during VVIP visit) । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ বাবে যাতায়াতৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে গুৱাহাটী চহৰৰ সাধাৰণ জনতা । তিনিদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কেইবাটাও চৰকাৰী অনুষ্ঠানত অংশ গ্ৰহণ কৰে ।

গুৱাহাটীৰ ৰাজপথৰ পৰা অন্তৰ্ধান ৩৩৩ খন চিটিবাছ !

হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এবছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে মঙলবাৰে খানাপাৰাত অনুষ্ঠিত বিশাল জনসভালৈ মানুহ কঢ়িওৱাৰ বাবে গুৱাহাটীত দৈনিক চলাচল কৰি থকা ৩৩৩ খন চিটি বাছ অধিগ্ৰহণ কৰা হৈছে । ইয়াৰ বাবে গুৱাহাটীত মঙলবাৰে চিটি বাছৰ নাটনি হোৱাৰ ফলত মহানগৰবাসীয়ে যাতায়তৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে ।

চিটিবাছ নথকাৰ বাবে ঘন্টাৰ পিছত ঘন্টাজুৰি বাছ আস্থানত অপেক্ষা কৰিবলগীয়া হৈছে সাধাৰন জনতা । আনহাতে ইয়াৰ গইনা লৈ একাংশ অটো চালক, ৰিক্সাৱালাই দুগুন তিনিগুন ভাড়া বৃদ্ধি কৰিছে । অনকি ৰেপিডো, অ'লা, উবেৰৰ দৰে কেব সেৱা সমূহেও যাত্ৰীৰ পৰা নিৰ্ধাৰিত নিৰিখতকৈ অধিক ভাড়া আদায় কৰিবলৈ লৈছে ।

বহু যাত্ৰীয়ে উপায়হীন হৈ খোজকাঢ়ি গন্তব্য স্থানলৈ যাবলৈ বাধ্য হৈছে । মহানগৰীত বৰ্তমান কেইখনমান চিটি বাছ চলি আছে যদিও সেই কেইখনে পান জপা দি যাত্ৰী কঢ়িয়াই অনা পৰিলক্ষিত হৈছে । গুৱাহাটীত চিটিবাছৰ নাটনি সন্দৰ্ভত সদৌ অসম মটৰ পৰিহন সন্থাৰ সচিব প্ৰধান প্ৰদীপ দাসে কয় যে গৃহমন্ত্ৰীৰ জনসভালৈ (Public meeting of Amit Shah in Guwahati) মানুহ কঢ়িয়াবলৈ ৩৩৩ খন চিটিবাছ অধিগ্ৰহণ কৰা হৈছে । মঙলবাৰে গুৱাহাটীত প্ৰায় ১০খনমানহে চিটিবাছ চলাচল কৰি আছে । মহানগৰীৰ কিছুমান পথৰ পৰা চিটি বাছ অন্তৰ্ধান হৈছে ।

মহানগৰীত দৈনিক চিটিবাছ ৫০০-৫৫০খন চলে । কিন্তু ইয়াৰে ৩৩৩ খন চিটিবাছ অধিগ্ৰহণ কৰাৰ লগতে আৰক্ষী, প্ৰশাসনে কেইবাখনো চিটি বাছ অধিগ্ৰহণ কৰাৰ পিছত প্ৰায় ১০খন মানহে চিটিবাছ চলি আছে। সেইকেইখন চিটিবাছ মহানগৰবাসীৰ যাতায়তৰ প্ৰয়োজন পূৰাবলৈ যথেষ্ট নহয় ।

লগতে পঢ়ক : প্ৰথম বছৰৰ খতিয়ান: কিহত সফল, কিহত বিফল ড৹ শৰ্মাৰ চৰকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.