ETV Bharat / bharat

DGCAৰ অনুসন্ধানকাৰী দলে এসপ্তাহত সংগ্ৰহ কৰিব ইণ্ডিগ' ঘটনাৰ তথ্য: জ্য়োতিৰাদিত্য সিন্ধিয়া

author img

By

Published : May 10, 2022, 10:30 PM IST

এটা বিশেষ ঘটনাই জোকাৰিছে সমগ্ৰ দেশ । ৰাঁচী বিমান বন্দৰত এটি বিশেষভাৱে সক্ষম শিশুক বৰ্ডিঙৰ পৰা বঞ্চিত কৰিছিল ইণ্ডিগ' বিমানৰ কৰ্তৃপক্ষই (Specially abled child barred from boarding Indigo flight) । মূহুৰ্ততে ভাইৰেল হৈ পৰিছিল সেই ভিডিঅ । এই লৈ তাৎক্ষণিক পদক্ষেপ বিমান মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ(Scindia on Indigo incident) । এসপ্তাহৰ ভিতৰত ঘটনাৰ প্ৰমাণ সংগ্ৰহৰ নিৰ্দেশ DGCAক (Scindia on DGCA factfinding team) ।

DGCAৰ তথ্য অনুসন্ধানকাৰী দলে এসপ্তাহত সংগ্ৰহ কৰিব ইণ্ডিগ' ঘটনাৰ প্ৰমাণ: জ্য়োতিৰাদিত্য সিন্ধিয়া
DGCAৰ তথ্য অনুসন্ধানকাৰী দলে এসপ্তাহত সংগ্ৰহ কৰিব ইণ্ডিগ' ঘটনাৰ প্ৰমাণ: জ্য়োতিৰাদিত্য সিন্ধিয়া

নেশ্যনেল ডেস্ক,১০ মে': সোমবাৰে ৰাঁচী বিমান বন্দৰত সংঘটিত এক ঘটনাক লৈ তোলপাৰ সমগ্ৰ দেশত । ৰাঁচী বিমান বন্দৰত এটি বিশেষভাৱে সক্ষম শিশুক বৰ্ডিঙৰ পৰা বঞ্চিত কৰিছিল ইণ্ডিগ' বিমানৰ কৰ্তৃপক্ষই(Specially abled child barred from boarding Indigo flight) । মূহুৰ্ত্বতে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল সেই ভিডিঅ'। সকলোৱে তীব্ৰ গৰিহণা দিছিল এই কাণ্ডক । সমগ্ৰ বিষয়ত হস্তক্ষেপ বিমান মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ(Scindia on Indigo incident) ।

ইয়াৰ পিছতে ঘটনাৰ তদন্ত ঘোষণা কৰে সিন্ধিয়াই । এসপ্তাহৰ ভিতৰত DGCA(Directorate General of Civil Aviation)ক সমগ্ৰ ঘটনাৰ প্ৰমাণ সংগ্ৰহৰ নিৰ্দেশ দিয়ে বিমান মন্ত্ৰীগৰাকীয়ে(Scindia on DGCA factfinding team) । এক বিশেষ টুইটযোগে মন্ত্ৰীগৰাকীয়ে কয় যে ঘটনাটোৰ সংবেদনশীলতাৰ প্ৰতি লক্ষ্য ৰাখি DGCAৰ অধীনত ৩ জনীয়া এটা দলে অনুসন্ধান আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হৈছে । তেওঁলোকে ৰাঁচী আৰু হায়দৰাবাদ ভ্ৰমণ কৰি আজিৰ পৰা এসপ্তাহৰ ভিতৰত উপযুক্ত প্ৰমাণ সংগ্ৰহ কৰিব ।

সিন্ধিয়াই ইণ্ডিগ'ৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰি ঘটনাটোৰ পুংখানুপুংখভাৱে তদন্ত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল । লগতে তেঁও কয় যে এনেধৰণৰ আচৰণৰ প্ৰতি চৰকাৰে শূণ্যসহনশীল নীতি প্ৰয়োগ কৰিব । সমগ্ৰ বিষয়টো বৰ্তমান চৰ্চাৰ শীৰ্ষত ।

লগতে পঢ়ক: Blast in Punjab IB office : ৰকেট সদৃশ অস্ত্ৰৰে পাঞ্জাৱৰ ইণ্টেলিজেঞ্চ ব্যুৰ'ৰ মুখ্য কাৰ্যালয়ত আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.