ETV Bharat / city

দিল্লীৰ ওচৰত আঠু লৈ জীয়াই আছে অসম চৰকাৰ : লুৰীণজ্যোতি গগৈ

author img

By

Published : May 10, 2022, 10:10 PM IST

এইখন চৰকাৰ দিল্লীৰ ওচৰত আঠু লৈ জীয়াই আছে । চৰকাৰখনৰ বৰ্ষপূৰ্তি উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে চৰকাৰৰ কামকাজক লৈ এইদৰে অসন্তুষ্টি প্ৰকাশ কৰে অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ৷ গগৈৰ অভিযোগ, চৰকাৰখনে বিদ্যালয়ৰ পৰা মাতৃভাষা নোহোৱা কৰাৰ বাবে কৌশলপূৰ্ণ ষড়যন্ত্রত লিপ্ত হৈছে ।

Lurinjyoti Gogoi on first anniversary of Himanta government
দিল্লীৰ ওচৰত আঠু লৈ জীয়াই আছে অসম চৰকাৰ : লুৰীণজ্যোতি গগৈ

গুৱাহাটী,১০ মে' : অসম চুক্তিৰ ৬নং দফা সন্দৰ্ভত মুখ্যমন্ত্রী হিমন্তবিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে বিগত এবছৰত কোনো ধৰণৰ কামকাজ নকৰিলে । এই অভিযোগ অসম জাতীয় পৰিষদ চমুকৈ এজেপিৰ সভাপতি লুৰীণজ্যোতি গগৈৰ । হিমন্তবিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনৰ এবছৰ সম্পূর্ণ হোৱাত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে এজেপিৰ সভাপতিগৰাকীয়ে (Lurinjyoti Gogoi react on government's anniversary) ।

দিল্লীৰ ওচৰত আঠু লৈ জীয়াই আছে অসম চৰকাৰ : লুৰীণজ্যোতি গগৈ

তেওঁ চৰকাৰখনক বৰ্ষপূৰ্তি উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰি চৰকাৰৰ কামকাজক লৈ অসন্তুষ্টি প্ৰকাশ কৰে । তেওঁ কয় যে ৬নং দফা সম্পৰ্কীয় উচ্চ পৰ্যায়ৰ কমিটিয়ে দিয়া প্ৰতিবেদন বিগত দুটা বছৰে কেন্দ্ৰীয় গৃহমন্ত্রীৰ হাতত নপৰিল । চৰকাৰখনে ৬নং দফাৰ যোগেদি সাংবিধানিক ৰক্ষা কবচ দিম বুলি প্ৰতিশ্ৰুতি দিছিল । খিলঞ্জীয়াৰ ৰাজনৈতিক অধিকাৰ (political rights of indigenous people of Assam) সুৰক্ষিত কৰাৰ কথা কৈছিল ।

কিন্তু এইক্ষেত্রত চৰকাৰখনে কোনো কাম নকৰিলে । অসমীয়া জাতীয় জীৱনৰ প্ৰতি তেওঁলোকৰ যে কোনো ধৰণৰ দায়বদ্ধতা নাই সেই কথা প্ৰমাণ কৰিছে । তেওঁ লগতে কয় যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে দিয়া প্ৰতিশ্ৰুতিৰ ক্ষেত্রত চৰকাৰখনে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে । আনহাতে চৰকাৰখনে এখন ত্ৰুটিহীন ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী দিয়াৰ ক্ষেত্রত বিগত এবছৰে কোনো ধৰণৰ কামকাজ নকৰিলে ।

এন আৰ চিক লৈ তেওঁলোকে কেৱল ৰাজনীতি কৰাৰ কথাটো স্পষ্ট ৰূপত প্ৰকাশ পাইছে বুলি তেওঁ কয় । তেওঁ অভিযোগ কৰি কয় যে চৰকাৰখনে বিদ্যালয়ৰ পৰা মাতৃভাষা নোহোৱা কৰাৰ বাবে কৌশলপূৰ্ণ ষড়যন্ত্রত লিপ্ত হৈছে । বিগত এটা বছৰত চৰকাৰখনৰ জনবিৰোধী নীতি স্পষ্ট ৰূপত প্ৰকাশ পাইছে বুলি তেওঁ অভিযোগ কৰে । তেওঁ লগতে কয় যে এইখন চৰকাৰ দিল্লীৰ ওচৰত আঠু লৈ জীয়াই আছে ।

লগতে পঢ়ক: তৰুণ গগৈ ছাৰ, ৰাহুল বাবা আৰু অমিত শ্বাহ...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.